আঘোণৰ ন-খোৱা পৰ্ব-চিন্ময় ডেকা

©Admin
0
আঘোণ মাহ অসমীয়া বৰ্ষপঞ্জীৰ অষ্টম মাহ। এই মাহৰ আন এটি নাম হৈছে-মাৰ্গশীৰ্ষ।এই সময়ত খেতি পথাৰবোৰ পকা ধানেৰে শোভিত হৈ পৰে। অসমীয়া পৰম্পৰা অনুসৰি এই আঘোণ মাহত ধান চপোৱাৰ সময়। বিশেষকৈ নামনি অসমৰ কোনো কোনো অঞ্চলত ধৰ্মীয় বিশ্বাসৰ লগত সম্বন্ধ ৰাখি আঘোণ পূৰ্ণিমা তিথিত ‘মহোহো’ উৎসৱ উল্লেখ্য ভাৱে ৰাতি পালন কৰা হয়। অন্যহাতে, আঘোণ মাহত পালন কৰা অন্যান্য আনুষংগিক উৎসৱ সমূহ হৈছে- লখিমী অনা, লখিমী আদৰা, ন-খোৱা উৎসৱ ইত্যাদি। আঘোণ মাহৰ আৰম্ভণিতে হেমন্ত ঋতুৰ দ্বিতীয় সপ্তাহ চলি থাকে। সেয়ে বঙালী বৰ্ষপঞ্জী মতে এই আঘোণ মাহক 'অগ্ৰহায়ণ' বুলি অভিহিত কৰা হয়। "অগ্ৰহায়ণ" শব্দৰ আভিধানিক অৰ্থ হ'ল বছৰৰ শ্ৰেষ্ঠ ব্ৰীহি অৰ্থাৎ ধান উৎপন্ন হোৱা সময়। জনবিশ্বাস মতে, আঘোণ মাহ বিবাহৰ পক্ষে বিশেষ শুভ মাহ। লোকসমাজে আঘোণ মাহক 'লক্ষ্মীৰ মাহ' বুলিও অভিহিত কৰে।
পূৰ্বপুৰুষৰ পৰম্পৰা ধৰি ৰাখি বিশেষকৈ নামনি অসমত সমূহ গাঁও আৰু অঞ্চলবাসীয়ে একত্রিত হৈ নাম-কীৰ্ত্তন কৰি, ভোজ-ভাত খাই উদ্‌যাপন কৰে, নৰা কটা ভোজ তথা ন-খোৱা পৰ্ব। আঘোণৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ পাছত ঠাই বিশেষে পৰম্পৰাগত বিশেষ নিয়ম প্ৰচলিত হৈ আছে সাম্প্রতিক সময়তো। 
ঠিক একেদৰে,
মোৰ এটি অনুভৱ কাব্যিকতাৰ মাজেৰে, 

"আঘোণৰ পথাৰত
ৰূপোৱালী সোণোৱালীৰ সোণগুটি 
মুঠি মুঠি ডাঙৰি
কান্ধত ভাৰ লয় জুৰুলি-জুপুৰি।
আঘোণৰ পথাৰ জীয়াই থকাৰ অন্নৰ পাহাৰ।”

আঘোণ মানেই যেন, আনন্দ আৰু উল্লাসৰ জোৱাৰ। কৃষিজীৱী লোকৰ প্রাণ আৱেগৰ এই নৰা কটা ভোজ তথা ন-খোৱা উৎসৱ।বৰ্তমান সময়ত আধুনিকতাৰ পৰশত ন-খোৱা উৎসৱ কিছু কিছু অঞ্চলত ম্লান পোৱা পৰিলক্ষিত হৈছে, যদিও আমি উঠি অহা যুৱপ্ৰজন্ম‌ই জনপ্ৰচলিত এই "আঘোণৰ ন-খোৱা" লোক উৎসৱক  পৰম্পৰাগত ভাৱে ধৰি ৰখাটো প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য। 

           ✍️চিন্ময় ডেকা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)