ৰাজ প্ৰসাদৰ কথা

©Admin
0
ৰাজ-প্ৰাসাদত 
এফালে আছে 

বহুত বঁটা 
বহুত বাহন 

সেইবোৰ সকলোৱে
দেখা পায় । 

ৰাজ-প্ৰাসাদত 
আনফালে আছে 

বহুত গুলী
বহুত বাৰুদ 

সেইবোৰ লুকাই
থোৱা থাকে 

সহজতে দেখা
পোৱা নাযায় । 

চকু মুদি থাকিলে
মুখ জপাই থাকিলে
ক'তো একো নিলিখিলে 

বঁটা-বাহনবোৰ পোৱাৰ
সম্ভাৱনা থাকে । 

কেতিয়াবা
ৰজাই ৰাজসাহায্য দিয়ে ! 

সেইবোৰ কেনেকৈ ল'ব পাৰি
তাক জনাই জানে ! 

পিছে
চকু মেলি থাকিলে
সঁচা কথা ক'লে
সঁচা কথা লিখিলে 

বিপদেই বিপদ 

ক'ৰ পৰা গুলী-বাৰুদ আহি
ক'ত সোমাই ,তাৰ ঠিক নাই । 

সেয়ে আজি-কালি 
চৌদিশে মৰিশালিৰ নীৰৱতা । 

চৌদিশে চলিছে মাথো
বঁটা-বাহন লোৱাৰ প্ৰতিযোগিতা
ৰাজসাহায্য লোৱাৰ প্ৰতিযোগিতা । 

আমাৰ যেন চকু নাই 
চাবলৈ সমাজৰ অন্যায় । 

আমাৰ যেন কাণ নাই 
শুনিবলৈ জনতাৰ বিলাই । 

আমাৰ যেন মুখ নাই 
ক'বলৈ সত্যক ধিয়াই । 

চকু পানী শুকাই যায় , 
প্ৰতিবাদ হেৰাই যায় । 

সঁচা কথা ৰুদ্ধ হয় ,
মুক্তিকামী স্তব্ধ হয় । 

সকলো বন্ধ হয় ,
ধনবলৰ জয় হয় । 

ৰাজ-প্ৰাসাদত ৰজাৰ
আমোদ-প্ৰমোদৰ সময় হয় । 

✍️মৌচম হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)