আঘোণ...সঁচাকৈয়ে মন প্ৰাণ শিহৰিত কৰা,সৌন্দৰ্য্যৰ সমাবেশৰ এক মধুময় সময়।ৰূপ সৌন্দৰ্য্য তথা তাৎপৰ্যৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰা ই এক মনোৰম অধ্যায়।শৰতৰ নিৰ্মল আৱেগ-অনুকম্পাৰ অন্তত,হেমন্তৰ আঁচলৰ আঁৰত লুকা-ভাকু খেলি,কুঁৱলীৰ ওৰণি টানি ধৰাৰ বুকুলৈ নামি আহে প্ৰকৃতিৰ সোণোৱালী মাহ আঘোণ।সোণগুটিৰ পৰশত আঘোণৰ পথাৰত বলে যৌৱনৰ ধুমুহা।কৃষকৰ সাঁচতিয়া সপোনবোৰে প্ৰাণ পাই উঠে আঘোণৰ পথাৰত।শাওণৰ হাড় ভঙা পৰিশ্ৰমৰ অন্তত যেন কৃষকৰ দুচকুত তিৰবিৰাই তোলে জীয়াই থকাৰ হেপাহবোৰে।সোণগুটিৰ ভৰত দোৰোল খোৱা ধাননি পথাৰৰ মোহনীয়া ৰূপ চাই আনন্দত আত্মহাৰা হৈ পৰে চহা কৃষকৰ মন।হৃদয়ত আশাৰ প্ৰদীপ জ্বলোৱা পথাৰৰ লখিমীৰ মোহনীয়া ৰূপে কৃষকৰ মনত সিঁচি দিয়ে প্ৰাপ্তিৰ মাদকতা। দুচকুত হাজাৰ সপোনে হাত বাউলি মাতে,এক স্বস্তিৰ নিশ্বাস,হয়তো অন্ত পৰিব অভাৱ অনাটনে জুৰুলা কৰা আৰ্থিক অৱস্হাৰ ডুখৰীয়া ছবিখন।আঘোণ বুলিলেই মনলৈ আহে একো একোটি সহজাত দৃশ্য-
সোণোৱালী পথাৰ,হাঁহিৰ খিলখিলনি ,এছাটি হৃদয় জুৰোৱা বতাহ,নৰা-পেপাৰ শব্দ,কুঁৱলীৰ প্ৰকোপেও স্তব্ধ কৰিব নোৱাৰা দাৱনীৰ ধান দোৱাৰ দৃশ্য।লগতে আকৌ ৰবাব টেঙাৰ সোৱাদ।
কিন্তুু সময়ৰ পৰিৱৰ্তন আঘোণৰ মাদকতা যেন কিছু ব্যাহত হ'ব ধৰিছে।সময়ৰ ব্যতিক্ৰমতাত আঘোণো যেন পিছপৰি ৰোৱা নাই।ক্ৰমাৎ যেন স্বকীয় মৰ্য্যাদা হেৰুৱাৰ দিশত।
যি কি নহওক,আঘোণৰ সেই মাদকতা হেৰাই গ'লেও,শাওণৰ বাটেদি প্ৰকৃতিৰ নিজস্ব প্ৰতিশ্ৰুতিৰে যিদৰে আঘোণ আহে,তেনেদৰেই অনন্ত কাললৈও ই একেদৰেই আহি থাকিব আৰু ধৰাৰ বুকুত সিঁচি যাব আঘোণৰ চিনাকী সেই অনুভূতিৰ গোন্ধ...।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ