মই শ্বহীদে কৈছো-বাণীকান্ত লহকৰ

©Admin
0
আপোনাৰ দৰে মোৰো এটি সুন্দৰ ভৱিষ্যত আছিল
ময়ো সপোন দেখিছিলো ফুল আৰু পখিলা খেদাৰ
মোৰো মা দেউতাই মোক লৈ পৰিকল্পনা কৰিছিল ভৱিষ্যতৰ 

আপুনি নভবাৰ দৰে ময়ো ভবা নাছিলো
বলিশালৰ বলি হম বুলি 

আপোনালোকৰে ভাল নিয়তিয়ে দিছে 
মহৎ গুণ পাহৰিব পাৰে সোনকালেই

আমি যে এতিয়া ক'বই লাগিব
চাৰিত্ৰিক গুণৰ বলতে আপোনালোক  উভচৰ হ'ল
  হাঁহেৰেও ৰাজি‌ মাহেৰেও
মাত্ৰ হ'ব লাগিব ব্যক্তিগত মুনাফা

আমি কিন্তু ভবা নাছিলো এনে দিন আহিব বুলি
আপোনালোকৰ উচ্ছাস উদ্দীপনা দেখি
বাৰে বাৰে নিজকে ধন্য মানিছিলো  
থাকক ব্যক্তিগত সকলো পৰি 
দেশৰ বাবে দহৰ বাবে মৰিবলৈ পাই
ধন্য এই মাটিৰ দেহ 

ইমান দিন স্বৰ্গতে আছিলো
ৰৱ, আপোনালোকে নাজানে স্বৰ্গ বুলি
আমাৰ বাবে কোনো নতুন ঠাই নাই 

আপোনালোকৰ হৃদয় মন্দিৰ একোখন  সৰগ
যেতিয়া আমাক তাতে বাহ দিছিল 
কিন্তু নাজানো কিহৰ দোষত আমাক উলিয়ালে 

আমাৰ নামত বনোৱা বেদী বিলাক জংঘলী হ'ল
আপোনালোকক জংগলী বুলি ঠগি থকাৰ দৰে

বেয়া নেপাব এতিয়াও ভাৰতৰ বেছিভাগ মানুহে
আপোনালোকক চিনি নেপায়
আচলতে আপুনি ক'ৰ মানুহ 

শিক্ষিত খিনিৰো আপোনাৰ প্ৰতি কোনো শুদ্ধ ভাব মূৰ্তি নাই
যাযাবৰী জীৱনৰ অভিজ্ঞতাৰে কৈছো

নাভাবিব আপোনালোকৰ দৰে আমিও
সংস্থা  খুলি দেশ বিদেশ ঘূৰি ফুৰিছোঁ বুলি
যদিও আমাৰ সময়ত আমাৰ সংখ্যাটোৱে 
সকলোৰে চকু কপালত উঠাইছিল

হিৰুদাই কোৱাৰ দৰে আপোনালোকেও চিঞৰিছিল
"তৰিলে দেশ মৰিলে  স্বৰ্গ"

আপোনালোকে ভবাৰ দৰে আমাৰ মাজত কোনো পাৰ্থক্য নাই
এওঁ স্বাধীনতা আন্দোলনৰ শ্বহীদ
তেওঁ অসম আন্দোলনৰ শ্বহীদ
আনজন---থাকক সেইবোৰ

আপোনালোকৰ ভাল বুলি জানিলে ভাল লাগে দিয়কচোন 
কোনোবাই জোৰ কৰি মানি নললেও
আমি একে ভাৰতীয় ত্ৰিৰংগৰ অংশীদাৰ 

মোৰ দুখত  আপোনালোকৰ অন্তৰাত্মাই
যেতিয়া কান্দি ৰাউচি জুৰিব
আমি পুণৰ জী উঠিম আপেনালোকৰ অন্তৰে অন্তৰে 
মোৰ দৰে আপুনিও হ'ব 
এজন প্ৰকৃত স্বদেশ প্ৰেমী।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)