মানৱতাৰ স্খলন-মেহেনাজ সৰকাৰ

©Admin
0
চাৰিওফালে ভাৱনাৰ বুৰবুৰণি ছটিয়াই ইয়াশে প্ৰয়াস কৰিলে মানৱতাৰ স্খলন হোৱা সমাজৰ বাবে এটি বাস্তৱসন্মত গল্প উপহাৰ দিয়াৰ বাবে । কিন্তু গল্পটো কি ভাষাৰে , ক’ৰ পৰা, কেনেকৈ আৰম্ভ কৰিব ভাবি পোৱা নাই ।সেয়ে একান্তমনে ইয়াশে আবেলিৰ দূৰ দিগন্তৰ নীলাভ মেঘবোৰ চাই আছে । মৃদু মলয়া বতাহে বাৰে বাৰে ইয়াশক চুই গৈছে বিনা সংশয়ে । নিৰৱতাৰ বোকোচাত সময় গৈ থাকিল  । লাহে লাহে ৰঙা বেলিটোৱে  বিদায় মাগিলে অহাকালি পুনৰ অহাৰ প্ৰতিশ্ৰুতি দি , ঘৰমূখী পখীজাক ডেউকা কোবাই গুচি গ’ল ইয়াশৰ মূৰৰ ওপৰেদি , জন-শূন্য বিস্তৃৰ্ণ পথাৰটো ক্ৰমশঃ এন্ধাৰে গিলি পেলালে । কিন্তু ইয়াশে কোনো ভাৱনাতে সঠিককৈ মন বহাব নোৱাৰিলে । অস্থিৰ কৰি থকাৰ মুহূৰ্ততে পিছফালৰ পৰা কাৰোবাৰ মাত ভাহি আহিল । 
        — ইয়াশ তই ইয়াত , তোক কিমান সময় ধৰি বিচাৰি আছো । ব’ল ব’ল সোনকালে যাব লাগিব । 
        — অনিমেশ ক’ত যাব লাগিব আৰু ইমান সোনকালে কিয় ? 
        — ভাৱনা জগতত অলপ কমকৈ থাক ভাই । এই বয়সত মূৰটো গ’লে তোলৈ কোনেও ছোৱালী নিদিব । গোটেই জীৱন চিৰ কুমাৰ হৈ থাকিব লাগিব। 
        — ধেৎ বাদ দেচোন সেইবোৰ । মই এটা গল্পৰ কথা ভাবি আছো । বাস্তৱসন্মত গল্প। কিবা আইডিয়া থাকিলে দে নহ’লে তোৰ ১২০৯ মডেলৰ ভঙা মোবাইলটো বন্ধ কৰি থʼ। 
        — জান কেতিয়াবা কেতিয়াবা পূৰণি ভঙা মোবাইলটোও বৰ দৰকাৰী হৈ পৰে। 
        — কেনেকৈ ? 
        — মানে গল্পৰ সকলো উপাদান পাই যাবি তাৰ আগত ব’ল সৌৰভ আৰু তাৰ বৌদিৰ ৰাইজমেললৈ । বিচাৰটো ভালকৈ চা আৰু সেইটোত নিমখ আৰু তেল ছটিয়াই দি আঞ্জা বনাই লবি  । তাৰ পিছত দেখিবি ভাল গল্প হৈ গৈছে । 
        — তই অলপ মাথামোটা হ’লেও মোৰ লগত থাকি থাকি তোৰো কিন্তু বুদ্ধি প্ৰখৰ হৈ আছে মানিব লাগিব ভাই । 
        — অৱশেষত মোৰ বুদ্ধিৰ প্ৰসংশা কৰিলিতো । ব’ল এতিয়া । নহ’লে পিছত বহিব লাগিব। 
        ইয়াশ আৰু অনিমেশ দুয়ো আগবাঢ়ে ৰাইজমেললৈ ।  
        সৌৰভ আৰু তাৰ নিজৰ বৌদি সীমাৰ সৈতে থকা অবৈধ সম্পৰ্কৰ কথা গাঁৱৰ প্ৰায় সকলো মানুহে জানে কিন্তু উপযুক্ত প্ৰমাণ নথকাৰ বাবে গাঁৱৰ মানুহে ইমান দিনে একো কোৱা নাছিল । কিন্তু যোৱা নিশা সৌৰভৰ খুড়ীয়েকে নিজে সৌৰভ আৰু সীমাক একেলগে নাঙঠ হোৱা দেখি চিঞৰি উঠে । তাৰ পিছত ভালেখিনি হৈ চৈ হৈ যায় । সৌৰভ কোনোমতে পলাই সাৰে যদিও বিচাৰৰ বাবে ৰাইজে একগোট হোৱাৰ কথা আজি ৰাতি  । 
        ৰাতি প্ৰায় ন মান বাজিছে । মানুহৰ সমাগম ক্ৰমশঃ বাঢ়িয়েই চলিছে । বিশেষকৈ এনেকুৱা ৰাইজমেলত মানুহ নামাতিলেও যেন সভাস্থলীত মানুহ এনেয়ে ভৰি পৰে  । মানুহ গোট খোৱাত শ্ৰীমান কাকতিয়ে সভাপতিৰ আসন শুৱনি কৰি ঘটনাৰ আঁতি-গুৰি সকলো শুনি ৰাইজৰ পৰামৰ্শ বিচাৰিলে —
       — শ্ৰদ্ধেয় ৰাইজ যোৱাকালি সৌৰেভ যিটো কাম কৰিলে সেয়া সঁচাই সমাজৰ বাবে জঘন্যতম নিন্দনীয় কাণ্ড । ইয়াক পুলিতে উঘালি পেলাব নোৱাৰিলে আমাৰ মা , ভনী , সন্তান , স্ত্ৰী কোনোৱে নিৰাপদ নহয় অথবা আমাৰ উঠি অহা প্ৰজন্মৰ বাবেও অশনি সংকেত। গতিকে আপোনালোকে হুলস্থুল নকৰি শান্তিপূৰ্ণ ভাৱে এনেকুৱা কিছুমান পৰামৰ্শ দিয়ক যাৰ জৰিয়তে এখন শৃংখলিত তথা অবৈধ সম্পৰ্ক মুক্ত সমাজ গঢ়িব পাৰি নাইবা সৌৰভৰ আজিৰ শাস্তিৰ কথা শুনি আমাৰ ভৱিষ্যতৰ প্ৰজন্মই বিপদে যাবলৈ ভয় কৰে বা ভয়ত শৰীৰৰ নোমবোৰ ডাল ডাল হয় ।  
        শ্ৰীমান কাকতিৰ কথাত উপস্থিত ৰাইজে নিজৰ মাজতে বিভিন্ন কথাৰ গুনাগাথা কৰিব ধৰিলে । দেৱজিত খুড়াই ক’লে –
       — আগতে সৌৰভৰ ভায়েকক এশিকনি দিয়া হওঁক মহোদয় । চাল্লা নিজৰ স্ত্ৰীক শাসন কৰিব নোৱাৰে , পুৰুষৰ নামত কলংক ৰাবিচ ।                অতুলানন্দই ক’লে – 
       —প্ৰথমবাৰৰ বাবে দুয়োজনকে দুই-চাৰিটা চৰ-থাপৰ দি ক্ষমা কৰি দিয়া হওঁক মহোদয়।
        ৰাজনাথে ক’লে – 
       —অতুলানন্দই নিজৰ মা- ভনীক দ্বিতীয় বাৰৰ বাবে ধৰ্ষিতা হোৱাৰ সুযোগ দিব পাৰে কিন্তু আমি নিদিওঁ । মাননীয় মহোদয় দুয়োজনক বিয়াপাতি সমাজৰ পৰা এঘৰীয়া কৰি সমাজক বীজাণু মুক্ত কৰক ।
        সকলোৰে নানু দীপক হাজৰিকাই ক’লে – 
       — ডাঙৰটোৱে যেতিয়া নিজৰ তিৰিক সন্তষ্ট কৰিব নোৱাৰিলে তেনে ক্ষেত্ৰত সৰুটোৱে সহায় কৰিলে ভালেই হ’ল দিয়া । এতিয়া দুয়োজনক বিয়া পাতি দিয়া আমি চাহ নাস্তা খাই ঘৰলৈ যাওঁ । 
       নানুৰ কথাত সকলোৱে হাঁহিলে। ইয়াশ আৰু অনিমেষে একো  কথা নক’লে মাথো শুনি গ’ল । সভাপতি মহোদয়ে চিগাৰেট হুপি হুপি চিন্তা কৰিব ধৰিলে ইমানবোৰ পৰামৰ্শৰ মাজত কোনটো সঠিক বুলি ক’ব । এনেতে কোনোবাই জোৰকৈ চিঞৰিলে –
       — সৌৰভ নাই , সৌৰভ নাই ক’ৰবাত পলাই গ’ল .. আহা তোমালোক সোনকালে আহা । 
       নাই , লাভ নহল অলপতে সৌৰভ পলাই সাৰিলে ।  সভাপতিয়ে আকৌ সকলোকে উদ্দেশ্যি ক’লে – 
       —আপোনালোক সকলোৱে সৌৰভৰ ওপৰত কঢ়া চকু দি ৰাখক সি কেতিয়া ঘৰলৈ আহে । তাক শিক্ষা দিবই লাগিব নহ’লে আমাৰ উঠি অহা প্ৰজন্মই অবাটে গতি কৰিব আৰু ৰিদীপ বদমাচটো ক’ত গ’ল এই চাল্লাৰ তিৰীতোও খুব বদমাচ , এখনহাতে কেতিয়াও  তালি নাজাজে। এই সকলোৰে চুড়ান্ত বিচাৰ কৰিব লাগিব। আজি যিহেতু আচামী সৌৰভেই নাই তেন্তে উঠো আৰু সৌৰভক পালেই আমি আকৌ বহিম । 
         শেষত নানুৰ কথাত সকলোৱে হাঁহিলে – 
       — চাল্লা সৌৰভে মাৰিলে মজা আমি মিছাতে আধা মৰা ।  
        ৰাইজমেলৰ পৰা আহি ইয়াশে ভাবিলে – গল্পটো লিখিবই লাগিব । এনেকৈ চলিব দিয়াটো ঠিক নহ’ব । বিচাৰটোও অসম্পূৰ্ণ হৈ ৰ’ল । আনফালে ধৰ্ষণকাৰী প্ৰদীপৰ একো খবৰ নোলোৱা হ’ল । সমাজখনো যে কোনফালে গতি কৰিছে সেয়া ঈশ্বৰে ভালদৰে জানে  ।
        ৰাতিপুৱা ব্ৰাছডাল লৈ ঘৰৰ পদূলিতে ইয়াশে দাঁত মাজি থাকতে পথৰ মানুহৰ মুখত শুনিলে –
       —প্ৰদীপক এৰেষ্ট কৰিছে  আৰু তিনি মাহত জামিন নিদিব । হয়তো চাৰি পাঁচ বছৰৰ বাবে জেলত পচিব লাগিব।
        খবৰটো শুনি ইয়াশে এক স্বস্তিৰ নিশ্বাস এৰিলে ।সমাজৰ এটি আৱৰ্জনা শেষ হ’ল । ইয়াশে মনে মনে ঈশ্বৰক ধন্যবাদ জনাই অনিমেষলৈ ফোন কৰিলে – 
        – হেল্ল’ অনিমেষ ক’ত আছʼ ? অ’ প্ৰদীপৰ কথা  কিবা শুনিলিনে ? 
        – মই চাৰিআলিত । শুনিলো চাল্লাক বোলে এৰেষ্ট কৰিছে। তিনি মাহত জামিন নাই । ভালেই হ’ল দে । নাৰীসকল অলপ হ’লেও শান্তিত টোপনি যাব পাৰিব। 
        – মইও বাটৰ মানুহৰ মুখত তাকেই শুনিলো । অই প্ৰদীপৰ ঘটনাটো অলপ কচোন লিখিবলৈ চেষ্টা কৰিম । 
        অনিমেষে কৈ গ’ল ঘটনাটো —
        প্ৰদীপ ... তিনিজন সন্তান আৰু এজনী ধুনীয়া পত্নীৰ সৈতে সুখী হৈও এজন অসুখী ব্যক্তি । চৰকাৰী খণ্ডৰ কিবা এটা চাকৰি কৰে । বহুত টকা থকা মানুহ।  টকাৰ গৰমত যি ইচ্ছা তাকেই যেন কৰিব বিচাৰে ।  সেয়ে চৰিত্রটো ঘূনে খোৱা অৰ্থাৎ নাৰী পিপাসু । কুৎসিত বা ধুনীয়া বুলি কোনো কথা নাই কেৱল তাৰ লাগে নতুন নতুন নাৰীদেহ বিনিময়ত দিয়ে টকা । কিছুমানক টকা দি সহজে কিনিব পাৰে আৰু যিসকলক টকা দি কিনিব নোৱাৰে সিহঁতক ছলে বলে কৌশলে বলৎকাৰ কৰি এৰি দিয়ে । এনেকৈ  বহুতো ছোৱালীক তেওঁ বলাৎকাৰ কৰিলে । বহুত অভিযোগ তেওঁৰ নামত কিন্তু সেই অনুপাতে তেওঁৰ শাস্তি হোৱা নাই । সকলো দোষ টকাৰে ঢাকি ৰাখিছে। এইবাৰ চাল্লাৰ চকুত পৰিল হেমান ঠেলা চালকৰ ছোৱালী পুষ্পাৰ ওপৰত । বহু চেষ্টা কৰিও বলাৎকাৰ কৰিব নোৱাৰাত হেমানৰ ঘৰত বিয়াৰ প্ৰস্তাব দিছিল। কিন্তু জানি বুজি এজন চৰিত্ৰহীন তথা সতীনি থকা ঘৰত নিজৰ ছোৱালীক কোনে বিয়া দিব  । সেয়ে হেমানে পোনে পোনে বিয়াৰ প্ৰস্তাব নাকচ কৰি দিয়ে । বিয়াৰ প্ৰস্তাব নাকচ কৰাত খঙত অগ্নিশৰ্মা শৰ্মা হৈ প্ৰদীপে হেমানক মুকলিকৈ প্ৰত্যাহ্বান জনাই কৈছিল –‘‘ যদি তোৰ  ছোৱালীক  মোৰ লগত বিয়া নিদিয়া তেন্তে পুষ্পাক মই অইন কাৰো হ’ব নিদিওঁ , এৰাতিৰ বাবে হ’লেও তাইক মই বিয়া কৰিম,  মিলাই লবি হেমান ঠেলা চালক । ’’ – এইবুলি কৈ প্ৰদীপে গুচি যায়। প্ৰদীপে প্ৰত্যাহ্বান জনোৱাৰ সেই নিশাতেই পুষ্পা নিখোজ হৈ যায়। গোটেই ৰাতি হৈ চৈ কৰি গাঁৱৰ মানুহে পুষ্পাৰ একো খবৰ উলিয়াব নোৱাৰিলে। পুষ্পাৰ লাশটো পোৱা যায় পিছদিনা ৰাতিপুৱা শালিধানৰ মাজত । মেডিকেল ৰিপʼৰ্টত পোৱা যায় অতিৰিক্ত ধৰ্ষণৰ ফলত পুষ্পাৰ মৃত্যু হৈছে।  
       — ইয়াৰ পিছত হেমানে কি কৰিলে ?  
        — ইয়াৰ পিছত হেমানে প্ৰদীপৰ বিৰুদ্ধে থানাত গোচৰ তৰিলে আৰু চাহ জলপান খোৱাৰ বাবে হেমানে পুলিচক অলপ টকাও দিলে যাতে পুলিচে অপৰাধীক সোনকালে ধৰিব পাৰে। কিন্তু কাম নহ’ল । প্ৰদীপে  অচিৰ মুখখন টকাৰে বন্ধ কৰি দিয়ে। হেমানে উপায় নাপায় গাঁওবাসীৰ ওচৰত সাহাৰ্য্য বিচাৰিলে । গাঁৱৰ মানুহে হেমানৰ চকুপানী দেখি বহি থাকিব নোৱাৰিলে । গাঁৱৰ সকলোৱে মিলি থানাত ধৰ্না দি প্ৰদীপৰ কেছটো কʼৰ্টত পঠাই দিয়ে । এতিয়া যিটো শুনিলো সেইটো কʼৰ্টৰ ৰায় । 
        সংযোগ বিচ্ছিন্ন হোৱাৰ পিছত ইয়াশে ভাবিলে গল্পটো লিখিবই লাগিব। সমাজক সচেতন কৰিবই লাগিব । বৰ্তমান সমাজত চলি থকা অন্ধবিশ্বাস , কুসংস্কাৰ , বাল্যবিবাহ আদিৰ বিষয়েও লিখিব লাগিব ।তাৰোপৰি ভূতক লৈ ( বিশেষ কৈ গাওঁ অঞ্চলত ) যি ভণ্ডামি,  কবিৰাজৰ যি ভূত হাজিৰ নামৰ নাটকৰ আখৰা  সেয়া মষিমূৰ কৰিব লাগিব নহ’লে এই ভণ্ডামি বিলাকে এদিন বট বৃক্ষ হ’ব তেতিয়া হয়তো ইয়াক মষিমূৰ কৰাত কষ্ট হ’ব । 
        ইয়াশে সমাজৰ কৰুণ অৱস্থাৰ বিষয়ে ভাবি চকুলো টুকিলে আৰু ভাবিলে কোনদিশে গতি আজিৰ মানৱতা । টকাৰ গৰমত মানুহক হত্যা কৰিব পাৰি জানো ? এতিয়া বিজ্ঞানৰ যুগ মানুহে ক্ৰমশঃ জ্ঞান বিজ্ঞান তথা যুক্তিৰ সহায়ত আগুৱাই গৈছে সফলতাৰ শীৰ্ষস্থান লৈ । ইয়াৰ পিছতো মানুহে মানুহক হত্যা কৰিব পাৰে কেনেকৈ  নাইবা অন্ধবিশ্বাস , কুসংস্কাৰ, ভূতৰ নামত নাটক এইবিলাক বিশ্বাস কৰে কেনেকৈ ...। নাই আৰু পলম কৰা নাযাব । লগে লগে ইয়াশে হাতত কলম তুলি ল’লে। গুণ্ডাৰাজৰ পৰা মুক্ত কৰিবই লাগিব সমাজক । নহ’লে এদিন গোটেই দেশতে গুণ্ডাৰাজে ছানি ধৰিব । মা , ভনী , স্ত্ৰী কোনোৱে নিৰাপদ নাথাকিব । দেশ ৰসাতলে যাব ।গতিকে সময় থাকোতেই সাৱধান হ’ব লাগিব। প্ৰয়োজন হ’লে ইহঁতক মৃত্যু দণ্ড দি হ’লেও দেশক ৰক্ষা কৰিব লাগিব । 
        ইয়াশে গল্পটোৰ কথা ভাবি ভাবি সপোন দেখিলে — ডাৱৰ কাটি ক্ৰমশঃ ফৰকাল হ’ব ধৰিছে আকাশ , এটি দুটি তৰাৰ সৈতে ভাসমান হ’ব ধৰিছে জোনাক । পুৱাৰ হেঙুলীয়া বেলিটোৱে কঢ়িয়াই আনিছে আশাৰ বতৰা , সেউজীয়াৰ পৰা সেউজীয়ালৈ গতি কৰিছে মানুহৰ সম্পৰ্কবোৰ , তেওঁ দেখিছে মানুহে এজনে আনজনক সাৱটি ধৰিছে মানৱতাৰ জয়গান গাই , ক’ৰবাৰ পৰা ভাহি আহিছে ভূপেনদাৰ সেই কালজয়ী গীত — 
   "মানুহে মানুহৰ বাবে যদি অকণো নেভাবে , কোনেনো ভাবিব কোৱা অ’ সমনীয়া ?"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)