"ঐ কি খালি? কি খালি?” বৰ্ণালীয়ে ধমক দি টিকুক সুধিলে।টিকুৱে সেমেনা সেমেনি কৰি অপৰাধীৰ দৰে নেগুৰপেলাই ডাইনিং টেবুলৰ তলত সুমাই ভয়ে ভয়ে পকাত পৰি চাই থাকিল। তাই আৰু দুবাৰ মান সুধিলে। মই আকৌ ওপৰলৈ গলোঁগৈ।
দিৱালীৰ দিনা আবেলি ওপৰ মহলাৰ বেলকনীত বহি কিতাপ এখন চাই আছিলোঁ। পাতলকৈ দুটা এটা বʼম ফুটি আছে যদিও চাকি-বাতি জ্বলাবৰ হোৱা নাছিল। খকমক শব্দ এটা শুনি চাই দেখিলোঁ ঘৰখনৰ মোতকৈ গুৰুত্বপূৰ্ণ সদস্য টিকু মানে আমাৰ পোহনীয়া ককুৰটোৱে শকত ,চুতি, ৰঙামূলাৰ দৰে কিবা এটা বস্তু মুখৰ পৰা ওলিয়াই থৈ আকৌ খাবলৈ ধৰিছে। "এই কি খাইছ চাওঁ" বুলি ওচৰলৈ যাওঁতেই সি বস্তুটো লৈ দৌৰি তললৈ নামি গ'ল। পিছে পিছে মই। ডাইনিংৰ চকীত বহি টিভি চাই থকা বৰজীয়ৰী বৰ্ণালীক কোৱাত তাই তাক পুলিচৰ দৰে জেৰা কৰিছিল। মই চিন্তাত পৰিলোঁ,'ই কি খালে বাৰু?' জীয়ৰীয়ে তৰমুজ বা পকাঅমিতা কাটি থৈছিল নেকি সোধাত নাই বুলি ক'লে।মাংসৰ বাদে সেইবোৰ অৱশ্যে তাৰ অখাদ্যও। তেনেহলে সেইটো কি আছিল বাৰু? বহু দিনৰ আগতে এজন সাধুয়ে ক'ৰবাত কোৱা শুনিছিলোঁ, কুকুৰে হেনো দিৱালীৰ ব'মৰ শব্দতকৈ একোলৈকে ভয় নকৰে। কেতিয়াবা সিহঁতৰ কলিজাটো বোমাৰ শব্দত চিঙি ওলাই আহে আৰু তৎক্ষণাৎ খাই পেলায়। তেতিয়া বিশ্বাস নকৰিছিলোঁ। এইবাৰ ভাবিলোঁ ‘কথাটো সচাঁ আছিল নেকি বাৰু ?’
দুবছৰ মানৰ মূৰত দিৱালীৰ আগদিনা গুৱাহাটীৰ বায়েকৰ ঘৰলৈ ফুৰিবলৈ যোৱা শ্ৰীমতী , দিৱালীৰ দুদিন পাছত পুত্ৰ আৰু সৰু জীয়ৰীসহ আজি অলপ আগতে ঘৰ পাইছিলহি। ফ্ৰেছ হৈ শ্ৰী মতীয়ে বেগৰ পৰা জেবিজৰ মিঠাই আৰু লোকেল চিংৰা উলিয়াই মোক চাহ খাবলৈ মাতিলে। ডাইনিঙত বহি মাতৃ,কন্যা,পুত্ৰৰ পাকঘৰ উৰোৱা হাহিঁ শুনি উৰহী গছৰ ওৰ বিছাৰিলোঁ। শ্ৰী মতীয়ে হাহিঁ হাহিঁয়েই সুধিলে- “ টিকুৱে বোলে তাৰ নিজৰ কলিজাটোকে খালে হয় নে?"
"আচৰিত কথা হে, মই এতিয়াও ভাবি নাপালোঁ আচলতে সি কি খালে!" মই চিন্তিত হৈয়ে কলোঁ। পাকঘৰত আকৌ হাহিঁৰ ৰুল । হাঁহি হাঁহি শ্ৰী মতীয়ে কলে -"আপুনি গালি পাৰে বুলি তাই ভয়তে কোৱা নাই। চাকি জ্বলাবলৈ মিঠাতেল আনিবলৈ তিনিআলিলৈ গৈ আপোনালোক দুজনে সন্ধিয়া খাবলৈ চিকেন কাটলেত দুটা আনি ডাইনিং টেবুলতে থৈছিল। কেনেবাকৈ তলত পৰাত কুকুৰৰ কলিজা হৈছিল।
*********
দেৱ দাস।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ