ডুব যাও মই প্ৰেম সাগৰত
আকলুৱা মৰমে তোমাকে বিচাৰে ,
তুমিনো আছা গৈ ক'ত ?
আজিও মোৰ হৃদয়ৰ নিভাঁজ কোণত,
তোমাৰ মৰমবোৰ সাৱতি ৰাখিছো ।
তুমি ছাগে অনুভৱ কৰিছা মোৰ হৃদয়ৰ কোমল অনুভূতিবোৰ
কোনে দিব তোমাক
আজি সেই মৰম ভাল পোৱাবোৰ ,
এতিয়া মাথো পাগলৰ দৰে হাঁহিছো কেৱল হাঁহিছো ।
কিয় জানো ?
আজিও বলিয়া মনে
বুজনি নামানে ।
এই নিলজ হৃদয়খনে
এতিয়াও বাৰে বাৰে
তোমাৰ কাষলৈ উৰা মাৰে
মাথো তোমাকে বিচাৰে ।
ৰঞ্জু গায়ন বৰুৱা
নামৰূপ
ফোন নং - ৯৯৫৪১২৬৩৪৬