অপেক্ষা-হিমাদ্ৰী দাস

©Admin
1
সময় পালে এপাক আহিবাচোন
মোৰ খবৰ ল'বলৈ ,
দুখৰ টোপোলাবোৰ কেনেদৰে পিঠিত লৈ মিনিটত উশাহ লৈছোঁ‌ ।
সময় পালে এবাৰ ঘূৰি চাবাচোন
অতীতৰ পৃষ্ঠালৈ !
সময় পালে কেতিয়াবা ভাবিবাচোন ,
কেনেকৈ জীয়াই আছোঁ !
সময় পালে কেতিয়াবা মনত পেলাবাচোন
অহংকাৰ বোৰ কাষত থৈ ।
দুৰ্দান্ত প্ৰেমিকাৰ দৰে 
মই ও তো দিছিলোঁ 
মোৰ এই অনুভৱী হিয়া ।
বিনিময়ত... !
এ থাকক দিয়া
প্ৰেমত‌ এইবোৰ ভাল নালাগে ।
আকৌ এবাৰ কৈছোঁ
বেয়া নাপাবা
সময় পালে কেতিয়াবা আহিবাচোন
জোৰ কৰা নাই দেই
কেতিয়াবা সময় পালেহে আহিবা
কাৰণ মই জানো
পাই হেৰুৱাৰ বেদনা কি !

✍️হিমাদ্ৰী দাস ।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment