আইতাই উচুপে গোপনে-ৰুমী কলিতা দত্ত

Rinku Rajowar
0
গুৱাহাটীৰ জনঅৰন্যত বাস কৰা নাতিয়েকে আইতাকলৈ পুৱাই ন-বজাত ফোন কৰিলে । 
  
হেল্ল' আইতা কি কৰিছা ? ব্ৰেকফাষ্ট কৰিলানে ?মই এইমাত্ৰ উঠি দাঁত ব্ৰাছ কৰিয়েই তোমালৈ ফোন লগাইছোঁ ।

অ' সোণ ইমান দেৰিলৈকে শুইছ কিয় ?
আমি দোকমোকালিতে উঠি আলিবাটত অলপ খোজ কাঢ়িলোঁ স্বাস্থ্যৰ কথা ভাবি , তহঁতে এতিয়ালৈকে শুই আছ । হেৰৌ পুৱাৰ বতাহজাক দেহত সোমোৱাবি নহ'লে আজীৱন দেহৰ যন্ত্ৰণাত চট্‌ফটাবি বুজিছ !
আৰু এইবোৰ কি ব্ৰেকফাষ্ট্ৰৰ কথা ক'লি মই নুবুজিলোঁ কিন্তু কিবা এটা খোৱাৰ কথা সুধিছ যে নিশ্চয় গম পালোঁ । 
ককাদেউতাৰে বাৰীৰ ভীমকল এথোকা কাটি থৈছিল এতিয়া পকিলে ।  তাৰে এটা লৈ চাহ এবাটি খাই বাকী কামবোৰ কৰি এতিয়া ভাত ৰান্ধিলোঁ ।
খাবৰে হ'ল !
আজিনো কি ৰান্ধিলা ?
মাছৰ সৈতে নৰসিংহৰ আঞ্জা  অ' আৰু  দুৰুণবনৰ পিটিকা ।
কিয়নো জংঘলৰ ছব্‌জি খাইছা ?
আইতাৰ উত্তৰ - জংঘলৰ বুলি ন'কবি ! এইবোৰ আমাৰ দেহৰ বাবে বৰ প্ৰয়োজন ,ৰোগ নিৰাময় কৰে জাননে ? 
আমি দেখোন সেইবোৰ চিনিকে নাপাওঁ আইতা ?

ইয়ালৈ আহিবি দুই-এদিনতে , পথাৰত সৰিয়হ ফুলিছে হালধীয়া হৈ ! মৌ-মাখিৰ গুনগুণনিত সৰিয়হডৰাই বহু কথা কয়। কৃষকৰ সপোনবোৰে আঘোণৰ পথাৰত ৰং সানি সোণোৱালী হয় জাননে ?

নানাবিধৰ ফচলে উভৈনদী হৈ আছে ।  পিছে কথাবোৰ ভাবি দুখো লাগিছে অ' ।
বজাৰবোৰ দিনে দিনে তললৈ নমাত কৃষকবোৰৰ মন শুকাই গৈছে । আমাৰ ইয়াত কৃষকে উচিত মূল্য নাপায় । দিনে-ৰাতিয়ে কিন্তু পৰিশ্ৰম কৰে ।

অ' আইতা তুমি মুখপুথিত দি থোৱা সৰিয়হডৰা তাতে আছে নেকি ? বৰ ধুনীয়া দেখোন ! মোক সেইডৰাই বৰকৈ মাতিছে জানা !
নিশ্চয় যাম আইতা দুই-এদিনতে । তুমি ককাক জনাবা যে মই বিলত বৰশীও টুপাম !
হ'ব বাৰু মই নিশ্চয় ক'ম ।

যিমান পাৰা সোনকালে আহিবলৈ চেষ্টা কৰিবা সোণ । পাৰিলে মা-দেউতাকো আহিবলৈ ক'বা । বহুদিনেই হ'ল সিঁহতক নেদেখা ! চাকৰিৰ ব্যস্ততাৰ বাবে হয়তো আহিব পৰা নাই  ।
বুকুৰ ওমেৰে ডাঙৰ কৰা সন্তানক চকুৰ আগৰ পৰা আঁতৰাই ৰখাটো বৰ কষ্ট অ" । সেয়া চাকৰি বা অন্য কোনো কাৰণেই নহওঁক কিয় । 

অ' আইতা তোমালোকৰ তাত গৰু ছাগলী বহুত আছে নেকি ?

আগৰ দৰে নাই অ' সোণ । আজিকালি বানপানী নোহোৱাৰ পৰা গাঁওখনলৈ বাঘ আহিল সেয়ে মানুহবোৰে গৰু-ছাগলী পুহিবলৈ অসুবিধাত পৰিছে ...চকুৰ আঁতৰ হ'লেই জীৱবোৰ বাঘে খায়। তাতে আকৌ বান্দৰৰ উৎপাত দিনে দিনে বাঢ়িলে ,খেতিবোৰ ৰখীয়া নহ'লে ধ্বংস কৰি যায় ।

 মানুহবোৰৰ  কষ্টবোৰ দেখিলে বেয়াই লাগে পিছে কৃষকে যদি খেতি নকৰে তহঁত মখাই খাবি কি ?
অৱশ্যে প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱে খেতিয়কসকলক যথেষ্ট সকাহ দিছে যদিও অৰ্থৰ অভাৱত সকলোৱে এই সুবিধাখিনি আদায় কৰিব পৰা নাই জাননে ?

অ' আইতা আমি দেখোন আজিলৈকে এই খেতিবোৰ দেখায়ে নাই  । তুমি আজি বহুত শিকালা আৰু বহুত বাকীও থাকিল ।
সোনকালেই যাম দেই তোমালোকৰ গাঁৱলৈ !
আজি ৰাখোঁ দেই আইতা ।

অ' হ'ব সোণ ! আইতাকৰ দুগালেদি আনন্দৰ অশ্ৰুধাৰা বৈ আহিল নিৰৱে ।

       
✍️ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)