কি নাম দি মাতিম তোমাক-নিজৰা বৰ্মন ডেকা

Rinku Rajowar
0
কজলা মোৰ অচল মেৰিওৱা 
যৌৱনৰ মাজমজিয়াত 
আহিছিলা  লৈ এবুকু প্ৰেমৰ মদিৰা 
ভাবিছিলো কি নাম দি মাতিম তোমাক ? 
তুমিয়েই দেখোন মোৰ জীৱন মৰুৰ ছাঁয়া ।
অন্তঃকৰণেৰে কৰিছিলো অনুভৱ তোমাক
নিয়ৰ সিক্ত দূবৰিৰ কোমল দলিচাত 
শেৱালিৱে দিছে সোঁৱৰাই তোমাৰ বতৰা
ভাষাহীন মনে বিচাৰি পোৱা নাই
কি নাম দি মাতিম তোমাক ? 
তুমিয়েই জীৱন বাটৰ লগৰী হ'বা ।
হৃদয়ৰ বৰপেৰাত দিছিলো ঠাই 
কি নাম দি মাতিম তোমাক ভাবি পোৱা নাই 
প্ৰতিটো শিৰাই উপশিৰাই
হয়তো তোমাক বুজাব পৰা নাই 
মোৰ হৃদয়ত গজা প্ৰেমৰ ৰক্তজবা 
হয়তো তুমি দেখা নাই 
কি নাম দি মাতিম তোমাক ভাবি পোৱা নাই 
তুমিয়েই মোৰ জীৱনৰ ঠিকনাটি ।
প্ৰতিটো ক্ষণে যে বিচাৰে তোমাক 
মোৰ হৃদয়ৰ মন্দিৰত তোমাৰেই স্থান 
 কি নাম দি মাতিম তোমাক
 ভাবি পোৱা নাই 
 আকাশে বতাহে অনুভৱ তোমাৰ 
মোৰ মন আলোকেৰে ধোৱা 
তুমি যেন আকাশী গংগা  
তোমাক নাম দিম মই অলকানন্দা ।

     🖋️নিজৰা বৰ্মন ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)