গণ হত্যা: এক সামাজিক ব্যাধি-চিন্ময় ডেকা

Rinku Rajowar
0
সাম্প্রতিক সময়ত ৰাজ্য অসম তথা সমগ্ৰ দেশত গণ হত্যাৰ দৰে লোমহৰ্ষক ঘটনা সংঘটিত হ'বলৈ লৈছে। আধুনিকতাৰ পৰিস্ফুৰ্ত সমাজ ব্যৱস্থাত মানুহে মানুহৰ শত্ৰু, নাই অকনো মানৱীয়তা গুণ। সুন্দৰতাত প্ৰতিষ্ঠিত এই শিক্ষিত সমাজ আজিৰ পেক্ষাপতত নগ্ন। দিনক-দিনে বৃদ্ধি পাবলৈ লৈছে, এনে অসহনশীল, অমানৱীয় নিৰংকুশ হত্যাকাণ্ড। নিৰ্বোধে চলাই এই কূটাঘাতমূলক অসৎ কাৰ্য। মানৱ জাতি আজি শ্ৰেষ্ঠ জীৱ হিচাপে কলংক। ভাবিলে আচৰিত লাগে, একবিংশ শতিকাৰ আমি বসবাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে নিজস্ব বিবেক, ব্যক্তিত্ব, অনুভূতিৰে জাগ্রত। সচাঁ-মিছা, ভুল-শুদ্ধ, ৰুচি-অভিৰুচি আমাৰ বাবে স্বতন্ত্র। কিয় জানোঁ এই বৰ্বৰ কাণ্ড সংঘটিত কৰি আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাটো বিশ্ব বাসীৰ ওচৰত দৃষ্টিগোচৰ কৰে। উল্লেখ্য ভাৱে বিগত সময়ছোৱাত এনে ধৰণৰ বহু অসহনশীল ঘটনা সংঘটিত হৈ আহিছে। আৰু বৰ্তমানেও অব্যাহত আছে। "গণ হত্যা এক অপৰাধ" শিষ্টাচাৰহীন নিজস্ব স্বাৰ্থৰ বাবে অকণো শংকা নাই? দস্যু, দানৱ ৰূপী পাষণ্ড মনোবৃত্তিৰ লোকৰ বাবে। যি আমাৰ সমাজতেই বসবাসস্থলী। "জাতি-জনগোষ্ঠীৰ বিভেদ পৰিহাৰ কৰি অসম আমাৰ মাতৃ ভূমি।" এক কথাত ক'বলৈ গ'লে, আজি অসমৰ অস্তিত্ব বিপদাপন্ন। হেয় জ্ঞান কৰিছে, সাম্প্রতিক সময়ত। আমি সচেতন মহলে দেখিছোঁ, সকলোৱে জ্ঞাত। দুৰ্নীতিৰে জৰ্জৰিত নেতা-পালি নেতাৰ তথাকথিত বাক্যবাণত আমিবোৰ মুগ্ধ। প্ৰতিষ্ঠিত সমাজত এয়াই আমাৰ বাবে গণ হত্যাৰ আপোচবিহীন ষড়যন্ত্ৰ। বৈষয়িক বিশেষত্ব নাথাকিলেও ই চিৰসত্য। দুৰ্নীতি, ভ্ৰষ্টাচাৰিক সদাগৰ সজালি, দেশ তথা ৰাজ্য সমাজ ব্যৱস্থাত আজিৰ পেক্ষাপতত নগ্ন অত্যাচাৰ, ধৰ্ষণৰ, লুণ্ঠন, অপহৰণ, বলাৎকাৰ আদিৰ দৰে জঘন্য অপৰাধীৰ অতপালি। আমি বোৰ মাথোঁ নিজস্ব স্বাৰ্থৰ বাবে সময়ৰ সন্ধিক্ষণত নিৰৱ।
      সভ্য সমাজক লজ্জিত কৰা গণ হত্যাৰ দৰে বিবেকহীন কৰ্মকাণ্ড বোৰত জড়িত লোকক কৰায়ত্ত কৰি উচিত তদন্তৰে দোষীক আপোচবিহীন শাস্তি প্রদান কৰিলে হয়টো, ভবিষ্যতৰ সময়ত এনেধৰণৰ ঘটনা সমাজৰ পৰা ম্লান পৰিব। এই ক্ষেত্রত চৰকাৰ প্ৰশাসনৰ গুৰুত্ব অপৰিসীম। দেশ, ৰাজ্য সমাজৰ উন্নয়নৰ স্বাৰ্থত গণ হত্যাৰ দৰে লোমহৰ্ষক ঘটনাৰ অৱসান ঘটোৱাটো গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সকলোৰে প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য।

✍️চিন্ময় ডেকা, জলাহ টংলা
দূৰভাষ:-৬০০২৬৬৬৫৯৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)