নিস্তব্ধ নিশাৰ সমদল

( সত্য ঘটনাৰ আলম লৈ )

১৯৮৫ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ কাহিনী ৷ কাইলৈ স্কুলত পতা সৰস্বতী পূজাক লৈ জয়ৰামহঁতৰ গাত আনন্দৰ সীমা নাই ৷ ৰাতিপুৱাই পাঁচজন গুৱাহাটীলৈ গৈছে পূজাৰ সামগ্ৰী আৰু প্ৰতিমা আনিবলৈ ৷ স্কুলৰ সম্পাদকে পুৱাই বাকীবোৰ কাম সকলোকে ভগাই দিছে ৷ সতৰামক ১০ জন ল'ৰাৰ সৈতে ৰভা সজাৰ ভাৰ দিলে , প্ৰফুল্লক দৈ আৰু এৱাঁ গাখীৰ যোগাৰ কৰা , বাদলক ডেক্স-বেঞ্চবোৰ পাৰি ভোজ ভাতৰ ঠাইকণ থান-থিত লগোৱা , অৰুন আৰু কৰুণাক  ১০ জন ল'ৰাৰ সতে কলপাত আৰু পতুৱাৰ  ব্যৱস্থা কৰা , বৰখেলৰ পৰা দুটা টৌ ,চাৰিটা চৰিয়া ,দুটা বৰকেৰাহী আৰু পানী থোৱা ধোঙ অনাৰ ভাৰ পৰিল কল্প সাতোবাৰ পুতেক অনন্তৰ ৷ কিন্তু জয়ৰামক অকলে দায়িত্ব দিয়া হৈছিল খেজুৰ পাতেৰে মণ্ডপটো বনোৱা আৰু হোমৰ আমখৰি খিনি যোগাৰ কৰিবলৈ ৷ খেজুৰ পাতেৰে মণ্ডপ বনোৱাত সি সিদ্ধহস্ত ৷ বেলেগে তাৰ কামত আউল লগালে সি ভাল নাপায় ৷
দিনটো সি অকলেই স্কুলৰ পিছফালৰ জাৰণিখনৰ পৰা খেজুৰ পাত আনি সন্ধিয়াৰ আগে আগে মণ্ডপ সাজি উলিয়াইছিল ৷ সন্ধিয়া গুৱাহাটীৰ পৰা তাহাঁতৰ গাঁৱলৈ অহা একমাত্ৰ বাছখনত পূজাৰ সামগ্ৰী আৰু প্ৰতিমা লৈ লগৰ কেইটাই হৰিধ্বনি কপাই স্কুল পালেহি ৷
সেইদিনা পূজা সমিতিৰ সকলো সদস্যই স্কুলতে ৰাতিটো কটোৱাৰ সিদ্ধান্ত লৈছিল ৷ জয়ৰামে স্কুলত ৰাতি কটাবলৈ অপৰাগ হৈছিল ৷ কাৰণ সি মাকক এৰি শুব নোৱাৰে ৷ বাপেকৰ আকস্মিক মৃত্যুৰ পাছত সি মাকৰ বুকুৰ মাজতেই শুই ডাঙৰ হ'ল ৷ এতিয়া সেই অভ্যাসটো স্বভাৱলৈ পৰিৱৰ্তন হৈ গৈছে ৷ লগৰবোৰক সি আমখৰিৰ দোহাই দি ঘৰলৈকে যাবলৈ ওলাল ৷ হোমৰ কাৰণে ৰাতিপুৱাই তাহাঁতৰ ঘৰৰ আমডালৰ ঠানি এটা কাটিব লাগিব গতিকে তাৰ উপায় নাই ৷ কিন্তু লগৰবোৰে তাক নেৰিলে ৷ সিহঁতে তাক ৰাতি ভাত পানী খোৱাৰ পাছতেই ঘৰত থৈ আহিব বুলিও ক'লে ৷ অৱশেষত জয়ৰামে ভোজ-ভাত খাই ৰাতিয়েই ঘৰলৈ ওভতি যোৱাটোৱেই ঠিক কৰিলে ৷ জোনৰ পোহৰত স্কুলৰ খেল পথাৰ খনত আটাইকেইটা স্ফূৰ্তি-তামাছাৰ মাজত মছগুল হৈ পৰিল ৷ তাৰ মাজতেই বিপিনে দশম শ্ৰেণীৰ ভবানী ,বিৰজা ,সন্ধ্যা আৰু পুষ্পাঞ্জলীহঁতে কাইলৈ কি কি পিন্ধি আহি তাহাঁতৰ বুকু জ্বলাব তাৰো এটা আভাস দিলে ৷ জয়ৰামৰ ধমক্ খাই হে সি চুপ মাৰিছিল ৷ জয়ৰামে এই ধৰণৰ তুলুঙা কথা ভাল নাপায় ৷ 
অৱশেষত কিশোৰ আৰু জিতুলৰ তত্ত্বাৱধানত নিশাৰ ভোজ-ভাত ৰান্ধি হ'ল ৷ কিন্তু তাৰ আগতে তাহাঁতে স্কুলৰ খেলপথাৰ খনৰ কোণৰ দমকলটোৰ পৰা অলপ পানী আনি ধোঙ কেইটাত ভৰাই থোৱাৰ সিদ্ধান্ত ল'লে ৷ কথা মতেই কাম হ' ল ৷ শেষৰ বাল্টি পানী দমকলটোৰ পৰা লৈ অকলে আহি থাকোঁতেই জয়ৰামে দেখিলে সিমূৰৰ দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ থকা চকিদাৰ আৱাসটোৰ পৰা কোনোবা দুটাই তাক হাত বাউল দি মাতিছে ৷ নিশ্চয় উতনুৱা কেইটাৰ মাজৰ কোনোবা দুটাই হ'ব ৷ দিনত লেজাৰৰ সময়তো তাহাঁতে তাতে মনে মনে গৈ চিগাৰেট হুপে ৷ জয়ৰামে নেদেখা ভাও ধৰি পানী বাল্টি লৈ আগবাঢ়িল ৷
অৱশেষত ভোজ-ভাত খাই জয়ৰাম সেই নিশা ঘৰলৈ যাবলৈ ওলাল ৷ দেৰি হোৱাৰ বাবে মাকৰ চাগে চিন্তাই হৈছে । লগৰ ৰাতুল মাধৱ আৰু জগতহঁতে তাক ঘৰলৈ আগুৱাই থৈ আহিব বিচাৰিছিল যদিও সি তাহাঁতক মানা কৰিলে ৷ সি সেই তিনি কিলোমিটাৰ পথ অকলেই যাব পাৰিব বুলি ক'লে ৷
জোনাক গলা সেই নিৰৱ নিস্তব্ধ নিশা মথাউৰিটোৰে জয়ৰামে হাতত নগা দা খন লৈ ঘৰলৈ বুলি খোজ পেলালে ৷ আধা কিলোমিটাৰ মান বাট অহাৰ পাছতেই ৰাস্তাৰ কাষৰ আঁহত এজোপাৰ পৰা হুদু জাতীয় নিশাচৰ চৰাই এটাই ধপ্‌ধপাই উৰা মাৰিলে ৷ জয়ৰাম উচ্‌প খাই উঠিল ৷ দা খন সি টানকৈ মুঠা মাৰি এটা গল খেকাৰি মাৰি খৰখেদা কৈ খোজ কাঢ়িবলৈ ল'লে ৷ দূৰৈৰ হুদুৰ মাত এটাই নিজম ৰাতিটোক আৰু বেছি জয়াল কৰি তুলিছিল ৷ মথাউৰিটোৰ আশে-পাশে জনবসতি অতি সেৰেঙা ৷ নতুনকৈ উঠি অহা যি দুই এঘৰ মানুহ আছে মাঘমহীয়া ঠাণ্ডাত ইতিমধ্যেই শুই নিহ্পালী দিলে ৷ সি ভালেমান পথ আহিলেই ৷ আৰু ১ কিলোমিটাৰ মান গ'লেই সি গাঁও সোমাই যাব ৷

          কিছুদূৰ আগুৱাই যোৱাৰ পাছত জয়ৰামে দেখিলে মথাউৰি কাষৰ মোক্তাব খনৰ খেলপথাৰত জোনাকত অনেক মানুহ বহি মেল মাৰি আছে ৷ মানুহ খিনি দেখি তাৰ মনত পুনৰ সাহস উভতি আহিল ৷ কিন্তু জোনাকত সি  কাকোৱেই চিনিব নোৱাৰিলে ৷ বগা কাপোৰ পিন্ধা গোটেইকেইজন মুছলমান সম্প্ৰদায়ৰ লোক হ'ব ৷ মোক্তাবত কিবা আলোচনাত হৈছে চাগে ৷ কেইখোজমান যোৱাৰ পাছত জয়ৰামৰ এনে লাগিল তাৰ পাছে পাছে যেন কোনোবা আহি আছে ৷ নগা দা খন টানকৈ মুঠি মাৰি সি যিমান পাৰে সিমানেই বেগাই খোজ ল'লে ৷ মনৰ সন্দেহত সি এপাকত ঘূৰি চাই দেখিলে তাৰ পাছে পাছে মতা-মাইকী ,লৰা-ছোৱালী এগাল মান মানুহ সম্পূৰ্ণ নিস্তব্ধ হৈ তাৰ পাছে পাছে সমদল বান্ধি আহি আছে ৷ অনুৰাগ মাঘমহীয়া ঠেঁটুৱৈ লগা জাৰত জ্বৰ ঘমাদি ঘামিবলৈ ধৰিলে । সি যিমানেই বেগাই খোজ কাঢ়িবলৈ ল'লে তাৰ অনুভৱ হ'ল জোনাকৰ পোহৰত সেই নিস্তব্ধ সমদলটো ক্ৰমাত তাৰ সমীপলৈ চাপিছে ৷ মতা-মাইকীৰ লগতে সৰু শিশুৰ হাঁহি-খিকিন্দালিৰ শব্দও তাৰ কাণত পৰিবলৈ ধৰিছে ৷ সি আৰু নোৱাৰিলে , এটা বিকট্ চিঞৰ মাৰি নগা দা খন মুঠিত লৈ ভিৰাই লৰ মাৰিলে ৷ সি পিছলৈ নাচাই মাথো প্ৰাণ টাকি দৌৰি থাকিল ৷ গাঁওখন সোমাওঁতে পোৱা দলংখন পাৰ হোৱাৰ লগে লগেই কোনোবাই চিঞৰি কোৱা তাৰ কাণত পৰিল , "ভাল বাছিলি যা বাচা ৷ দিনটোৰ পৰাই তোৰ মূৰাখাম বুলি ভাবি আছিলোঁ৷"
জয়ৰাম দৌৰি দৌৰি গৈ কেতিয়া নিজৰ ঘৰ পালগৈ গমেই নাপালে ৷ মাকে চিটিকনি নলগোৱা দুৱাৰখন খুলিয়েই সি মাটিত ধপচ্‌ কৈ পৰি যোৱাতহে মাজৰাতিখন হুৱা-দুৱা লাগিল ৷
 পিছদিনাখন জ্বৰৰ প্ৰকোপত জয়ৰামৰ আৰু সৰস্বতী পূজালৈ যোৱা নহ'ল ৷ 

বি:দ্ৰ: ১৯৯৮ চনত প্ৰকাশ কৰা মোৰ জীৱনৰ প্ৰথমখন গল্পপুথি খনৰ প্ৰকাশক মংগলদৈৰ মহ: কোৰবান আলী ডাঙৰীয়াৰ মুখত খুনা এটি ঘটনাৰ আলমত এই ভৌতিক গল্প টো যুগুতাই লিখিলো৷


 🔴চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী 


Post a Comment

Previous Post Next Post