সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?
উত্তৰ : শিলঘাটত।
২) প্ৰশ্ন : অসমৰ চিমেণ্ট কাৰখানা ক’ত অৱস্থিত?
উত্তৰ : বোকাজানত।
৩) প্ৰশ্ন : অসমৰ কোন ঠাইত তাৰকা গৃহ আছে?
উত্তৰ : গুৱাহাটীত।
৪) প্ৰশ্ন : অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল?
উত্তৰ : ১৯৪৭ চনত।
৫) প্ৰশ্ন : কটন কলেজ কোন চনত স্থাপন হৈছিল?
উত্তৰ : ১৯০১ চনত।
৬) প্ৰশ্ন : দেশৰ ভিতৰত ১৮৮৯ চনত তেল শোধনাগাৰ কেন্দ্ৰ অসমত সৰ্বপ্ৰথমে স্থাপন কৰা হয়। এই তেল শোধনাগাৰ কেন্দ্ৰটো ক’ত অৱস্থিত?
উত্তৰ : ডিগবৈত।
৭) প্ৰশ্ন : অসমৰ এটা পুৰণি ডাঙৰ মন্দিৰ আৰু তাত পুৰণি দিনৰে শিৱলিংগ স্থাপন কৰা আছে। মন্দিৰটোৰ নাম কি?
উত্তৰ : মহাভৈৰৱ মন্দিৰ।
৮) প্ৰশ্ন : কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল?
উত্তৰ : বড়ো।
৯) প্ৰশ্ন : অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন ঠাইত অৱস্থিত?
উত্তৰ : গোপীনাথ নগৰ, গুৱাহাটী।
১০) প্ৰশ্ন : অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উত্তৰ : ডেৰগাঁও।
১১) প্ৰশ্ন : এগৰাকী অসমীয়া মহিলা  যাৰ বৃত্তি আছিল ভাৰতীয় হাতীক প্ৰশিক্ষণ দিয়া আৰু যাৰ বাবে তেওঁৰ নাম ‘Limca Book’ ত লিপিবদ্ধ কৰা হৈছে, তেওঁৰ নাম কি?
উত্তৰ : পাৰ্বতী বৰুৱা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)