মিঠাতেলৰ টিন,পলিথিনৰ চালিৰ
তলত মোৰ বাসস্থান।
বাদুলিৰ দৰে উলমি ৰওঁ উলঙ্গ
ৰাতিবোৰ জঠৰ হৈ।
মানুহ ৰূপী কিছুমান মূৰ্ত্তি আহযাহ
কৰে মোৰ তলেৰে।
ঢৌ উঠে শব্দৰ মোৰ বুকুত নিয়ম সৃষ্টি কৰি নিয়ম ভঙ্গ কৰি,
সিহঁতবোৰ গছৰ দৰে স্থিৰ হৈ থাকে
মোৰ চকুৰ আগত।
অভাৱে অভাৱৰ লগত সমন্ধ গঢ়োঁ
নিবিড় ভাৱে।
একো নোপোৱাৰ জীৱনটোৱে
আহৰণ কৰিব বিচাৰোঁ।
যত্ন কৰি বিফল হওঁ বাৰে বাৰে
তথাপিও নকৰোঁ মৃত্যুৰ আশা।
বিষাক্ত কলেৰা খাই ডাঙৰ হোৱা
মৃত্যুৱে সহজে মাৰিব নোৱাৰে।
মৰি মৰিও জীয়াই থাকিম সপোনবোৰ,
আশাবোৰ, ক্ষোভবোৰ, ভোকবোৰ বুকুত সাৱটি লৈ।
✍️বিটুমনি কোছঁ
ধেমাজি,মাছখোৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ