মৰ্য্যদা ১ম খণ্ড | বীণা বৰুৱা

Aditi Tanti
0
অ' খুৰী, খুৰী----।
------কোন?অ' প্ৰণয় আহা আহা ভিতৰলৈ আহা।
প্ৰণয়---কি আছে খুৰী ?ভোক লাগিছে মোৰ। কিবা এটা খাবলৈ দিয়কচোন!ৰাতিপুৱাই ওলাই গৈছিলো কাম এটাত।ভালকৈ একো খোৱাই নহ'ল।
----অ' তুমি বহাচোন। মই তোমালৈ কিবা এটা বনাওঁ! ভাত আছে খাবা জানো?
প্ৰণয়---নাই, নাই খুৰী ভাত নেখাওঁ!ঘৰৰ বাকীবোৰ ক'ত গল খুৰী?
-----খুৰাৰা গৈছে স্কুলত।বাবা লাইটৰ বিল দিব গ'ল এই মাত্ৰ।
প্ৰণয়----(ইফালে সিফালে চাই)আৰু প্ৰাণী আছিল নহয় এটা?দেখা নাই যে?
-----অ' মানসী? তাই আছে ৰবা।আজি কলেজলৈ যোৱা নাই।ক্লাচ নহয় হেনো!তাইক বাৰীৰ পৰা অলপ শাক বুটলি আনিব দিছো ।
মানসীয়ে আহি প্ৰণয়ক দেখা পাই গান এটা
গায় দিলে।  
                    "বাৰীতে মাৰিম পাক
                     বিচাৰি আনিম শাক
                     মোৰ নিচিনা নাপাবি
                    মোৰ বুকুতে সোমাই থাক।
বুজিলা?বাৰীত পাক মাৰি এইয়া শাক বুটলি আনিলো গৈ।
প্ৰণয়ে এটা মৰম ভৰা চাৱনীৰে মানসীলৈ চাই মিচিকিয়ালে।
প্ৰণয়----ঐ বান্দৰী! কলেজ নাই?
মানসী--- আজি হোৱাটচএপৰ গ্ৰুপত দিছে
মেজৰৰ ক্লাচ নহয়।সেয়ে নগ'লো।আৰু মোক বান্দৰী বুলি কৈ জোকাই নাথাকিবা কিন্তু কৈ দিছো কিন্তু! (মুখ ভেঙুচাই )নিজে গোটেই বৰ বিশ্বসুন্দৰ! হুহ!
প্ৰণয়ে ফুলা লুচিখনত অকনমান জাম লগাই তাইক যাঁচিলে--হো খোৱা! তোমাৰো মুখখন এই ফুলা লুচিখনৰ দৰেই ফুলি গৈছে।মৰমতেই দিছো।
মানসী-----( পেন্দোৱাকৈ চাই-) তোমাক দিছে তুমিয়ে খোৱা মোক মৰম দেখাব নেলাগে।
মানসীৰ মাক---এই তঁহত দুটাই নো কি খুত খাত লাগি থাক অ'!
প্ৰণয়----অ' বান্দৰী গানৰ প্ৰেক্টিচ কৰিলা নে?
মানসী----বান্দৰে আহি হাৰমনিয়াম বজালেহে হে প্ৰেকটিচ কৰিম?
প্ৰণয়----আজি সন্ধিয়া আহিম।
কলেজত তাইৰ শেষ বৰ্ষ।ফেয়াৰৱেলত তাই
গান এটা গাব আৰু সেই গানটো হাৰমণিয়াত প্ৰেক্টিচ কৰিবলৈ সন্ধিয়া প্ৰণয়
আহিল।প্ৰণয়ে হাৰমণিয়ামটো সুৰ তুলি গ'ল আৰু ভায়েকে তবলাযোৰত তাল মিলাই গ'ল।দীক্ষুৰ বৰ ধুনীয়া গান এটা
              
               মেহেৰবান অ' মেহেৰবান
               তুহে খোদা অ' মেহেৰবান
                
                এটি সপোন তুমি আৰু মই
                যদি তুমি নোহোৱা 
                আধৰুৱা হ'ব সপোন
                এই জনম তোমালৈ
                তুমি আপোন কলিজাৰে
                তুমি নহ'লে উৰি যাম সঁচাকে

গানটো প্ৰেকটিচ কৰি থকা সময়ত গানৰ মাজত কেতিয়াবা দুয়ো দুয়োৰে চকুলৈ চাই ইমান মগ্ন হৈ ৰয় যেন সেয়া দুয়োৰে মনৰ কথা। তবলাবাদক ভায়েকো যে তাত উপস্থিত আছে দুয়ো পাহৰি যায়।দুয়ো দুয়োকে মনে মনে ভাল পায়। কিন্তু এতিয়ালৈকে কোনেও কাৰো ওচৰত ধৰা দিয়া নাই।প্ৰকাশ কৰা নাই কোনেওঁ।
প্ৰণয়---- (মাজতে এবাৰ প্ৰণয়ে তাইক জোকালে) এই বান্দৰী!বাৰে বাৰে অন্তৰাত
তাল কাটি আছে কিয়?
মানসী---- এই প্ৰণয় দা এনেদৰে বান্দৰী বান্দৰী কৈ থাকিলে কিন্তু প্ৰেকটিচেই নকৰিম দেই কৈ দিছো। মই গম পাইছো দুবাৰমান গালে ঠিক হ'ব ন!ইমানদিন প্ৰেকটিচ নাই তালটো কাটিবই ন!
প্ৰণয়----হ'ব দিয়া আইজনী বান্দৰী! গোৱা ! বুলি তাইক সুবিধা নিদি পুনৰ হাৰমনিয়াম আঙুলি বুলালে।তাইৰ খং উঠিছিল যদিও ঘোপাকৈ চালে একো নকলে ।পাচঁ ছয়বাৰ মানৰ পিছত যেনিবা গানটো সম্পূৰ্ণ হ'ল তাইৰ।
    এদিন সন্ধিয়া ঘৰত কোনো নাছিল।দেউতাক বজাৰলৈ গৈছিল।মা'ক গৈছিল ওচৰৰ নামঘৰলৈ ,ভায়েকে পঢ়ি আছিল।আৰু সেই সময়তে প্ৰণয় আহি ওলাইছিল।
ঘৰত কোনো নাই আৰু ভায়েকে পঢ়ি থকা
গম পাই এপাকত তাইৰ হাতখনত ধৰি টানি নি তাইৰ ককালত তাৰ এখন হাতেৰে মেৰিয়াই ধৰি তাৰ ওচৰ চপালে ।ভয়ত বুকু কঁপি গৈছিল যদিও এক অজান শিহৰণত তাইৰ মন পুলকিত হৈ উঠিছিল।তায়ো একমুহুৰ্তৰ বাবে আপোন পাহৰা হৈ প্ৰণয়ৰ দুচকুলৈ চাই ৰৈছিল। তাৰ মায়া সনা দুচকুত যে এসাগৰ মৰম।দুয়োৰো মুখৰ দুৰত্ব এটা আঙুলিৰ ফাকৰ সমান।
সি জানে তাই কবিতা ভাল পায়। ফেচবুকত তাইৰ প্ৰফাইল কবিতাৰেই পূৰ্ণ।সিয়ো ভাল কবিতা লিখে।তাইৰ দুচকুলৈ চাই সি এটা স্বৰচিত কবিতা আওঁৰালে.....
        মৰমৰ চাৱনীৰে মোৰ দুচকুলৈ চালে
        জানানে? 
        মোৰ মন বলিয়া হৈ উঠে।
        তুমিয়েইতো আৱৰি আছা
        মোৰ মন প্ৰাণ কলিজা!
        তুমি অবিহনে মোৰ জীৱন যেন
         মৰুভুমিৰ শুকান বালি।
        হ'বানে তুমি মোৰ জীৱনৰ
          চিৰ লগৰী??  

( আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)