শোকগাথা- মনীষা কোঁৱৰ

নৈখনে নুবুজে
চিনাকী অৰণ্যখনৰ মৰমৰ কথা
দুপাৰ খহাই 
বিশাল সেউজীয়া বুকু।

অতি নিৰ্দয় ভাৱে বিদাৰি
অবাধে মিলি যায় 
সাগৰৰ স'তে,
অৰণ্যই চকুলো টোকে 
এন্ধাৰৰ আঁৰ লৈ
নিৰৱে নিৰলে!!

নিশাৰ আকাশত মাথোঁ
তৰাৰে দুখৰ  কবিতা।

Post a Comment

Previous Post Next Post