আঘোণৰ আনন্দ-অৰ্পনা গগৈ

Rinku Rajowar
0
জন্ম ললো ভাৰতৰে সূৰ্য উঠা 
সোণোৱালী অসমত
ভৰি দিলোঁ নিয়ৰ দুৱৰীৰ পাতত।।
দুচকু মেলি দেখিলোঁ
আঘোণৰ পথাৰ সোন
গুটি ধাননি ।।
মূৰৰ খোপাত গামোচা বান্ধি
হাতত কাঁচি খন লৈ
সোন গুটিছে 
মুঠি মুঠি কৰি।।
আঘোণৰ পথাৰ দাৱনী 
জাকলৈ বুলি
খগেন খুড়াই নিছে
টেঙা দুটা মান কলপাতত টোপোলা বান্ধি।।
তাতে আকৈ সোন গুটিৰ 
মাজত ভাত মুঠি খাবলৈ বুলি
নিচে ৰহেদৈ বাই পানিটেঙা।।
তাকে লৈ লাগিছে টনা-আজুৰা
কোন জনীয়ে বাৰু সৰহকৈ পায়।।
এইয়াই সূৰ্য উঠা সোণোৱালী অসমৰ
আঘোণৰ আনন্দ।।
আঘোণৰ পথাৰ আনন্দত
৭০ বছৰীয়া খুৰাদেউ চোন
ছয়থ ডাঙৰীতো কান্ধত
ঘৰলৈ বুলি আনিলে।।
পিছ ফালৰ বাৰীৰ পৰা 
আঘোণৰ পথাৰ দৱনীৰ
কিৰিলি শুনি
আইতাও ওলাই গ'ল,
হাতত কাঁচি খন লৈ
সোন গুটি কাটো বুলি
এইয়াই আঘোণৰ আনন্দ।।
    
       🔳 অৰ্পনা গগৈ
      জিলা ধেমাজি (অসম)
    গাঁও আকটাই নাহৰণি (চিৰিপানী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)