হৃদয়ত ঘৰ সজা মানুহবোৰ-হেমেন হাজৰিকা

Rinku Rajowar
0
সম্পৰ্ক দুই ধৰণৰ হয় , তেজৰ সম্পৰ্ক আৰু অন্য ধৰণে গঢ়ি উঠা আত্মিক সম্পৰ্ক । তেজৰ সম্পৰ্কৰ কথা বাৰু বাদ দি থলো কিন্তু গঢ়ি উঠা সম্পৰ্ক কেতিয়াবা স্থায়ী হৈ যায় । হৃদয়েৰে গঢ়া সম্পৰ্কবোৰ চিৰস্থায়ী হয় । যত কেৱল হৃদয় থাকে মগজ আৰু শৰীৰ সম্পূৰ্ণ বাহিৰত থাকে । তেনে কিছুমান মানুহে হৃদয়ত ঘৰ সাজি বহে । হৃদয়ত ঘৰ সজা মানুহবোৰ দকৈ সাচ পাতি বহে ৰৈ যায় চিৰদিনৰ বাবে । ক'ৰবাত কেতিয়াবা ক্ষন্তেক সময়ৰ বাবে লগ পোৱা মানুহ এজনেও কেতিয়াবা হৃদয়ত দকৈ সাচ বহুৱাই থৈ তাল থৈ যাৱ পাৰে । তেওঁৰ কথা বতৰা, ব্যৱহাৰ, তেওঁৰ আচৰণ আদিয়ে । বিনা স্বাৰ্থত একো বিনিময় নোহোৱাকৈ অক্লান্ত বদনে তেওঁ সহায়ৰ হাত আগবঢ়ায় যায় । সহায় কৰি তেওঁ ভাল পায় কিয় হয়তো নাজানে ।এষাৰি মৰমৰ মাত সহায়ৰ হাত বিপদৰ সময়ত আপোনাৰ কাষত ঠিয় দিয়া মানুহজনক আপুনি যদি পাহৰে আপুনি বাৰু কৃতঘ্ন নহবনে ? কেতিয়াবা কেতিয়াবা দেখা যায় আমাৰ আত্মীয় স্বজনেও বিভিন্ন সচা মিচা অজুহাত দেখুৱাই আমাৰ পৰা আতৰি থাকিব খোজে । যেতিয়া আপোনাৰ ওচৰত প ইচ্ছা থাকে তেতিয়া সিহঁতে ভিৰ কৰে আৰু আপুনি অৰ্থহীন হ'লে সিহত আপোনাৰ কাষ নাচাপে । কিন্তু এনে কিছুমান মানুহ আছে সিহঁতে আপোনাৰ হৃদয়ত এখন সুকীয়া আসন অধিকাৰ কৰি বহিছে । আপোনাৰ যিকোনো কামত আপোনাক সহায় কৰিছে । বিপদে সম্পদে আপোনাৰ কাষত ঠিয় দিছে , মুঠতে তেখেতে শ্ৰীকৃষ্ণ আৰু কৰ্ণৰ দৰে তেখেতে আপোনাৰ কাষত আছে 
গতিকে সেই জনক আপুনি কেনেদৰে পাহৰে । তেখেত আপোনাৰ মনত এজন সৰু মানুহ হ'ব পাৰে । কিন্তু তেখেতৰ মনটো ? তেখেত বাৰু ডাঙৰ মনৰ সৰু মানুহ নহয়নে ? আমাৰ সমাজত সৰু মনৰ ডাঙৰ মানুহতকৈ ডাঙৰ মনৰ সৰু মানুহ জনৰহে বেছি আৱশ্যক আছে । তেখেতে সকলৰ বাবেইতো সুন্দৰ হৈ ধুনীয়াকৈ চলি আছে নহ'লে হয়তো কোনোবা দিনাই মৰুভূমিত পৰিনত হলহেতেন । তেওঁ বিলাকৰ সেই বদান্যতাক কোনো মূল্যৰে জুখিব নোৱাৰে ।
আমি সকলোৱে তেওঁলোকৰ ওচৰত চিৰদিনৰ কৃতজ্ঞ আৰু চিৰদিন ঋণী হৈ নাথাকিম নে ? কেনেদৰে পাহৰিম ? ইমান সহায় ইমান আত্মীয়তা । আজিৰ সমাজত তেনেধৰণৰ লোক সমাজত পাবলৈ এপাচি শাকত এটা জালুকৰ লেখিয়া নহৱনে ।
যি সময়ত আপোনাৰ আত্মীয়ই সম্পদৰ সময়ত আপোনাৰ কাষত থাকি, কিবা সহায় কৰিব লগা যেন পালে কাষৰ পৰা ফালৰি কাটে । তেনে ক্ষেত্ৰত সেই অনা আত্মীয় জনে কিন্তু আপোনাৰ কাষত থাকি আপোনাক সকাহ দিছে , দিছে উৎসাহ , সাহস ভাগি নপৰিবলৈ ধৈৰ্য ধৰিবলৈ সেইটোও কম সহায় নহয় । গতিকে তেওঁলোক আত্মীয় নহ'লেও তেনে লোক সকলে হৃদয়ত ঘৰ সাজি বহে । সময়ে সময়ে মনত পৰে আপোন যেন লাগে । পাহৰিব নোৱাৰি কাহানীও । চিৰদিন চিৰকাল তেওঁলোক আপোনাৰ শাৰীত ঠিয় হয় । আজিৰ সমাজত ব্যৱস্থাতনো কোন কাৰ আপোন ।
মাত্ৰ দুদিনৰ চকুৰ চিনাকি তাৰ বাদে আন একো নহয় । তাৰ বাবেই আমি আমাৰ অকণমান সহায়ে কাৰোবাৰ আপোন হৈ পৰিব পাৰো তাতকৈ সুখকৰ কথা কিবা থাকিব পাৰে জানো । আমাৰ আপোন শত্ৰুৱে আমাৰ বেছি ক্ষতি কৰে । সিহঁতে আৰত থাকি আক্ৰমণ কৰে । এনে কাণ্ডৰ বাবে সিহঁতক হৃদয়ৰ পৰা উলিয়াই দিয়া যায় । ইয়াত আক্ষেপ কৰিব লগা কি আছে । সাধাৰণ কথা বুলি ভাবি এৰাই চলাটোৱেই মঙ্গল । কাৰণ মঙ্গলময় ভগৱানে সকলোৰে বাবে কিবা নহয় কিবা এটা বাট ৰাখি থয় । কাৰোবাক বাদ দিলে সেই ৰিক্ত স্থান পুৰণ কৰিবলৈ কোনোবা এজনক পঠিয়াই দিয়ে । সেইজনেই হ'ব হৃদয়ত ঘৰ সজা মানুহজন । যাক আমি কাহানীও পাহৰিব নোৱাৰিম । ভাবিলে চকুলো ওলাব তেনে লোক সকল সচায়ে ভগৱানৰ দূতস্বৰূপ ব্যক্তি । সেই দূতজনে আমাক আপোনাক সদাই সহায় কৰিবলৈ প্ৰস্তুত হৈ থাকে । তাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাওক   ।

         🔳হেমেন হাজৰিকা
                ‌‌মিৰ্জা  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)