দিগন্ত-বাণীকান্ত লহকৰ

চুব পাৰিম বুলি
দুহাত মেলো

যি পিনে চাওঁ 
তুমি নামি আহি
লাগি ধৰিছা 

আগবাঢ়িলে আঁতৰা
আকৌ একেই দেখা
এই যেন ধৰা দিবা । 

তোমাৰ প্ৰেমৰ দিগন্ত চুবলৈ
কিযে অনন্ত প্ৰয়াস

গছ বনে সেউজীয়া হৈ
মুক্ত সমীৰ হৈ
হ'ম যেন তোমাতে বিলীন ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send