মৰীচিকা-প্ৰবীণ দত্ত

সপোন এটাৰ পম খেদি মই 
দৌৰি ফুৰিছোঁ অৰঙে-দৰঙে
পাহাৰে কন্দৰে বগাই ফুৰিছোঁ
গোপনে আওৰাইছো এহেজাৰ নিশাৰ সাধু।
চলাথ কৰিছো পিৰামিডৰ চহৰ  
আৰু সাত কবৰৰ নগৰ ।
গোপনে একাকাৰ কৰিছোঁ 
হাতীপটীৰ প্ৰতিটো অলি-গলি।
কুমেৰুৰ পৰা সুমেৰুলৈ সমগ্ৰ পথ
গ্ৰীষ্মৰ পৰা বসন্তলৈ সমগ্ৰ সময় ।
থৰ ,গোবি ,চাহাৰা…
তপত বালিৰ মৰীচিকা বুকুত বান্ধি 
অঘৰী বেদুইনৰ সতে কটালো
বহুত তন্দ্ৰাহীন ৰাতি।
তথাপিচোন নাপালোঁ
মোৰ সমগ্ৰ সত্তা জুৰি
শিৰাই উপ-শিৰাই বিয়পি থকা
ছঁয়াময়া সপোনৰ ঠিকনাটি।
অনুৰাধা…!
ভাৱনাৰ বহুত শব্দ সমাধিস্থ হ'ল
বহুত বাৰ বাঢ়িল বহুত বাৰ শুকাল
মোৰ চিনাকি নদী।
কিমান বাৰ ফুলিল
কিমান বাৰ সৰিল
পদূলিৰ খৰিকাজাঁই জুপি।
গোপন সপোনৰ পম খেদি
লি অ'নাৰ্ডো দা ভিঞ্চিৰ
গোপন আৱিৰ সানি 
আঁকিছিলো হেঁপাহৰ ছবি। 
সৰাপাতক সুধিলোঁ
পলাশ ,মদাৰক আৰু
পছোৱাক সুধিলোঁ
শীতৰ কুঁৱলী আৰু
শেৱালিৰ সুবাসত বিচাৰিলো
চলাথ কৰিলো প্ৰতিখন নদীৰ
সেউজ উপত্যকা ।
তথাপি কোনেও নিদিলে 
তোমাৰ সঠিক ঠিকনা । 
শ্ৰান্ত ,ক্লান্ত মই যে প্ৰেমিক বাটৰুৱা
কিদৰে পাহৰো সপোনৰ মৰীচিকা !

 ✍️প্ৰবীণ দত্ত 
      শিৱসাগৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send