বিবেক আৰু আবেগ( পঞ্চম খণ্ড)- নয়নমনি বৰা

©Admin
0


        এটা সন্তান জন্ম দি ডাঙৰ দীঘল কৰিবলৈ কিমান কষ্ট ত্যাগ কৰিব লাগে আৰু কিমান আশা থাকে মই জানো নাজানোঁ-- ময়োতো মাক ! তাতে আকৌ কি জানে -দেউতাক বোৰৰ ছোৱালী প্ৰতি বেচি মৰম থাকে নহয় ? তাতে আকৌ তাই আপোনালোকৰ একমাত্ৰ সন্তান তেনেটো হৱয়েই । গতিকে মই অকণো বেয়া পোৱা নাই মই মাথোঁ  সময়লৈ অপেক্ষা কৰিছিলো । সেই সময়ত মোক বিবেকে ক'বলৈ  দিয়া নাছিল সেয়ে কোৱা নাছিলোঁ - ৰাকেশৰ মাকে ক'লে । কি হে ডেকা ল'ৰা মনে মনেই থাকিবানে কিবা এষাৰ ল'ৰা- ছোৱালী হালক উদ্দেশ্যি কোৱা গাঁও বুঢ়ায়ে নয়নক ক'লে- , মইনো কি ক'ম তথাপিও আপুনি  কৈছে যেতিয়া সাধাৰণভাবে কথা দুটা মান কওঁ কিমান গ্ৰহণযোগ্য সেয়া মই নাজানোঁ ল'ৰা ছোৱালী দুটালৈ চাই- মই তোমালোক দুয়োকে এটা প্ৰশ্ন কৰিম -হয় ৰাকেশে ক'লে - তোমাকে সুধিছো তুমি বাৰু এওঁক পত্নী হিচাবে ক'ৰ পৰা পালা ,  মানে বুজা নাই, তুমি কোৱাচোন- তুমি  ৰাকেশক স্বামী হিচাবে  ক'ৰ পৰা পালা, নাই নয়ন দা বুজি পোৱা নাই আপোনাৰ প্ৰশ্নটো  । তেতিয়া হ'লে দুয়ো শুনা ময়ে কওঁ- হয় কওঁক  , শুনা -, তোমাৰ পিতৃ মাতৃয়ে তোমাক জন্ম দি ডাঙৰ দীঘল কৰাৰ বাবে ই আজি তোমাক পত্নী হিচাবে পাইছে হয়নে নহয় বাৰু ? হয় , আৰু তাক তাৰ মাক দেউতাকে ও জন্ম দি তুলি তালি ডাঙৰ দীঘল কৰাৰ বাবেই তুমি স্বামী হিচাবে পাইছা , গতিকে তোমালোক দুয়োৱে এটা কথা সদায় মনত ৰাখিবা আজিৰ পৰা তোমালোকৰ দেউতা দুজন, মা দুগৰাকী। সেয়ে দুয়োৱে দুয়োৰে পিতৃ -মাতৃৰ প্ৰতি সমানে শ্ৰদ্ধা ভক্তি আৰু দায়িত্ব পালন কৰিলে তোমালোকৰ সাংসাৰিক জীৱনত কেতিয়াও ব্যাঘাট নজন্মে । মাক দেউতাকে ল'ৰা ছোৱালীক অভিশাপ দিব নালাগে নহয়? পিতৃ মাতৃয়ে মনত আঘাট পোৱা মানেই অভিশাপ । কথাতে কয় নহয়- " বালিলে যি পাত সুগ্ৰিবলৈও -- , মই কি কৈছো বুজিছা নহয়? আৰু  আমাৰ অভিভাৱক সকলৰো কিছু ক্ষেত্ৰত ভুল আছে । আমি সন্তানৰ লগত বন্ধু হ'ব নিবিচাৰোঁ  , যদি  আমি বন্ধুৰ দৰে সন্তান সকলৰ লগত মিলা মিচা কৰোঁ তেওঁলোকেতো আমাৰ পৰা আঁৰ হৈ কোনো অনৈতিক কাৰ্য্যত লিপ্ত হ'ব পাৰিব জানো? অৱশ্যে এটা কথা ঠিক আমি আমাৰ ঘৰ খনৰ পৰিবেশৰ লগতে ওচৰ চুবুৰীয়া আৰু গাঁও খনৰ পৰিবেশ সুষ্ঠ কৰিব লাগিব, তাৰ বাবে আমি প্ৰতিজন জেষ্ঠই সঁচা অভিভাৱকৰ আসনখন--- তাৰ মানে- " হস্তীৰো পিচলে পাৱ সজ্জনৰো বুৰে নাও " নহয়নে নয়ন, হয় হয় খুড়াদেউ , আৰু কি জানা ইজনৰ সিজনৰ ওপৰত আস্থা আৰু বিশ্বাস থকাতো নিতান্তই প্ৰয়োজন তেহে আমি আমাৰ ভৱিষ্যতে এখন মেঘবিহীন আকাশৰ তলত বাস কৰাৰ আশা কৰিব পাৰিমনেকি!  নে কি কয় খুড়াদেউ-----

             আগলৈ-----'

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)