শৰৎৰ নান্দনিক পৰিবেশৰ মাজতে বি,চি,ব্লক, মাদুলি বাৰি বাসীৰ মাজত ৰাস মহোৎসৱৰ তৎপৰতা

Rinku Rajowar
1
অসমৰ চৌদিশে বৰ্তমান শাৰদীয় ৰাস মহোৎসৱৰ মহাপ্ৰস্তুতি। শৰতৰ নান্দনিক পৰিবেশে পূৰ্ণিমাৰ জোনাকে পোহৰ আলোকিত কৰি সকলোৰে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা কেন্দ্ৰ বিন্দু হৈ পৰিছে। ৰাস মহোৎসৱে ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধা, কন-কন লৰা-ছোৱালী সকলোৰে মনত আনন্দ। উলাহৰ জোৱাৰ তুলি সুখৰ বতৰা কঢ়িয়াই আনিছে।
শৰতৰ পূৰ্ণিমা ৰাতি ভগৱান শ্ৰীকৃষ্ণই ৰাস লীলাৰে বৃন্দাবন জ্যাতিস্কাৰ কৰি তুলিছিল আৰু সেই পৰম্পৰা বৰ্তমান ৰাস মহোৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ বা পালন কৰো।ৰাসৰ বতৰাই কঢ়িয়াই আনে জাতি জনগোষ্ঠীয় মিলা প্ৰিতিৰ বতৰা। ৰাস মহোৎসৱ অনুষ্ঠানে মানুহৰ মাজত বন্ধুত্ব,আপোন ভাৱৰ প্ৰকাশ ঘটাই সম্পৰ্ক বোৰ মজবুত কৰি ৰাখে।
অসমৰ ভিন্ন প্ৰান্তত ৰাস মহোৎসৱৰ প্ৰস্তুতি তীব্ৰ গতিত চলি আছে তাৰ সমান্তৰাল ভাৱে বি,চি,ব্লক, মাদুলি বাৰি বাসী ৰাইজ পিছপৰি নাথাকি সকলোৰে সহযোগত ১৮ নৱেম্বৰ ২০২১ ইং তাৰিখৰ পৰা ৬৪ সংখ্যক ৰাস মহোৎসৱৰ সাত দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে দীঘলদঙা ৰাস মহোৎসৱ প্ৰাংগনত আয়োজন সমিতিয়ে প্ৰস্তুতি হাতত লৈছে। বি,চি,ব্লক, মাদুলি বাৰি বাসীৰ সহযোগত ১৯৫৭ চনৰ পৰা বৰ্তমান পৰ্যন্ত ৰাস মহোৎসৱ আনুষ্ঠানিক ভাৱে উৎযাপন কৰি অহা হৈছে।
তাহানিৰ তুলনাত বৰ্তমান আধুনিকীকৰণ ফলস্বৰূপে ৰাস মহোৎসৱ সুন্দৰকৈ সজাই দেখিবলৈ আকৰ্ষণ কৰি তুলিবলৈ সক্ষম হৈছে। সময় ভেদে ৰাস মহোৎসৱ স্থলীলৈ ভিন্ন প্ৰান্তৰ ৰাইজ আহি ৰাস প্ৰাংগন ভৰি পৰে। চৌকাশ উদুলী মুদুলি পৰিবেশে জাকত জিলিকা হৈ সকলেৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। 
বি,চি,ব্লক, মাদুলী বাৰি বাসীৰ ৰাইজে বৰ্তমান এই ৰাস মহোৎসৱৰ ধাৰা অব্যাহত ৰাখিব পৰাৰ অন্তৰালত মহান ব্যক্তি সকলৰ অশেষ ত্যাগ, স্বীকাৰ,পৰিশ্ৰমৰ ফলত সম্ভৱহৈ উঠিছে। সেই মহান নমস্য ব্যক্তি সকলৰ ভিতৰত বি,চি,ব্লক, মাদুলীবাৰী ৰাস মহোৎসৱৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে আছিল স্বৰ্গীয় বীৰ বাহাদুৰ ভট্টৰায় দেৱ আৰু প্ৰতিষ্ঠাপক সম্পাদক হিচাপে আছিল স্বৰ্গীয় গৰ্গেশ্বৰ নাথ দেৱ আৰু তেতিয়াৰ সময়ত সভাপতি, সম্পাদকৰ লগত বিশেষ ভাবে প্ৰতিটো দিশতে সহায় সহযোগিতা আগবঢ়োৱা স্বৰ্গীয় মহান নমস্য ব্যক্তি সকলৰ অক্লান্ত পৰিশ্ৰম ত্যাগৰ ফলত ৰাস মহোৎসৱ উদযাপন কৰিবলৈ সক্ষম হৈছিল।
এই চাগতে সেই সকল মহান ব্যক্তিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।
এই বেলিও তাৰ ব্যতিক্ৰম নহয় বি,চি,ব্লক, মাদুলি বাৰি ৰাইজৰ সহযোগত ভিন্ন কাৰ্যসূচী হাতত লৈ ৰাস প্ৰাঙ্গন  জ্যাতিস্কাৰ কৰি আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে পৰিগণিত কৰিবলৈ বিশেষ কাৰ্য্যসূচী হাতত লৈছে। আপোনালোকেও সময় মিলাই বি,চি,ব্লক, মাদুলি বাৰি ৰাস মহোৎসৱৰ প্ৰাংগনত আহি বৰ্নাঢ্য অনুষ্ঠান সমূহৰ প্ৰকৃত মাদকতা বিচাৰি পবলৈ আহিব। আপোনালোকৰ উপস্থিতিয়ে আয়োজক সমিতি খনে আৰু অধিক উৎসাহেৰে এই মহান অনুষ্ঠানটি পৰিচালনা কৰিবলৈ সুবিধা হ'ব বুলি ভাবোঁ।

✍️কনমনি নাথ(বাক্সা)

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. আলৌকিত আৰু বৰ্ণিধ্যায় শব্দ কেইটা ভুল হৈছে।

    ReplyDelete
Post a Comment