সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) লাচিত দিৱস কেতিয়া পালন কৰা হয়?
উ÷২৪ নৱেম্বৰ ।

২)অসম দিৱস কেতিয়া পালন কৰা হয়?
উ÷২ ডিচেম্বৰ ।

৩) অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছে?
উ÷বৰপেটা, নলবাৰী আৰু কামৰূপ ।

৪)পোন প্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল?
উ÷মাধৱ কন্দলী ।

৫) পোন প্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল?
উ÷ৰাম সৰস্বতী ।

৬) ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস খনৰ নাম কি?
উ÷মিৰি-জিয়ৰী ।

৭) ভক্তি-ৰত্নাৱলী কোনে ৰচনা কৰিছিল?
উ÷শ্ৰী শ্ৰীমাধৱদেৱ ।

৮) শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উ÷কীৰ্তনঘোষা ।

৯) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উ÷নামঘোষা ।

১০) অসমৰ সৈনিক স্কুল কোনখন ঠাইত অৱস্থিত?
উ÷ গোৱালপাৰা জিলাৰ মৰনৈ ।

১১) অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল?
উ÷যোৰহাট ।

১২) অসমৰ"College of Fisheries Science" ক'ত অৱস্থিত?
উ÷ৰহা ।

১৩)ঢলা-শদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?
উ÷লোহিত ।

১৪) "বিহু সম্ৰাট" বুলি কোনজন ব্যক্তিক জনা যায়?
উ÷খগেন মহন্ত ।

১৫) অসমৰ কোনখন ঠাইক সত্ৰ-নগৰী হিচাপে জনা যায়?
উ÷বৰপেটা ।

১৬) অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলিও জনা যায়?
উ÷হাফলং ।

১৭) অসমৰ কোনখন চহৰক"The Cultural Capital of Assam" বুলি কোৱা হয়?
উ÷ যোৰহাট ।

১৮) অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয় খনৰ নাম কি?
উ÷জগন্নাথ বৰুৱা কলেজ, যোৰহাট ।

১৯) কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰে?
উ÷২০১৬ চনৰ ৮ ছেপ্টেম্বৰ ।

২০) অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন মুক্ত হিচাপে ঘোষণা কৰা হৈছে?
উ÷মাজুলী ।

২১)UNESCO ৰ দ্বাৰা কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ (World Heritage Site) হিচাপে স্বীকৃতি দিয়া হৈছে?
উ÷১৯৮৫ চনত ।

২২) কিমান চনত BTC গঠন হৈছিল?
উ÷২০০৩ চনত ।

২৩) নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷ কাৰ্বি আংলং ।

২৪) শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল?
উ÷১৫৬৮ চনত ।

২৫)শ্ৰী শ্ৰীমাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল?
উ÷ ১৫৯৬ চনত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)