মোৰ সপোনৰ পৃথিৱীখনি য'ত প্ৰস্ফুটিত হ'ব আশাৰ ৰেঙণি ,
নিৰাশাৰ বাট ভেদি সপোনে চুব শিখৰৰ সৰগখনি ।
মোৰ সপোনৰ পৃথিৱীখনি য'ত
বিৰাজিত হ'ব চিৰকাল সেউজীয়া বননি ,
সেউজীয়াৰ আচ্ছাদনত পৰি সম্পূৰ্ণ হ'ব সেউজমুখীৰ হাঁহি ।
মোৰ সপোনৰ পৃথিৱীখনি য'ত বিৰামহীন ভাৱে কুলু কুলু সুৰেৰে বৈ যাব শান্তিৰ নৈখনি ,
য'ত মুক্তমনে বিচৰণ কৰিব পাৰিব শান্তিৰ কপৌজনী ।
মোৰ সপোনৰ পৃথিৱীখনি য'ত যান্ত্ৰিকতাৰ সলনি পক্ষীকূলৰ কল-কলনিত সাৰ পাব প্ৰভাতী পৃথিৱীখনি ,
নিৰ্জনতাৰ পাৰ ভাঙি ৰিঙিয়াই গাব পৰাণৰ গীতটি ।
মোৰ সপোনৰ পৃথিৱীখনি য'ত জীয়াই থাকিব বিচাৰোঁ মুক্তমনে সপোনৰ ঠিকনা বিচাৰি ,
য'ত মুক্ত আকাশেও হাঁহিব পৰাণৰ কবিতা ৰচি ।
✍️দীপ্তি কুমাৰ
ছিপাঝাৰ মহাবিদ্যালয় (দৰং)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ