যুগনায়ক বাবাচাহেৱ-পংকজ ৰবিদাস

আমি পঢ়িবলৈ পাওঁ বা সামাজিক মাধ্যমত চৰ্চিত হয় যে ধীৰুভাই আম্বানী এসময়ত পেট্ৰল পাম্পত কাম কৰি পিছলৈ দেশৰ এক নামজ্বলা উদ্যোগপতি হিচাপে পৰিগণিত হৈছিল; এসময়ত বাছ কনডাক্টৰ হিচাপে কাম কৰা দক্ষিণৰ ৰজনীকান্ত আৰু বন্ধুৰ পৰা ২০ টকা ধাৰ লৈ চিনেমা জগতলৈ বাছেৰে যোৱা শ্বাহৰুখ খান আজি চিনেমা জগতৰ বাদছাহ ঠিক তেনেদৰে শুনিবলৈ পাওঁ যে প্ৰখ্যাত ফুটবল খেলুৱৈ লিয়নিল মেছি আৰু আমাৰ দেশৰ বৰ্তমান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱেও এসময়ত জীৱিকাৰ বাবে চাহৰ দোকানত কাম কৰিছিল বা চাহৰ দোকান দিছিল। কিন্তু আমি হয়টো সৰহসংখ্যকেই নাজানো যে কেতিয়াবা বিদ্যালয়ৰ বাৰান্দাত আৰু কেতিয়াবা বিদ্যালয়ৰ শেষ বেঞ্চত অকলশৰীয়াকৈ এলাগী হৈ থকা এজন ছাত্ৰ শেষত সৰ্বশ্ৰেষ্ঠ ভাৰতীয় আৰু ভাৰতৰত্নৰে অলংকৃত হোৱাৰ উপৰিও চিম্বল অফ ন'লেজ (simbol of knowledge) বুলি বিভোষিত হ'ল। হয়, সেইজনেই হৈছে ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰ। যুগ যুগান্তৰৰ শেষত এনেধৰণৰ মহাত্মা বা মহামানৱে এই পৃথিৱীত জন্মগ্ৰহণ কৰে যাৰ বিচাৰধাৰা আৰু অতুলনীয় অৱদান তথা কৰ্মৰাজীয়ে যুগ যুগ ধৰি সাধাৰণ জনতা আৰু সমাজ ব্যৱস্থাক প্ৰভাৱিত কৰি ৰাখি সহজ সৰল জনগণক উদ্গতি বা প্ৰগতিৰ বাবে অসীম প্ৰেৰণা যোগাই আহিছে। এক যোগাত্মক পৰিৱৰ্তনৰ বাবে মনোবল আৰু উৎসাহ যোগায়। এনে এক পূণ্যাত্মা হ'ল যোগপুৰুষ ড০ আম্বেদকাৰ। ১৮৯১ চনত মধ্য প্ৰদেশৰ মাউ নামে এখন গাঁৱত জন্ম লাভ কৰা আম্বেদকাৰৰ শৈশৱ আছিল অতি দুখলগা। তেখেতৰ জন্মভূমি গাওঁ খন আজি ড০ আম্বেদকাৰ নগৰ বুলি পৰিচিত আৰু তেখেতৰ অনুগামীসকলে আজি সেই গাওঁ খনক পূণ্য তীৰ্থস্থান বুলি গণ্য কৰে। শোষণ, পীড়া আৰু ভেদভাৱৰ মাজত শৈশৱ অতিবাহিত কৰা আম্বেদকাৰৰ প্ৰখৰ বুদ্ধিমত্তা আৰু অনন্য ব্যক্তিত্বৰে ৰাষ্ট্ৰ নিৰ্মাণৰ লগতে দেশ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত স্মৰণীয় অৱদান দি থৈ গৈছে।                                      আম্বেদকাৰ আছিল শোষিত আৰু উপেক্ষিত জনগণৰ ত্ৰাণকৰ্তা। প্ৰতিজন শোষিত আৰু বঞ্চিত জনতাৰ তেওঁ এক বলিষ্ঠ কণ্ঠ আছিল। সেয়ে আজি আম্বেদকাৰ এজন মাথো ব্যক্তি নহয়, দৃঢ় সংকল্পৰ অন্য নাম আৰু আজি ভাৰতৰ ভিতৰতে নহয়, সমগ্ৰ বিশ্বতে সমাদৃত হৈছে। ইংৰাজ চৰকাৰৰ অধীনৰ সৈন্য বাহিনীৰ চুবেদাৰ পদত কাৰ্যনিৰ্বাহ কৰা ৰামজী মালোজী চকপাল আৰু মাতৃ ভীমাবাঈৰ ১৪ নম্বৰ তথা কণিষ্ঠতম সন্তান ভীমৰাও আম্বেদকাৰ দেৱ সামাজিক, আৰ্থিক, ৰাজনৈতিক, ধৰ্মীয়, শিক্ষা, সাহিত্য, সংস্কৃতি, সাংবিধানিক আদি বিভিন্ন ক্ষেত্ৰত মহত্বপূৰ্ণ অৱদানেৰে যুগমীয়া কীৰ্তি ৰাখি বন্দিত হৈ আহিছে। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম আইন মন্ত্ৰী হৈ মহিলা আৰু শ্ৰমিক শ্ৰেণীৰ সৱলীকৰণৰ  লগতে সামাজিক ও আৰ্থিক পৰিৱৰ্তনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। কিন্তু আজি অৱশ্যে অনুসূচিত জাতিৰ সংগঠন সমূহৰ বাহিৰে শ্ৰমিক, মহিলা বা আন সামাজিক সংগঠনে আম্বেদকাৰ দেৱৰ জন্ম আৰু মৃত্যু বা মহাপৰিনিৰ্বান দিৱসত স্মৰন কৰা তেনেকৈ দেখা পোৱা নাযায়। তেওঁ বঞ্চিত খাতিখোৱা জনগণৰ উত্থানৰ বাবে সমাজত জাগৰণ আনি সংগঠিত কৰি ন্যাৰ্য্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰিয়েই সমগ্ৰ জীৱন উচৰ্গা কৰিছিল। তেওঁ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি  'শিক্ষিত হোৱা, সংগঠিত হোৱা আৰু ন্যাৰ্য্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰা;"-এই মহামন্ত্ৰ সাধাৰণ জনতাক দি গৈছে। পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক সংবিধান তথা আমাৰ ভাৰতবৰ্ষৰ সংবিধান খন হ'ল তেওঁৰ আন এক কীৰ্তিস্তম্ভ। তেওঁ আছিল স্বতন্ত্ৰ বিচাৰধাৰাৰ বিভূতি আৰু এজন অদ্ভূত বিদ্বান ব্যক্তি । সেয়ে জাতিৰ পিতা মহাত্মা গান্ধী আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ লগত মত, দৰ্শন আৰু আদৰ্শৰ পাৰ্থক্য থাকিলেও আম্বেদকাৰ দেৱৰ পাণ্ডিত্যক উপেক্ষা কৰিব নোৱাৰি নেহেৰু মন্ত্ৰীসভাত স্হান দিছিল। অৱশ্যে সংসদত হিন্দু কোড বিল গৃহীত নোহোৱাত তেওঁ খং আৰু অভিযানত ১৯৫১ চনত নেহেৰু মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল। পৰৱৰ্তীকালত বিলখনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা উপলদ্ধি কৰি টুকুৰা টুকুৰকৈ হিন্দু কোড বিল গৃহীত হৈছিল। তেওঁ পৰাধীন ভাৰতত ১৯২৬ চনত বম্বে বিধান পৰিষদৰ সদস্য নিৰ্বাচিত হৈ শ্ৰমমন্ত্ৰী হৈছিল। তেওঁ ৰাজহুৱা পুখুৰীৰ পানী খোৱাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আন্দোলন কৰা পৃথিৱীৰ একমাত্ৰ আৰু প্ৰথম সত্যাগ্ৰহী নেতা। এই অহিংস সংগ্ৰাম মাহাৰ সত্যাগ্ৰহ নামে জনাজাত। তেওঁ মন্দিৰত প্ৰবেশ কৰিবলৈ আৰু পুখুৰীৰ পানী খোৱাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ভাৰতীয় সমাজ ব্যৱস্থাত তথাকথিত নিম্ন শ্ৰেণীৰ লোকসকলৰ হৈ আন্দোলন কৰিবলগীয়া হৈছিল। ভাৰতৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ "সবকা সাথ, সবকা বিকাশ" মূল মন্ত্ৰ আম্বেদকাৰ দেৱৰ পৰা অনুপ্ৰাণিত হৈ লৈছিল বুলি উল্লেখ কৰিছে। আম্বেদকাৰ দেৱে বঞ্চিত লোক সকলক বুজাব খুজিছিল যে যিখন পৃথিৱীত তেওঁ লোকে বসবাস কৰে আৰু যিখন আকাশৰ তলত  তেওঁ লোক থাকে, তাত তেওঁ লোকৰো সমান অধিকাৰ আছে। বিদ্যালয়ত তেওঁ পিয়াহত পানী খাবলৈও অপমানিত হ'ব লগা হৈছিল আৰু পানী খোৱা পাত্ৰ চুব নোৱাৰিছিল । বেলেগকৈ অকলে শেষ বেঞ্চত বহিব লগীয়া হৈছিল আৰু আনকি কেতিয়াবা বিদ্যালয়ৰ বাৰান্দাত বহিয়েই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। এই আম্বেদকাৰ দেৱেই পিছলৈ কলা আৰু বিজ্ঞান শাখাৰ উভয়ৰে একাধিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী, আইনৰ স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰিও একাধিক বিষয়ত গৱেষণা কৰি ৪টাকৈ ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হৈছিল। দেৱভাষা সংস্কৃতকে ধৰি কেইবাটাও ভাৰতীয় আৰু ইউৰোপীয় ভাষা তেওঁ অধ্যয়ন কৰিছিল। তেওঁ পালি ভাষাৰ অভিধান খনো লিখি উলিয়াইছিল। তেওঁ দক্ষিণ এছিয়াৰ ভিতৰত অৰ্থনীতি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ প্ৰথম জন ব্যক্তি। তেওঁ" টকাৰ সমস্যা, উৎপত্তি আৰু সমাধান" শীৰ্ষক গৱেষণা পত্ৰ লিখি অৰ্থশাস্ত্ৰত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু সেই থেচিচৰ ফলশ্ৰুতিত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গঠন কৰা হৈছিল। তেওঁ অৰ্থনীতি, সমাজশাস্ত্ৰ, ইতিহাস, নৃতত্ব,, ৰাজনীতি আৰু দৰ্শন এই আটাইবোৰ বিষয়ত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। লণ্ডনৰ পৰা তেওঁ বিজ্ঞান শাখাত ১৯২১ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯১৭ চনত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয় পৰা পি এইচ ডি, ১৯৫২ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা এল এল ডি,১৯২৩ চনত  লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা বি এছ চি আৰু হাইডৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা বি লিট আদি চাৰিটাকৈ ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯২০ চনত তেওঁ লণ্ডনৰ "গ্ৰে'চ ইন"ৰ পৰা আইনৰ বেৰিষ্টাৰ ডিগ্ৰী লাভ কৰে। তেওঁ ২৪ বছৰ বয়সতে ভাৰতীয় সমাজৰ জাতি ব্যৱস্থা সম্পৰ্কে গৱেষণা মূলক তথ্য সমৃদ্ধ লেখা লিখিছিল। তেওঁ এবছৰত ১৬ হাজাৰ কিতাপ পঢ়িছিল আৰু নিজৰ ব্যক্তিগত পুথিভঁৰালত ৫০ হাজাৰ কিতাপ ৰাখিছিল। তেওঁ ২বছৰ ১৫মাহ ১৮ দিনত স্বাধীন ভাৰতৰ সংবিধান ৰচনা কৰিছিল। তেওঁ মুকনায়ক, বহিষ্কৃত ভাৰত আৰু জনতা নামেৰে তিনিখন আলোচনী সম্পাদনা কৰি প্ৰকাশ কৰিছিল। তেওঁ সমতা সৈনিক দল, শ্ৰমিক দল ,  বহিষ্কৃত হিতকাৰণী সভা আৰু অনুসূচিত জাতি জনজাতি সংঘ নামেৰে সামাজিক আৰু ৰাজনৈতিক সংগঠন গঠন কৰিছিল। শ্ৰমিকৰ কামৰ সময় ১৪ঘন্টাৰ পৰা ৮ ঘন্টাৰ আৰু অতিৰিক্ত কামৰ বাবে অতিৰিক্ত বাৰ্তা দিয়াৰ ব্যৱস্থা তেওঁৰ উদ্যোগতে হৈছিল।             পশু আৰু মানুহৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে তেওঁ কৈছিল -পশুৱে নিজে বিচাৰ আৰু বিকাশ কৰিব নোৱাৰে, মানুহে নিজৰ চিন্তা শক্তি প্ৰয়োগ কৰি বিকাশ সাধন কৰিব পাৰে। মানুহ অমৰ নহয়। কিন্তু নিজৰ বিচাৰ আৰু আদৰ্শ ভৱিষ্যত প্ৰজন্মলৈ এৰি যাব পাৰে। নতুন চিন্তাধাৰা আৰু উদ্ভাৱনী শক্তিৰে মানুহে পৰিৱৰ্তন সাধন কৰিব পাৰে। সেয়ে সময়ৰ লগত চিন্তাৰো সলনি হোৱা প্ৰয়োজন। তেতিয়াহে ডাঙৰ সপোন দেখিব পাৰি। ৰাজনীতিক সমানতা, লিংগৰ সমানতাৰ লগতে সামাজিক সমানতাৰ ওপৰটো তেওঁ বাখ্যা কৰিছিল। এইজন যুগনায়কক বহু পলমকৈ মৰণোত্তৰভাৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী ভি পি সিংৰ কাৰ্যকালত বহুজন সমাজ পাৰ্টীৰ নেত্ৰী মায়াৱতীৰ হেঁচাতহে ১৯৯০ চনত ভাৰতৰত্ন সন্মান প্ৰদান কৰা হয়। ২০১২ চনত এক ব্যক্তিগত দূৰদৰ্শন চেনেলৰ জনতাৰ  চাৰ্ভেত সৰ্বোত্তম মহান ভাৰতীয় আৰু আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ে তেখেতক বিশ্বৰ শ্ৰেষ্ঠ বিদ্বান আখ্যা দিয়ে। বিংশ শতিকাৰ এইজন শ্ৰেষ্ঠ ভাৰতীয়ৰ ১৯৫৬ চনৰ ৬ ডিচেম্বৰত এই পৃথিৱীৰ পৰা মহাপ্ৰস্হান ঘটে। আজি মহাপৰিনিৰ্বাণ দিৱসৰ দিনা এইজন যুগনায়কক শ্ৰদ্ধাৰে সোৱঁৰণ কৰিলো।। 

✍️ পংকজ ৰবিদাস
ঠিকনা- তিনিচুকীয়া থাৰ্মেল কলনী, 
ডাক-শুকানপুখুৰী, তিনিচুকীয়া,

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send