বিবেক আৰু আবেগ ( দ্বিতীয় খণ্ড)-নয়নমনি বৰা

Rinku Rajowar
0
"থোৱা হে , তোমাৰ কথা মই শুনিছোঁ নহয় সৰু সৰু কথাতে চকুপানী উলিয়াই ফুৰা কোনোৱে কয় ঘৰিয়ালৰ চকুপানী আৰু কেতিয়াবা আগ-পিছ নভবাকৈ যিকোনো কথা কৈ মানুহক বিপদত পেলোৱা ,মুঠৰ ওপৰত তোমাৰ চিন্তা কৰিব পৰা ক্ষমতাই নাই" - বিবেকে ক'লে । "ইহ্ তুমিহে জানা ! দেখিছোঁ দিয়া তুমি কিমান গভীৰ ভাবে চিন্তা কৰি কথা কোৱা ---।" "ইসৰাম হ'ব হ'ব । তোমাৰ মুখত শোভা নাপায়" - আবেগৰ কথাত বিবেকে ক'লে - "খং-ৰাগ , অভিমান এই কু-প্ৰবৃত্তিবোৰে তোমাক কিমান বিপদত পেলাই দেখাই পাওঁ দেখোন ! কিন্তু মোৰ ধৈৰ্য্য ,সত্য ,সাহস ,নিষ্ঠাত কোনেও মূৰ তুলি কথা ক'ব নোৱাৰে জানা । মুঠৰ ওপৰত তোমাতকৈ মোৰ ক্ষমতা বেছি" । "এ দেখিছোঁ দিয়া - তুমি কিবা এটা কৰিবলৈ যিমানহে সময় লাগে ধৈৰ্য্যৰ বান্ধ চিগি যায় ।" এনেদৰে তৰ্ক লাগি থকা সময়তে সেই ঠাইত বিধাতা আহি উপস্থিত হ'ল আৰু ক'লে - "কি হে বন্ধুদ্বয় , কি হৈছে তোমালোকৰ ? মই জানিব পাৰোঁনে ?" দুয়োৰে তৰ্ক সিমানতে সাম কাটিল আৰু দুয়োয়ে বিষয়টি ভাঙি-পাতি বিধাতাক ক'লে । তাকে শুনি বিধাতাই মাত লগালে - "তেতিয়া হ'লে ইয়াৰ প্ৰমাণেকে চোৱা যাওঁক কাৰ ক্ষমতা বেছি নে কি কোৱা হে বন্ধুদ্বয় ?" ইটোৱে সিটোৰ মুখলৈ চাই -'চিন্তা নকৰিবা মই কাৰো অপকাৰ নকৰোঁ , দুয়োকে সহায় কৰিম , তোমালোক দুয়ো দেখোন মোৰ পৰম মিত্ৰ যদিহে... বিবেক - "অ হ'ব  , তুমি যি ভাল দেখা তাকে কৰা । ন আবেগ - ওঁ , তেন্তে সেয়ে হওক..." । 
  
              আগলৈ---

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)