পলাশ হৈ হৃদয় খন ফুলাৰ পৰত
এবাৰ জুমি চাবাচোন
ৰাঙলী হৈ পৰা আকাশ
সিঁচৰিত পাহিৰ সজীৱতাত
চুই থকা
প্ৰেমৰ ৰ’দজাক
দুচকুত সপোন অকণ আঁকি
ৰঙচুৱা হোৱা
সুগন্ধি সময়
পলাশৰ ফুলে ফুলে হৃদয়
অনুভৱৰ আলসুৱা পাহিত
খিল খিলীয়া হেৰোৱা হাঁহি৷
✍️বৰ্ণালী বৰা বৈশ্য,গুৱাহাটী