বুঢ়া ডাঙৰীয়াৰ পাপ-দেৱ দাস

©Admin
0
“ কোন ! কোন অধৰমী ঐ সেইটো ? গাত কিয় গৰম পানী  বাকি দিলি ঐ ? ঐ বাঘে খোৱা? তোক বাঘে .......”
      বাটৰ কাষত বহি প্ৰস্ৰাৱ কৰি থকা কুলামণি পাঠেকে গামোচা আৰু চেলেং জোঁকাৰি জোঁকাৰি উধাতু খাই দৌৰি আহি চোতালত হামখুৰি খাই পৰিলহি। প্ৰসাদ খাই থকা দুজনমান ভকত, গাওঁবুঢ়া আৰু ডেকা-চেঙেলীয়া দুটামান উঠি গৈ কুলামণি ভকতক ধৰি বহুৱাই দিলে।“ কি হৈছে? কি হৈছিল? ” বুলি প্ৰায় সকলোৱে একেমুখে ওপৰা ওপৰিকৈ প্ৰশ্ন কৰিলে।পাঠেকে ভয়ত কঁপিছিল। মুখৰ ভিতৰতে ভোৰ-ভোৰাই কিবা কৈছিল যদিও কোনেও বুজাহে নাছিল। চেঙেলী নাম লগুৱাই চকুৱে মুখে পানী চতিয়াই দিলে। অলপ প্ৰকৃতিস্থ হোৱা যেন পাই ,পানী এগিলাছ আগবঢ়াই দি নামলগুৱাই সুধিলে -“ কৃষ্ণ, কি হৈছিল নো বাপ? কিবা মনত পৰিছে নে?" 
     কুঁট কুঁটকৈ একে উশাহতে পানী গিলাচ শেষ কৰি চাৰিওফালে চাই লাহে লাহে ক'লে -“ বাটৰকাণত পথাৰৰ ফালে নামি সৰু পানী চুই আছিলোঁ। হঠাতে আকাশৰ পৰা জুই হেন তপত জলবৃষ্টি হ'ল আৰু মোৰ গা-মুৰ তিয়াই দিলে। এতিয়াও চেক-চেকনি মৰা নাই। মই কোনোবা নৰ-মনিচৰ কাম বুলি ভাবি অধৰমী, বাঘে খোৱা বুলি কটু বচন শুনালোঁ ” । কপাল চপৰিয়াই, মাটিত ঢকিয়াই আকৌ ক'লে - হাঁয়!হাঁয়! পিছলৈ ঘূৰি চাই দেখোঁ সাক্ষাত বুঢ়াডাঙৰীয়া হেন দিব্যপুৰুষ এজনে মোক চতা-মতাকৈ দৰ্শন দি হঠাৎ অন্তৰ্ধান হৈ গ'ল ”।  বুকুত চপৰিয়াই পুনৰ কান্দিবলৈ ধৰিলে। ৰাইজে হৰিধ্বনি দি পাঠেকক স-ভক্তিৰে, স-সম্ভ্ৰমেৰে থাপনাৰ ওচৰলৈ আগবঢ়াই নি আসনত বহুৱাই দিলে।
  **********
 ১৯৮০ চনৰ কথা। আগৰ বছৰ বোৰৰ দৰেই সেইদিনা আছিল নখন্দা গাৱঁৰ বুদ্ধেশ্বৰ ভকতৰ ঘৰৰ ন-খোৱা । ন-খোৱা মানে গাঁও খনৰ এটা সৰু-সুৰা ভোজেই।ভেলৌপাৰ বিলৰ পৰা অনা আধামোন (তিনিটা) ৰাঘবৰালী মাছৰ পকাতেতেলী দিয়া টেঙা  আৰু আধামোন(চাৰিটা) ঢেকেৰা মাছৰ জলা আঞ্জাৰ ন-লগোৱা ভোজ।(ভকতীয়া ভোজ,মাংস নিষিদ্ধ)। সেইখন গাৱঁৰ এম ই স্কুলখনত শিক্ষকতা কৰাৰ সুবাদতে  আমি ওচৰৰ গাৱঁৰ তিনি জন মাষ্টৰে নিমন্ত্ৰণ ৰক্ষা কৰি ন-খোৱাত উপস্থিত আছিলোঁ। অঞ্চলটোত তেতিয়ালৈকে বিজুলী খুঁটা আছিল যদিও তাত তাঁৰহে লগোৱা হোৱা নাছিল। ৰাতি মেণ্ঠেল (পেট্ৰমাস্ক) লাইটৰ  পোহৰত নাম-পাঠৰ পিছত মাহ-প্ৰসাদ বিতৰণ হৈ গৈছিল। স্কুলত খাতাংকৈ আহিম বুলি কৈ যোৱা মায়েঙীয়াৰ পূণ্যেশ্বৰ মাষ্টৰ তেতিয়ালৈকে আহি নোপোৱাত, মই অলপ আগবাঢ়ি যোৱাৰ চলেৰে চাধা এপালি খাই আহিবলৈ ওলাই গৈছিলোঁ। ।
******
পাপটো
********
মাষ্টৰ নহা দেখি কিছু পৰ ৰৈ, ন-খোৱা ঘৰলৈ ঘূৰি আহিছিলোঁ। ভোজ খাবলৈ অলপ আজৰি কৰি লওঁ বুলি দুঘৰ মানৰ আঁতৰত ঘিটমিটিয়া এন্ধাৰত থিয়ৈ থিয়ৈ প্ৰস্ৰাৱ কৰোঁতেই লেঠাটো লাগিল। অধৰমী, বাঘেখোৱা বুলি  চিঞৰ শুনিহে গম পালোঁ যে মই এন্ধাৰত কোনোবা ভকতৰ গাত প্ৰস্ৰাৱ কৰিছিলোঁ। পলম কৈ মাষ্টৰৰ লগত একেলগে সোমাই অহাত কোনেও একো সন্দেহ নকৰিলে।
  ********

✍️দেৱ দাস।
     তেজপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)