এলান্ধু-মানস দত্ত

©Admin
0
(এটা সত্য ঘটনাৰ আলম লৈ ৰচনা কৰা )
নামঘৰত এখন মেল বহিছে। নামঘৰীয়াই শৰাইখন যুগুটাই লৈছে। সকলোৱে সেৱা এটি কৰি লৈহে আলোচনতা বহিব। গাওঁখনৰ নাম গোৱালাচুক। অন্য গাঁওৰ মানুহে কলিতা গাওঁ বুলিয়ে সহজতে চিনি পাই। গাওঁখনত অন্য গাওঁবোৰৰ তুলনাত নীতি-নিয়ম বেছি। ধৰ্মভিৰু বুলিও প্ৰবাদ আছে। এই গাওঁখনত যদি কোনোবাই নীতি-নিয়ম উলংঘা কৰে তেন্তে ৰাইজমেলৰ যোগেদি শাস্তি দিয়ে। যিকোনো শাস্তি দিব পাৰে তাত আৰোপিয়ে মাত মাতিব নোৱাৰে। তাকে গাওঁখন নৱপ্ৰজন্ম আৰু ভকতৰ মাজত বহুবাৰ যুক্তিতৰ্কও হৈ আছে। আজিৰ প্ৰজন্মই উদাৰতা বিচাৰে। কেৱল ধৰ্মৰ নামতে একো উৎসগা কৰিব নিবিচাৰে। 

আজি বহুদিনৰ পৰা গাওঁখনত কথা এটা বু-বু-বা-বা চলি আছে। যতে দুই চাৰিজন লগ হৈছে তাতে এই কথাটোৰ আলোচনা। কথাটো বাদ পৰি যোৱা নাই মহিলাৰ বিয়নী মেলটো। সৰুৰ পৰা ডাঙৰলৈকে এই কথাটোৱে আলোচনা হৈ আছে। আলোচনাটো দুই ধৰণৰ। কোনোবা সপক্ষে। কোনোবা বিপক্ষে। ডেকা-গাভৰুৰ সৰহ সংখ্যকে কিন্তু আজি নামঘৰত হ'ব লগা আলোচনা আৰু সিধান্তৰ বিৰুদ্ধে মাত মাতিছে। 

কিন্তু বুঢ়াভকত সকলে নিজৰ খুটি এৰিব নোৱাৰে। তেওঁলোক নিজৰ সিধান্তত অটল। পুৰণা পৰম্পৰা এৰিব নোৱাৰে। সেয়ে দুই এখন খণ্ডযুদ্ধও নোহোৱাকৈও থকা নাই। গাওঁখনত এতিয়া ডেকাসকল এফালে আৰু বুঢ়াভকত সকল এফালে। দুটা প্ৰজন্মৰ যুক্তি তৰ্ক। এফালে বিজ্ঞানৰ চিন্তা আৰু আনফালে নীতি-নিয়মৰ বান্ধোন। এহাতে আধুনিক সমাজৰ লগত খাপ খাব পৰাকৈ কৰা চিন্তা অন্যফালে পুৰণি পৰম্পৰা ৰক্ষা কৰাৰ চিন্তা। মুঠতে গাওঁখনত কথাটোৰ পৰা কোনো সাৰি যাব পৰা নাই। যি সিধান্ত হয় আজি নামঘৰতে হ'ব। গতিকে গাওঁৰ ল'ৰা পৰা বুঢ়ালৈকে, জীয়ৰিৰ পৰা ককাল পৰা আইতাজনীলৈকে আহি নামঘৰৰ মজিয়াত উপস্থিত হৈছেহি। নামঘৰৰ ভিতৰত মানুহ নধৰা হোৱাত নামঘৰীয়াই বাহিৰতে বহিবলৈ ঢাৰি কঁঠ যি আছে উলিয়াই দিছে। বহিবলৈ নোপোৱাজনে বাউন্দেৰি ৱালতে আউজি থিয় হৈ ৰৈছে।

ৰাজহুৱা সেৱা এটা কৰাৰ পাছতে আৰম্ভ হ'ল আলোচনা। 
গাওঁবুঢ়াই আঁত ধৰিলে "নিৰাজে এনে কাম কৰাৰ আগত আমাৰ বুঢ়ামেথাৰ কথা ভাৱিব লাগিছিল। ইফালে ঘৰতে ভকতীয়া বাপেকটো আছে। আমাৰ সাত পুৰুষেও নকৰা কাম কৰিছে। যিটো আমাৰ সমাজৰ নিষিদ্ধ তেনে কাম কৰি নিজৰ লগতে ঘৰখনকো ৰাইজৰ জগৰীয়া কৰিছে। সি এই কাম এৰিলে এৰক নহ'লে আমি সিহঁতৰ ঘৰটো এঘৰীয়া কৰিব লাগিব।" বুঢ়া আৰু অদবয়সীয়া সৰহ সংখ্যক লোকে গাওঁবুঢ়া কথাটোত সমৰ্থন কৰিলে। 

এনেতে ডেকামখাৰ পৰা দীপকে ক'লে "সি চোৰ ডকাইটি কৰা নাই কষ্টৰে উৰ্পাজন কৰি খাইছে। তাত কিনো জগৰ লগা দেখা পালে আপোনালোকে?"

দীপক গাওঁখনৰ ভিতৰতে উচ্চশিক্ষিত আৰু সমাজৰ সকলো কামতে আগভাগ লয়, যিকোনো সিধান্ততে উচিত ৰায় দিয়ে। তাক সকলোৱে সমীহ কৰে। কিন্তু আজি তাৰ কথা বুঢ়াসকলে নামানে। বুঢ়াসকলে মাথোঁ এটাই জানে পৰম্পাৰাত আঘাত হানিবলৈ কাকো নিদিয়ে। নিৰাজে বেলেগ কাম কৰক আৰু বহুত কাম আছে এই জগতত। কলিতা কূলৰ মানুহে এই কাম কৰিব নোৱাৰে। ইতিমধ্যে নিৰাজে ৰাইজলৈ আগবঢ়াই দিয়া অৰিহণা উভটাই দিছেই ভকতসৱে। ইমানটো নামানিলে তাক এঘৰীয়া কৰা হ'ব আৰু নামঘৰত সোমোৱাৰ পৰাও সি বঞ্চিত হ'ব।

ডেকা সকলে ভাগে ভাগে যুক্তিৰে নিৰাজৰ সপক্ষে বুজালে। কিন্তু লাভ একো নহ'ল। ওলোটাই ভকতসৱে ডেকামখাকে জগৰীয়া কৰিলে
 " তহঁতবোৰৰ পৰাই আস পাইছে সি। আধুনিকতাৰ নামত সমাজ বহিত কাম কৰিব নাপায়। তহঁতৰ দিনত যি কৰ কৰি থাকিবি আমাক পাপে নুচোৱাকৈ মৰিবলৈ দে। আজি অত বছৰে এনেকৈয়ে চলি আহিছে গাওঁখন। এই নিয়ম ভংগ কৰি ভগৱানাৰ অভিশাপ নলবি। মনত ৰাখিবি ল'ৰাই পানী পেলালে বৰেহে পিছলে। তহঁতৰ কৰ্মৰ শাও আমি ল'ব লাগিলে ইমান দিনে কৰি অহা ভাল কামৰ ফল নাপাম মৰাৰ পাছত।"

নিৰাজে সকলো শুনি আছিল। সি আৰু মনে মনে থাকিব নোৱাৰে, কবই লাগিব সকলো কথা। এবাৰ ভকতৰ পৰা কিছু নিলগত উচুপি উচুপি বহি থকা পিতাকলৈ চাই কৈ গ'ল তাৰ কথাবোৰ।

"হয় মই দোষ কৰিছো। সমাজবৰ্জিত কাম কৰিছো। কিয়নো মই অন্য কাম কৰিব নাজোনো। অতি কষ্ট কৰি পিতাইয়ে মোক লিখা পঢ়া কৰালে। সপোন গাঁঠি ল'লে যে ল'ৰাই ডাঙৰ হৈ চাকৰি পাব ঘৰখন চলাব। নিয়তিয়ে কপালত চাকৰি নিদিলে। দিন হাজিৰা কৰি ঘৰ চলাবলৈ দা-কোঠাৰ চলাবলৈ নিশিকিলো। পিতাইহঁতৰ ওপৰত নিজকে বোজা অনুভৱ কৰিবলৈ ল'লো। ঘৰৰ চাল ফুটা। শুকান দিনত ভালেই লাগে। বাৰিষা ফুটা ছালেৰে পানী পৰি ঘৰৰ ভিতৰত বোকা হয়। জাতিলাও পাতে কিমান পানীক বাধা দিব। মাহটো সৰহ কেইটা দিন আধাপেটিয়াকৈ থাকিব লাগে। গতিকে ঠিৰাং কৰিলো টাউনৰ পৰাই প্ৰথমে কম কম কৈ মাছ আনি গাওঁত আৰু ওচৰে পাজৰে বিক্ৰি কৰিলে হয়তো দুটকামান উপাৰ্জন কৰিব পাৰিম। আৰম্ভ কৰিলো। ভালেই চলিছিল সকলো প্ৰথম কেইদিনমান। লাহে লাহে মই মাছ বিক্ৰী কৰাতো পাপ বুলি গাঁওৰ মানুহৰ মুখে মুখে শুনি পালো। কাৰণ আমাৰ সমাজৰ পৰম্পৰা আছে কলিতা কূলৰ মানুহে মাছ বিক্ৰী কৰিব নোৱাৰে। অধম হয়। ৰাইজলৈ আগবঢ়োৱা অৰিহণা ঘূৰাই পঠালে। মোৰ লগতে ঘৰখনো জগৰীয়া হ'ল। সেয়ে আজি এই প্ৰবিত্ৰ নামঘৰৰ ভিতৰটো পিতাইক আছুটিয়াকৈ বহিবলৈ দিছে। আমি জাত-পাত ধৰিয়েই চলি আছো আজিও। এটা প্ৰজন্মই নতুন চিন্তাৰে আগুৱাব বিচাৰিছে। অগ্ৰজ সকলে এইটো পাপ বুলি ভাৱে। আমি নিজক শ্ৰেষ্ট বুলি ভাৱোতে আনক নিন্দা কৰা হৈছে এই কথা জানি থব। এনে কথাত আজি সমাজ ভাগ ভাগ হৈ গৈ আছে। আজি কেৱল কলিতা কূলৰ মাছ বিক্ৰী কৰিব নাপায় বোলা কথাই নহয় । এনে বহু নিয়ম পৰম্পৰা আছে যিবিলাকে আমাক ভাগ ভাগ কৰি পেলাইছে। এতিয়া ভয় হৈছে আমি এনেকৈ নাপায় শব্দটোতে লাগি থাকিলে এদিন সকলো শেষ হ'ব। প্ৰতিটো নাপায় অন্তৰালত এটি বৈজ্ঞানিক যুক্তি থাকে। তাৰ শুদ্ধটোহে আমি লব লাগে। অন্ধবিশ্বাসী হ'লে ভগৱানেও ক্ষমা নকৰে। আমাৰ দৰে মানুহ সমাজখনক নালাগে কিন্তু আমাক সমাজখন লাগে। গতিকে আজিৰ পৰা মাছ বিক্ৰী কৰা বন্ধ কৰিলো। যিহেতু কলিতা মানুহে মাছ বিক্ৰী কৰিব নাপায়। যেতিয়া নেকি মই ভুল কৰিছো আপোনালোকে মোক শাস্তি দিয়ক। তথাপি আমাৰ ঘৰখনক এৰি নিদিব।"

নিৰাজৰ কথা শেষ হোৱাৰ লগে লগে বুৰবুনি এটা আৰম্ভ হ'ল। নিৰাজ নিথৰ হৈ বহি থাকিল একাষৰীয়াকৈ থকা পিতাকলৈ চাই। গাওঁবুঢ়া গলখেকাৰনি এটা মাৰি সিধান্ত শুনালে। ৰাইজে নিৰাজহঁতক এৰি নিদিয়ে। কিন্তু নিৰাজহঁতৰ ঘৰত ভকতসৱক নিমন্ত্ৰণ কৰি শৰাই এভাগিৰ লগতে চাউল একথা খুৱাব লাগে। নিৰাজে তপৰাই কাইলৈয়ে কামফেৰা কৰি দিম বুলি প্ৰতিশ্ৰুতি দিলে। তাৰ পাছতে ৰাজহুৱা সেৱা কৰি সকলো ঘৰাঘৰি হ'ল।

পাছদিনা নিৰাজহঁতৰ ঘৰত ভকতসৱ আহি চোতালতে সুবিধা কৰি লোৱা ৰভাৰ তলত বহিল। শৰাই লোৱাৰ পাছতে সিদ্ধমুঠি ৰান্ধিবলৈ যো-যা চলিল। নিৰাজে আগদিনা আনি থোৱা মাছখিনিকে কাটি-বাছি দিলে ৰান্ধিবলৈ। ভকতসকলে তৃপ্তিৰে সিদ্ধমুঠি গ্ৰহন কৰি নিৰাজহঁতক উদ্ধাৰ কৰি গুছি গ'ল।

 শেষত নিৰাজে মনে মনে ভাৱিলে "এইখনেই এলান্ধু লগা সমাজ।"

✍️মানস দত্ত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)