আৱৰ্জনাৰ বৃত্ত-সুশীলা ৰাজবংশী

Rinku Rajowar
0
পৰিবেশ পৰিষ্কাৰ কৰে
আৱৰ্জনা  কঢ়িয়াই
আৱৰ্জনাৰ গাড়ীয়ে
সুন্দৰ সামগ্ৰী তৈয়াৰ কৰে
আৱৰ্জনাবোৰ কৰি নৱীকৰণ
কুমাৰীতে কামাতুৰৰ বলি
মাংসপিণ্ড পৰিত্যাগ কৰি
ভুল বুলি ফুলক
দিলা বিসৰ্জন
অতৃপ্তজনে বুকুৰ উম দি
কৰিলে প্ৰতিপালন
যশোদা নন্দৰ মাৰ্গ
কৰিলে অনুকৰণ
বসুন্ধৰাক কৰিলে অৰ্পণ
অপূৰ্ব পুষ্পবাটিকা
বটবৃক্ষ হৈ অগণনক
দিয়ে ছত্ৰছায়া
জানা মা আৱৰ্জনাৰ বৃত্ততে
ফুলে ধুনীয়া ফুল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)