বাট বিচাৰি-প্ৰণৱ চক্ৰৱৰ্ত্তী

©Admin
0
বাট বিচাৰি ফুৰাৰ
যিদৰে এটা মাদকতা থাকে
তেনেদৰে থাকে যন্ত্ৰণাও৷
আচলতে
আমি কলৈ যোৱাৰ বাট বিচাৰিছোঁ
তাৰ ওপৰতে জোখমাখ চলে
সুখ আৰু যন্ত্ৰণাৰ৷
প্ৰেয়সীৰ ঘৰৰ ঠিকনা বিচৰাৰ মাদকতা
দেউতা ভৰ্ত্তি হৈ থকা হাস্পতালৰ
কেবিন বিচাৰোতে পোৱা নাযায়,
চাকৰি বিচাৰি অফিচৰ বাট
বিচৰাৰ যন্ত্ৰণা
বিলাস ভ্ৰমণৰ বাট বিচাৰোতে নাই৷
তথাপিও 
বাট বিচাৰি বাটতে থকাৰ সুখ
বাট বিচাৰি অবাটে যোৱাত নাই..

✍️প্ৰণৱ চক্ৰৱৰ্ত্তী
     নলবাৰী,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)