শব্দবোৰে বাৰে বাৰে সময়ৰ ব্যস্ততাৰ কাৰণে মগজুৰ পৰা আঁতৰি যায় ।
সৃষ্টি অংকুৰিত বীজবোৰ প্ৰথমতে শুকাই গৈছে ।
ইষ্ট দেৱতাৰ ওচৰত কিছু প্ৰশ্ন কৰি নিজকে শুধৰাই সজাই পৰাই লওতেই কলমটোৱে বাৰে বাৰে বিসংগতি দেখুৱাইছে ।
কঠিন শব্দবোৰৰ অৰ্থ বিচাৰোঁতেই যায় বহুত সময় ।
আজি আকৌ কলমটো ল'লো হাতত
কাব্যিক সংকলনৰ অংশীদাৰ হ'বলৈ ।
পৰিচয় বহন কৰক মোৰ লিখনিৰ মাধ্যমেৰে , মনত ৰওক তোমাৰ , মোৰ শব্দৰ গাঁঠনিবোৰ ।
থমকি ৰৈ যোৱা সকলো দিশ আকৌ নতুন দিগন্ত হওক ।
পোহৰৰ সন্ধানত আন্ধাৰ নাশিবৰ বাবে আহিছোঁ নতুন উদ্যমৰে ।
চিৰ প্ৰবাহমান হওক সূৰুযৰ দিশে ।
✍️ শ্ৰী উৎপল দাস
কুৰুৱাবাহী,বোকাখাত