কভিডৰ সময়ৰ কথাবোৰেৰে-অজয় লিম্বু

©Admin
0
জীৱ শ্ৰেষ্ঠ মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় বিকাশ ঘটাই সভ্যতাৰ চূড়ান্ত পৰ্য্যায়ত উৰ্ত্তীণ হোৱাৰ সময়তে কৰ'ণা  ভাইৰাছ বা covid-19 য়ে জীৱ শ্ৰেষ্ঠৰ এনে কাৰচাজিক প্ৰত্যাহ্বান জনাইছে। কৰ'না মহামাৰীৰ বাবে জীৱকুলৰ যি ক্ষতি সাধন হ'ল সেয়া গণনাতিত। ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্ববাসীয়ে যি অলপ সফলতা লাভ কৰিছে সেয়া বিশ্বৰ বিজ্ঞানী সমাজৰ বাবে সম্ভৱ হৈছে।এতেকে বিশ্বৰ বিজ্ঞানী সমাজ সঁচাই ধন্যবাদ আৰু প্ৰশংসাৰ পাত্ৰ।
      ভাৰতত কৰ'ণা মহামাৰী আৰু অলপ চিন্তা-দুশ্চিন্তা :
     চীনৰ Wuhan চহৰৰ ৱেত মাৰ্কেট (বিভিন্ন জীৱ জন্তুৰ কেঁচা মাংস বেছা-কিনাৰ কেন্দ্ৰ ) ৰ পৰা কৰ'ণা ভাইৰাছ বিয়পা কথাটো বিশ্বৰ সকলো দেশে স্বীকাৰ কৰিছে(চীনক বাদ দি)। বৰ্তমান সময়ত বিশ্বৰ প্ৰায় বিলাক দেশেই কৰʼণাত আক্ৰান্ত হৈছে। যদিও আৰম্ভণি কালছোৱাত ইটালী,USA,UK আদি দেশ বেছিকৈ প্ৰভাৱিত হৈছিল।কৰʼণা মহামাৰী ভাৰতবৰ্ষ পাওঁ মানে  ভাৰতে নিজকে প্ৰস্তুত কৰিবলৈ  যথেষ্ট সময় পাইছিল।আৰম্ভণিৰ কালছোৱাত ভাৰতে কৰʼণা প্ৰতিৰোধ কৰিবলৈ  গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাত পলম  কৰিছিল। এই কথা আমি সকলোৱে জানো।নাটকীয় ভাৱে কি দৰে কৰʼণা নিয়ন্ত্ৰণৰ সিদ্ধান্তসমূহ ৰাতিটোৰ ভিতৰতে লোৱা হৈছিল। লকডাউন ঘোষণা কৰাত চৰকাৰে পলম কৰিছিল। ইপিনে কৰʼণাৰ  বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে যি লকডাউনৰ বিধিসমূহ জাৰি কৰিছিল তাতো নানান বিসংগতি দেখা গৈছিল। লকডাউনৰ গাইডলাইন বোৰত কোৱা হৈছিল অতি আৱশ্যকীয় মেডিকেল আৰু গেলামালৰ বিপনী সমূহ খোলা থাকিব।কিন্তু এই সমূহ জনসাধাৰণে কেনেকৈ লাভ কৰিব সেই সম্পৰ্কে কোনো স্পষ্ট  নিৰ্দেশনা নাছিল। এইসমূহ লাভ কৰিবলৈ যাওঁতে পুলিচে সাধাৰণ জনতাক অতি নিৰ্মমভাৱে লাঠি চাৰ্জ কৰিছিল। ইয়াকে দেখুৱাই কিছুমান বৈদ্যুতিক মাধ্যমৰ চেনেলবোৰে মানুহখিনিক দায়িত্ববোধ  সম্পৰ্কীয় জ্ঞান দিছিল।আকৌ সেই একে সংবাদ মাধ্যমে কৈছিল অতি প্ৰয়োজনৰ সময়তহে ঘৰৰ পৰা ওলাই আহক???
  লকডাউনৰৰ বাবে প্ৰতিষ্ঠান সমূহ বন্ধ কৰি দিয়াত দিন-হাজিৰা কৰা শ্ৰমিক সমূহৰ না-জল না-থল অৱস্থাৰ সৃষ্টি হৈছিল।সেইখিনি সময়তে অতি দুখজনক আৰু ভয়াৱহ খবৰবোৰ আহিবলৈ লৈছিল।ক'ৰবাত যদি কোনোবাই খাবলৈ নাপাই ভুকত মৰিছে।ক'ৰবাত আকৌ ৰেলৰ লাইনত শুই থকা অৱস্থাতে ৰেলে কাটি মাৰিছে। নিজৰ ৰাজ্যৰ পৰা বেলেগ ৰাজ্যলৈ গৈ কাম কৰা  শ্ৰমিকসকল বেছি সমস্যাত পাৰিছিল। যাতায়াত আৰু পৰিবহণ ব্যৱস্থাসমূহ বন্ধ কৰি দিয়াত খোজ কাঢ়ি কাঢ়িয়ে নিজৰ গন্তব্যস্থললৈ যাব লগাত পৰিছিল। ৰাজ্যখনৰ বাহিৰত থকা লোকসকল নিজৰ ৰাজ্যলৈ  আহিব পৰা নাছিল।
     তবলীগী জামাত, এক্ট অব গদ,-২৩% ইত্যাদি:
    আৰম্ভণি কালছোৱাত যি সময়ত ভাৰতবৰ্ষৰ বাকীবিলাক ৰাজ্য কৰ'ণাত ককবকাই আছিল সেই সময়ত অসমৰ পৰিস্থিতি ভালেই আছিল। এই ক্ষেত্ৰত ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা  সেইসময়ৰ স্বাস্থ্য মন্ত্ৰীৰ ভূমিকা আছিল অতি বলিষ্ঠ। সেইখিনি সময়তে অসমৰ পৰা দিল্লীলৈ  নিজামুদ্দিনৰ মাৰ্কাজত অংশ ল'বলৈ যোৱা ব্যক্তিৰ দেহত ক'ভিড ধৰা পৰাত অসমত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ে। পিছে সেই সময়ত নিজামুদ্দিনৰ নামত যিমান হৈ চৈ কৰা হ'ল, এটা বিশেষ ধৰ্মক যিদৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল,সময়ত সেইটো ভুল  বুলি প্ৰতিপন্ন হ'ল। 
      নক'লেও হ'ব ক'ৰণাৰ পূৰ্বৰে পৰা ভাৰতৰ অৰ্থনীতিয়ে এক সংকটৰ মাজেৰে গতি কৰি আহিছিল। চৰকাৰৰ দ্বাৰা লোৱা ভুল সিদ্ধান্তই এইবিলাকৰ বাবে দায়ী।তেনেস্থলত ক'ৰণা প্ৰতিৰোধৰ যুঁজখনত ভাৰতে যথেষ্ট সমস্যাৰ সম্মুখীন হ'ব লগত পৰিছিল।ভাৰতবৰ্ষই আগৰে পৰা বিত্তীয় ঘাটিৰ মাজেৰে চলি  আহিছিল।ৰাজকোষত ধন বেছি মজুত নাছিল।
      ভাৰতত কৰ'ণা পূৰ্ণ পৰ্যায়ত চলি থকা সময়ত অতি হতাশাজনক খবৰটো আহিছিল ভাৰতৰ GDP -২৩% লৈ অৱনমিত হৈছে। কৰ’ণা ৰ বাবে সকলো অৰ্থনৈতিক কামকাজ বন্ধ হৈ যোৱাত GDP হ্ৰাস পোৱাতো স্বাভাৱিক আছিল। যদিও ভাৰতৰ GDP আশা কৰা ধৰণতকৈও যথেষ্ট অৱনমিত হৈছিল। 
    কৰʼণাৰ বিৰুদ্ধে যুঁজবলৈ চৰকাৰে ন ন আঁচনি হাতত লৈছিল। অৰ্থনীতিক পুৰ্নজীৱিত কৰি তুলিবলৈ বিভিন্ন পেকেজ ঘোষণা কৰা হৈছিল।ইবিলাক সম্পূৰ্ণ ৰূপে সফল নহ'লেও কামত আহিছিল।ইপিনে দেশৰ বিত্তমন্ত্ৰীয়ে কৰা মন্তব্যই দেশৰ অৰ্থ ব্যৱস্থাৰ চৰিত্ৰকে উদঙাই দিছিল। বিত্ত মন্ত্ৰী গৰাকীয়ে কৈছিল “This year we are facing an extraordinary situation...we are facing an ' Act of God' which might even result in a contraction of the economy,to what percent I am not getting that”.!!!
     কৃষি আইন ২০২০, ৰাজধানীৰ কৃষক বিদ্ৰোহ আৰু কিছু উকমকণি:
ভাৰতৰ অৰ্থনীতি কৃষি নিৰ্ভৰশীল অৰ্থনীতি।বৰ্তমানেও মুঠ জনসংখ্যাৰ ৬০% ত কৈও অধিক লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা চলাই আছে।পিছে মুঠ ঘৰুৱা উৎপাদনলৈ কৃষি খণ্ডৰ বৰঙণি অন্যান্য খণ্ডৰ তুলনাত কম । (দেশৰ অৰ্থনীতিক কৃষি ,উদ্যোগ আৰু সেৱা তিনিটা  খণ্ডত ভাগ কৰা হয়) ২০২০-২১ চনৰ এক গণনা অনুসৰি এই হাৰ ১৯.২%। ভাৰতৰ কৃষি খণ্ডটো কৰ সংগ্ৰহৰ পৰা বাহিৰত ৰখা হৈছে বাবে স্বাধীনতাৰ পিছৰে পৰা এই খণ্ডটো বেছিকৈ অৱহেলিত হৈ আহিছে। আৰু খণ্ডটোৰ বৃহৎ সংস্কাৰৰ প্ৰয়োজন আছে। এইক্ষেত্ৰত কৃষি সংস্কাৰবিলাক খেতিয়কৰ স্বাৰ্থ পূৰণ কৰিব পৰা হ'ব লাগে অন্যথা তেনে সংস্কাৰ বৰ্জনীয়। অৱশ্য এইবাৰৰ চৰকাৰে কৰʼণাৰ সুযোগ বুজি সংসদত নিজৰ সংখ্যাগৰিষ্ঠতাৰে যি এক কৃষি আইন প্ৰণয়ন কৰিব বিচাৰিলে সেই আইনে যে কৃষকৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰে সেই কথা সকলোৱে বুজি উঠিছে। প্ৰশ্ন হয় যি সময়ত দেশৰ বিদ্যালয় , মহাবিদ্যালয়,সকলো চৰকাৰী অনুষ্ঠান,প্ৰতিষ্ঠান সমূহ বন্ধ আছিল সেই সময়ত চৰকাৰে চল চাই কৃষক বিৰোধী আইন  প্ৰণয়নত ব্যস্ত আছিল।
    কৃষি আইন ২০২০ কি?
ভাৰতত স্বাধীনতাৰ পিছত জমিদাৰীপ্ৰথাৰ অন্ত পৰাত খেতিয়কে মাটিৰ মালিকানা লাভ কৰে। যদিও প্ৰান্তিয় খেতিয়কসকলে বজাৰত দৰ নিৰ্ণায়কাৰীৰ পৰিৱৰ্তে দৰ গ্ৰহণকাৰীৰ ভূমিকা পালন কৰবলগীয়া হৈছিল।গতিকে কৃষকৰ ন্যায্য দৰ প্ৰাপ্তিৰ বাবে ১৯৬০ চনত APMC ব্যৱস্থাৰ সূচনা কৰা হৈছিল। য'ত কৃষকে নিজৰ উৎপাদিত সামগ্ৰী বজাৰত উচিত মূল্যত বিক্ৰী কৰিব পাৰিছিল। অৱশ্যে ইয়াৰ ফলাফল আশা ব্যঞ্জক নাছিল। সেয়ে APMC ৰ এনে আসোঁৱাহৰ গইনা লৈ ভাৰত চৰকাৰে নতুন আইন সংসদত গৃহীত কৰাৰ কথা ভাবিলে।কৃষি বিধেয়ক ২০২০ খনত মূল তিনিটা বিধেয়ক অন্তৰ্ভুক্ত হৈ আছে। সেই সমূহ হল—
1/The Farmers produce Trade and commerce Act,2020
2/Farmers Agreement on price assurance and Farm service act,2020
3/Essential commodity act,2020
  ইতিমধ্যে বিধেয়কখন ৰাজ্য সভা আৰু লোক সভাত গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতি অনুমোদন লাভ কৰাত আইনত পৰিণত হৈছে। আইনখন প্ৰৱৰ্তন হ'লে কৃষকে নিজৰ সামগ্ৰীৰ দৰৰ স্বাধীনতা হেৰুৱাব। কৃষকৰ সামগ্ৰীৰ দৰ নিৰ্ধাৰণত পুঁজি পতিসকলে একচেটিয়া ক্ষমতা আহৰণ কৰিব।আনকি ভৱিষ্যতে কৃষকে পথাৰত কি উৎপাদন কৰিব তাকো পুঁজি পাতি সকলে নিৰ্ধাৰণ কৰিব পাৰিব।
 আইনখন বাতিলৰ দাবীত দেশৰ বিভিন্ন ঠাইত বিভিন্ন মাধ্যমত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।একেদৰে দেশৰ ৰাজধানী দিল্লী চহৰটো এক বিশাল প্ৰতিবাদী ৰেলী দেখিবলৈ পোৱা গৈছিল।এনে প্ৰতিবাদী কাৰ্যসূচীত পাঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্যৰ কৃষকসকলে বিশেষ ভূমিকা লৈছিল। সাধাৰণ ৰাইজ, সচেতন নাগৰিক,  বুদ্ধিজীৱী,তথা মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ সহাৰি আছিল লেখত ল'বলগীয়া।
চৰকাৰেও এনে আন্দোলনক কঠোৰ হাতেৰে দমন কৰা  পৰিলক্ষিত হৈছিল। আন্দোলন বিপথে পৰিচালিত কৰিবলে বিভিন্ন অজুহাতত আন্দোলনৰ নেতৃবৃন্দক হাৰাশাস্তি দিয়া হৈছিল। জেললৈ নিক্ষেপ কৰা হৈছিল। 

 এটা ত্ৰেজিক ঘটনা:
যোৱাটো অসম বিধানসভা নিৰ্বাচনৰ ফলাফলে অসমৰ ভবিষ্যত বহু পৰিমাণে সলনি কৰিব। ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰাৰে উদুগ্ধ হিন্দুত্ববাদত অগাধ বিশ্বাসী বিজেপি দলে অসমত দ্বিতীয়বাৰৰ বাবে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিলে। কংগ্ৰেছৰ নেতৃত্বত থকা বিৰোধী শিবিৰবিলাক মাত্ৰ ২৬খন আসনতে সীমাবদ্ধ হব লগা হ'ল।ইপিনে কা আন্দোলনৰ ভেটিত আছু আৰু AJYCP ৰ নেতৃত্বই গঢ়া নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ এখনো আসন নোপোৱাত চৰম মুখ থেকেচা খাব লগা হয়।অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলেও মাত্ৰ এখন আসন লাভ কৰে।মুৰকত এইবাৰ বিধানসভাত শক্তিশালী বিৰোধী দলৰ অভাৱ ৰাইজে অনুভৱ কৰিব। ৰাষ্ট্ৰীয়তাবাদত সততে আঞ্চলিক সমস্যা সমুহ তল  পৰি ৰয়। বিজেপিৰ পূৰ্বৰ শাসনকালত গণতান্ত্ৰিক প্ৰমূল্যসমূহৰ অৱক্ষয় ঘটা সকলোৰে পৰিলক্ষিত হৈছে।হিন্দুত্ববাদত মাতাল দলটোৱে নিজৰ আদৰ্শ প্ৰতিষ্ঠাৰ কুচকাৱাজ পূৰ্ণোদমে চলাব। এতিয়া প্ৰশ্ন হ'ব সংবিধানৰ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ , সমাজবাদী চৰিত্ৰসমূহৰ কি হব?? সংবিধানৰ উৰ্দ্ধত গৈ কেৱল নিজৰ দলৰ আদৰ্শ প্ৰতিষ্ঠাৰ নামত এখন চৰকাৰে দেশৰ মৌলিক সমস্যা সমূহ নস্যাৎ কৰাৰ অধিকাৰ কত পায়???সন্ধিক্ষণত বিধানসভাত অখিলৰ ভূমিকা সকলোৱে লক্ষ্য কৰিব।
 মুখনী:
শেষত কব পাৰি যে পূৰ্বৰ কাৰ্য্যকালত চৰকাৰখনে লোৱা কিছুমান ভুল সিদ্ধান্তই বিপৰ্য্যস্ত কৰি তোলা দেশৰ অৰ্থনীতি কৰ’ণা মহামাৰীয়ে অধিক বিধ্বস্ত কৰি তুলিলে।গতিকে উন্নয়নশীল দেশ ভাৰতবৰ্ষই উন্নতিৰ পথত যথেষ্ট বাধাৰ সম্মুখীন হ'বলগীয়া হ'ব। যাত্ৰাপথত সংবিধানৰ প্ৰমূল্যকে আদৰ্শ হিচাপে লৈ আগবাঢ়িব লাগিব,তেহে সকলোৰে কল্যাণ সাধন হ'ব। গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ এখন কল্যাণকামী দেশ হিচাপে ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ সমান উন্নতি সাধন  চৰকাৰখনৰ মূল লক্ষ্য হ'ব লগিব। এইক্ষেত্ৰত সাধাৰণ ৰাইজেও চৰকাৰখনক গঠনমূলক দিশত সমালোচনাৰে চৰকাৰক সহযোগিতা আগবঢ়াব লাগিব।  

          ✍️অজয় লিম্বু
      বছাপথাৰ,গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)