শীতে গৰকা সুমথিৰা আবেলি
চকুত চকু থৈ থৰ লাগি ৰৈছিল
চিনাকি চিনাকি লগা অচিনাকী পথিক ।
মন পদূলিৰ নঙলা খুলি
চকুৱেদি গৈ বুকুৰ বৰঘৰত লৈছিল থিতাপি
হৃদয়ত এতিয়া তেওঁৰ স্থান নিগাজী ।
কোন তেওঁ কৃষ্ণ গোসাঁই !
মাজনিশা ৰাধাক শুনাই
বাঁহী বায় লুকাই লুকাই ।
প্ৰিয়াৰ মন কুমলীয়া
বাঁহীৰ সুৰত উতলা হিয়া
সেই হিয়াতে বৈ আছে
এখন নেদেখা নদী য'ত বয় ভালপোৱা ভালপোৱা ।
হয়তো তেওঁৰ বুকুতো আছে
এখন প্ৰেমৰ সাগৰ
য'ত আকণ্ঠ ডুবি আছো মই
তুমিময় অনুভৱে সাবটিছে আহি
শীতৰ এই মায়াবী ৰাতি
বিৰহিনী প্ৰিয়া তোমাৰ আছে বাট চাই
আলফুল বুকুত তোমাৰ ছবিটি আঁকি।
উৎযাপিত হয় প্ৰেমৰ উৎসৱ
ৰাস পূৰ্ণিমাৰ মায়াবী ৰাতি
আকাশৰ বুকুত জোন
কৃষ্ণৰ বুকুত ৰাধা
ওৰেৰাতি থাকে উমলি।
ৰাধা য'ত কৃষ্ণও ত'ত ,
আজি ৰাতি মই তোমাৰ ৰাধা হোৱাত বাধানো ক'ত !?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ