সন্তানক ধনী হ'বলৈ নহয় সুখী হোৱাৰ শিক্ষা দিয়ক- হেমেন হাজৰিকা

©Admin
0
আমাৰ লৰালিৰ দিনত আমি পাৰো মানে সাধুকথা পঢ়িছিলোঁ আৰু ককা আইতাৰ মুখৰ পৰা শুনিছিলো ।
       কিছুমান সাধুকথাই জীৱনত ৰেখাপাত কৰে । কিছুমান পাহৰণিৰ অটল গৰ্ভত লীণ হৈ গ'ল । কেতিয়াবা কিছুমান কথাই আকৌ হঠাতে মনত পেলাই দিয়ে 
      এটা সাধুকথা পঢ়া মনত পৰে , সাধুটোৰ নাম আছিল ধনী মানেই জ্ঞানী নহয় । কথাটো আজিৰ তাৰিখত চালে কিছু পৰিমাণে সঁচা । ধনী মানেই জ্ঞানী নহয় । জ্ঞানী হ'বলৈ হ'লে শিক্ষিত হ'ব লাগিব । তাৰ বাবে লাগিব শিক্ষা ।
     শিক্ষাই জীৱনৰ উন্নতিৰ দুৱাৰ মুকলি কৰি দিয়ে । মানুহৰ জীৱনত শিক্ষাৰ সমান জেউতি আন একো থাকিব নোৱাৰে । এই জ্যোতি অম্লান । এইখিনিতে ভাৰতবৰ্ষৰ বিশিষ্ট উদ্যোগপতি টাটা ইণ্ডাষ্ট্ৰিৰ স্বত্বাধিকাৰী মাননীয় ৰতন টাটা মহোদয়ে লণ্ডনৰ এখন সভাত এষাৰ বৰ মহত্বপূৰ্ণ কথা কৈছিল ।
      সেই গুৰুত্বপূৰ্ণ আৰু আৰু অতি মূল্যৱান কথাষাৰ হৈছে - আপুনি আপোনাৰ সন্তানটিক ধনী হ'বলৈ নহয় সুখী হোৱাৰ শিক্ষা দিয়ক । কাৰণ যেতিয়া তেওঁলোক ডাঙৰ হব তেতিয়া তেওঁলোকে বস্তুৰ মূল্য বুজি পাব, দাম নহয় । এয়াই বাৰু সুখী হোৱাৰ মূল চাবি কাঠি নহয়নে ?
 নিজে এগৰাকী বিখ্যাত উদ্যোগপতি হৈও আনৰ কাৰণে তেখেতে কি পৰামৰ্শ আগবঢ়াইছে ভাৱকচোন। ।
     মানুহ সুখী হ'বৰ কাৰণে বাৰু কিহৰ প্ৰয়োজন ? কেৱল টকা পইছাৰে মানুহ সুখী হ'ব পাৰে জানো ? শুনা যায় কিমান ধনী মানুহ টকা পইছাৰ অভাৱ নাই । বিলাসী জীৱন কটাই, ইচ্ছা কৰিলে যলৈকে ইচ্ছা তালৈকে ফুৰিবলৈ যাব পাৰে , যি মনৰ ইচ্ছা হয় তাকে খাব পাৰে , তথাপিও শুনা যায় যে তেওঁলোকৰ বহুতৰে জীৱন হেনো সুখকৰ নহয় । তেতিয়াহলে তেওঁলোকৰ ভুলটো ক'ত আৰম্ভ হ'ল যে তেওঁলোক সুখী হ'ব নোৱাৰিলে । 
     শ্ৰদ্ধাৰ ৰতন টাটা দেৱে কোৱাৰ দৰে ছাত্ৰাৱস্থাতে তেওঁলোকে বাৰু সুখী হোৱাৰ মূল মন্ত্ৰ টো নিশিকিলে নেকি ? কেৱল তেওঁলোকে ধনী হোৱাৰ শিক্ষাহে পালে নেকি ? ধন ঘটিলে  অভাৱ আঁতৰালে আৰামত থাকিলে কিন্তু সেই ধনেৰে তেওঁবিলাকে সুখ কিনিব নোৱাৰিলে । জীৱনত তেওঁলোক সুখী হ'ব নোৱাৰিলে । কিবা চিন্তা অথবা দুচিন্তা ই হয়তোবা কিবা শোকে অবিৰতভাৱে ক্ৰীড়া কৰি থকা বাবে তেওঁলোকৰ মনৰ পৰা সুখানুভূতি নোহোৱা হ'ল । 
      এইখিনিতে এটা কবিতাৰ কথা মনত পৰিছে ----
       সুখ সুখ বুলি মানুহ বলিয়া
       নেদেখে সুখৰ মুখ
      সুখ বিচাৰোঁতে পাই সংসাৰত
      দুখৰো উপৰি দুখ  ।
   তেওবিলাকে হয়তো ভাবিছিল ধন, টকা পইচা অৰ্জন কৰিম তেতিয়া আমি সুখী হ'ব পাৰিম । সুখ কিনিবৰ কাৰণে সুখৰ পিছত দৌৰি থাকিলে আৰু অৱশেষত তেওঁলোকে দুখহে পাবলৈ ধৰিলে 
কাৰণটোনো কি ? 
         ঋণ ৰোগ শোক চিন্তা
         নাই শৰীৰত
       তাতকৈ আছে কোন 
       সুখী সংসাৰত  ।
  কবিতা ফাকিৰো তাৎপৰ্য মন কৰিবলগীয়া । হয় দিয়ক যি ব্যক্তিৰ শৰীৰত উল্লেখিত কথা কেইটা নাথাকে স্বাভাবিকতে তেওঁলোক সুখী মানুহ । ইয়াত অৰ্থনৈতিক স্বচ্ছল তাৰ কথা আহি নপৰে । সেয়াই বাৰু সুখৰ চাবি কাঠি নেকি ? সুখী হ'ৱ পৰাটো ব্যক্তিৰ মনৰ এক অৱস্থা নহয়নে ? 
   হয় , আমি আমাৰ সন্তান সকলক বস্তুৰ মূল্য বুজি পোৱা শিক্ষা দিব লাগিব । সেয়াই মূল্যবোধৰ শিক্ষা । বাস্তৱ জীৱনত আমি দেখিছোঁ বহু ব্যক্তিয়ে বস্তুৰ মূল্য দিব নোখোজে , বস্তুৰ মূল্য বুজি নাপায় , বস্তুৰ অপব্যৱহাৰ কৰে 
কাৰণ তেওঁলোকে সৰুতেই বস্তুৰ মূল্য বুজি নাপালে । সেয়েহে পৰবৰ্তী জীৱনত সেইটো পূৰাব নোৱাৰিলে । তাৰ বাবে ক্ষতি হয় 
বস্তুৰ মূল্য আমি বুজি পাব লাগে 
বস্তুৰ দামৰ কথা নাহে । গতিকে ছাত্ৰ অৱস্থাত এই শিক্ষা নাপালে পিছলৈ সেই শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ নহয় । জীৱনৰ পৰা গ্ৰহণ কৰা শিক্ষাই হ'ল মূল্যবোধৰ শিক্ষা । আমি নিজক সুখী কৰিব পৰা শিক্ষাই হ'ল প্ৰকৃত শিক্ষা ।
      দুখী জীৱন এটা কোনেও কামনা নকৰে । দুখী হৈ জীৱন কটাবলৈ কাৰনো বাৰু মন যায় ।
এজন ব্যক্তি কেনেদৰে সুখী হ'ব কিমান পৰিমানত সুখী সেইটো ব্যক্তি জনৰ মনৰ ওপৰত নিৰ্ভৰ কৰিব । তেনে মন এটা আমি আমাৰ সন্তান সকলৰ মনত সৃষ্টি কৰিব পাৰিব লাগিব । ৰতন টাটা মহোদয়ৰ কথাষাৰে আমাক সকিয়াই দিয়ে যে অভিভাৱক সকলে সন্তানহত দুখী হৈ জীৱন অতিবাহিত কৰক সেইটো কামনা নকৰে । গতিকে সিহঁতে যাতে সুখত জীৱনটো পাৰ কৰিব পাৰে তাৰ শিক্ষাৰেহে শিক্ষিত কৰিবলৈ চেষ্টা কৰিব লাগে। 

            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)