দুখীয়া সুখেৰেই ধনী- সুশান্ত দাস

©Admin
0
দুখীয়াক ধনী হ'বলৈ ধন নালাগে, লাগে মাথোঁ সুখ।যেতিয়া সুখে এখন ঘৰত বাস কৰিব সকলো সমস্যা দূৰ হয় আৰু সদায়েই এক আনন্দমুখৰ পৰিৱেশ হয়। দুখীয়া হলেও দুবেলা-দুমুঠি খোৱাটোৱেই দুখীয়া শ্ৰেণীৰ লোকৰ বাবে সৌভাগ্যৰ কথা।।কিছু ধনী লোকেও ধন থকা স্বত্বেও ঘৰুৱা জঞ্জালৰ পৰা সুখী হোৱাটো দূৰৰ কথা আনকি দুবেলা-দুমুঠি শান্তিৰে খাব নোৱাৰে,ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে সেই সুখৰ কথাটো ভাবিব পাৰি কাৰণ ঘৰ খনত সুখেই নাই শান্তি পাব কেনেকৈ? দুবেলা-দুমুঠি আহাৰ গ্ৰহণ কৰাৰ ক্ষমতা কেনেকৈ পাব যদি ঘৰত সুখে আশ্ৰয় নলয়।ধনে মানৱ জাতিক উপকাৰ কৰিছে যদিও ধনেই মানুহক কপটীয়া কৰে আৰু অসৎ প্ৰবৃত্তিৰো ভাগিদাৰ বনায়।যদি ঘৰ এখনত আনন্দই নাথাকে তেনেহলে ধন থাকিলেনো হ'ব কি? এইবোৰ পৰিস্থিতি বৰ্তমান আধুনিক সমাজত বৰকৈ বিম্বিত হৈছে।
সাই বাবাৰ এক অভূতপূৰ্ব লীলা আছিল এই কথাখিনি বুজনি দিবৰ বাবে,মই সেইখিনিকে অলপ সংক্ষিপ্ত ৰূপত বৰ্ণন দিব বিচাৰিছোঁ।।

এসময়ৰ কথা। সাই বাবাই এজন মুছলমানৰ লগত শিৰডীৰ পৰা তাৰ দাঁতিকাষৰীয়া এলেকাৰ গাঁও এখনলৈ গৈ আছিল।দূৰ যাত্ৰাৰ অন্তত তেওঁলোক এখন গাঁৱত থমকি ৰ'লহি। মুছলমান জনৰ বৰকৈ ভোক লাগিছিল সেইকাৰণে আৰু খোজ কাঢ়িব নোৱাৰে বুলি সাই বাবাক কৈছিল। তাতে সাই বাবাই এজন দৰিদ্ৰ শ্ৰেণীৰ এজন লোকৰ ঘৰ দেখিলে আৰু কাষ চাপি গ'ল।সাই বাবাই অতি কোমল মাতেৰে দুৱাৰত টুকুৰিয়াই মাত লগালে। এজন সহজ সৰল মনৰ লোক সেই পঁজাটোৰ পৰা ওলাই আহিল আৰু এটি সুন্দৰ হাঁহি মাৰি কলে: “হয় বাবা,কি সহায় কৰিব পাৰোঁ?” সাই বাবাই ক'লে মোৰ সহযাত্ৰীৰ বৰকৈ ভোক লাগিছে আপুনি বাৰু কিবা এমুঠিৰ ব্যৱস্থা কৰিব পাৰিব নেকি? দুখীয়া লোকজনে কলে:”হয় বাবা নিশ্চয় পাৰিম,,”এইবুলি তেখেতে দুয়োজনকে সেই সৰু পঁজাটি লৈ আদৰি লৈ গ'ল। পঁজাটোৰ ভিতৰত সোমাই দেখিলে এজনী তিৰোতাই চৌকাৰ কাষত বহি খাদ্যৰ যোগাৰ কৰিব লৈছে।তিৰোতা গৰাকীয়ে কলে:“হে বাবা,আজি আমাৰ অকল শুকান  ৰুটী,, আজি শুকানে খাব লাগিব।” সেইবুলি কৈ তেখেতে পাত্ৰ এটাৰ পৰা প্ৰায় তিনি মুঠিমান আটা উলিয়াই আৰু পাত্ৰটো জোঁকাৰি দিয়াত অকণমানো আটা নোলাল হ'লেও তেওঁ আলহী সুশ্ৰষা কৰিবলৈ সেইকেইটা মথিব ধৰিলে।তেনেতে মুছলমানজনে মাত লগালে: “ আই এইয়া দেখোন আটা নায়েই আমাক দিলে আপুনি কি খাব? ভোক লাগিব নহয় পাছত তেতিয়া কি কৰিব?”তেতিয়া দুখীয়া লোক জনে কলে:“অতিথি ভগৱানৰ সমান! আমাৰ ঘৰলৈ আহিছে যেতিয়া সুশ্ৰষা কৰি পথাম,,আপোনালোকৰ পেট ভৰিল মানে আমাৰ পেট ভৰিল। ঘৰৰ চৌহদত এজোপা  মধুৰীআমৰ গছ আছে সেইজোপাত ফলো লাগি আছে,, সেইয়াই আমাৰ  পেট ভৰাব। প্ৰকৃতিৰ পৰা আমি যি পাইছো সেইয়াই যথেষ্ট।”তেতিয়া সাই বাবাই হাঁহিয়েই আছিল,,তেওঁৰ সেই আনন্দমুখৰ ৰূপ দেখি দুখীয়া লোকজন বাৰুকৈয়ে আকৰ্ষিত হৈছিল,আৰু ভগৱান অহা বুলি গণ্য কৰিছিল। ৰুটী বনাই থকাৰ অৱস্থাত সেই দম্পতিৰ দুহিতা আৰু তনয় আহি উশাহ নসলোৱাকৈ ক'বলৈ ধৰিলে: মা! মা! আজি মন্দিৰৰ প্ৰসাদ হিচাপে নাৰিকল এফাল পালোঁ, দেউতাক চাটনি বনাব কোৱা,,দেউতাৰ হাতৰ চাটনি খাই মোৰ বৰ তৃপ্তি লাগে।।” তেতিয়া দেউতাকে মাত লগালে আৰু ক'লে: হে বাবা দেখিছা তোমালোক অহা দেখি ভগৱানে আজি ৰুটিৰ লগত খাবলৈ নাৰিকল দি পঠাইছে।” সাই বাবাই হাঁহিৰে হয়ভৰ দিলে। তাৰ পাছত সাই বাবাই আৰু তেওঁৰ সংগীয়ে আহাৰ গ্ৰহণ কৰিলে। তেতিয়া সেই ল'ৰা-ছোৱালীহালে পাতি আছে: ল'ৰাজনে কৈছে -“মোৰ দেউতা হাতৰ চাটনি খাই ইমান আনন্দ লাগে যে বিভিন্ন ধৰণৰ পাকৱান(পকৰী)ও ইয়াৰ সোৱাদক চেৰ পেলাব নোৱাৰে।। তেতিয়া ছোৱালী জনীয়ে ক'লে - তই জানো পকৰি খাইছ' যে তাৰ সোৱাদ গম পালি! সি উত্তৰত ক'লে নাই খোৱা কিন্তু মোৰ দেউতা হাতৰ সেই চাটনিৰ সোৱাদটো আৰু ক'তো নাই।। সকলোৱে হাঁহিব ধৰে।তাৰ পৰা সাই বাবা আৰু মুছলমানজন যাব ওলাল ।ঘৰৰ বাহিৰত সাই বাবাই ক'ব ধৰিলে: আজি ইমানখিনি সহায় কৰাৰ বাবে ধন্যবাদ! আজি যদি তুমি সহায় নকৰিলাহেঁতেন আমি হয়তো মূৰ্চিত হ'লো হয়।। তেতিয়া দুখীয়া ব্যক্তি জনে কলে: আমাৰ ওচৰত প্ৰকৃতিযে দিয়া সকলো আছে,, সেইবোৰৰ ওপৰতেই আমি নিৰ্ভৰশীল। আমাক কোনো ডাঙৰ ব্যক্তিৰ আগত সন্মান নালাগে,,সুখে যেতিয়া আমাৰ ঘৰত বাস কৰে তেতিয়াহ'লে ভৌতিক বস্তু আৰু ক্ষণস্থায়ী সুখৰ কি প্ৰয়োজন।।অতিথি দেৱৰ তুল্য! আপোনালোকক সুশ্ৰূষা কৰিব পায় ভাল লাগিল।।" আকৌ সেই মুছলমান জনে ক'লে: বেটাহঁত তোমালোকে ভালকৈ থাকিবা,,তোমাৰ দেউতাক মই কামৰ সুবিধা কৰি দিম।।মোৰ কম্বল বনোৱা উদ্যোগত তেওঁক সংস্থাপন দিম।” দেউতাক আনন্দত ক'বলৈ ধৰিলে: মই কাম পালোঁ! মই কাম পালোঁ!” দুহিতা আৰু তনয়ে কলে: আপুনি আমাৰ ইয়ালৈ আহি থাকিব আপোনালোকৰ বাবে আমাৰ ঘৰৰ দুৱাৰ সদায়েই খোলা আছে"। সাই বাবাই আশীৰ্বাদ দিলে আৰু আকৌ যাত্ৰা আৰম্ভ কৰিলে। সাই বাবাৰ ‌লীলা অপাৰ। যেতিয়া পৰিয়ালটোৱে সাই বাবা আৰু মুছলমানজনক আগবঢ়াই ঘৰ পালেহি তেওঁলোকৰ চকু কপালত উঠিল! তেওঁলোকে দেখিলে যে ঘৰৰ ভিতৰত শাক-পাচলি, ফল-মূল‌ আৰু অন্যান্য সামগ্ৰী দেখিলে আৰু আনন্দত  চকুৰে চকু পানী  নিগৰিবলৈ ধৰিলে।  তেওঁ ক'লে আমাৰ ঘৰলৈ সাক্ষাৎ ভগৱান আহিছিল! বাটত যাওঁতে  মুছলমানজনে সুধিলে: সাই বাবা, এই যে দুখীয়া পৰিয়ালটো, কোনো ধৰণৰ দুখ নথকাকৈ কেনেকৈ আছে? সাই বাবাই উত্তৰ দিলে:হে বৎস, তেওঁলোক সত্য-নিষ্ঠাৰে কৰ্ম কৰি জীয়াই আছে।কোনো ভৌতিক বস্তুৰ প্ৰতি কোনো মোহ নাই।। আনকি কিবা কৰি সন্মান নিবিচাৰে কিন্তু জীয়াই থকাৰ স্বাধীনতা বিচাৰে।। দিনটো দুবেলা-দুমুঠি খাই সুখেৰে ঘৰখন সমৃদ্ধ  কৰি ৰাখিব যত্ন কৰিছে,,টকা পইছাই সকলো নহয়,,সুখ থকাটো আচল কথা।।”এইবুলি তেওঁলোক গন্তব্য স্থান পালেহি।।।

কাহিনীটোৰ জৰিয়তে আমি সাই বাবাৰ লীলা জানিব পাৰিছোঁ আৰু আমি বুজিছোঁ যে দুখীয়া সুখেৰে ধনী; ধনেৰে নহয়।।তেওঁলোকে কোনো ধৰণৰ বিলাসীতা নকৰে।।সুখ থাকিলে ঘৰৰ এখন সদায় ভাস্বৰ  হৈ থাকে।। সেই ঘৰখনক আনন্দৰ বন্যাই পিছ নেৰে।। নিজ কৰ্মদক্ষতা অনুসাৰে ব্যক্তি ধনী হয়,, সেইবুলি নিজৰ গুণ নিজে গোৱাটোও কোনো ভালৰ লক্ষণ নহয়।। *সুখ* কবিতাটোত সুখ কেনেদৰে আহৰণ কৰে, সুখ কত থাকে? সুখৰ সংজ্ঞা এইবোৰ দেখা যায়।। মানুহ ধন থাকিলেই যে সুখী নহয় এই কথা সাই বাবাৰ মাহাত্ম্য কথনত বৰ্ণিত আছে।। মানুহ দুখীয়া হলেও সুখেৰেই ধনী,ধনৰ বলত নহয়।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)