মইয়েই সকলো
মোতেই আৰম্ভ হয় সকলো
পুনৰ মোতেই বিলিন হয় ।
ক্ষিতি
অপ
তেজ
মৰুৎ
ব্যোম ও ময়েই ।
ময়েই আদি
মোতেই অন্ত সকলো
কি আছে তোমালোকৰ
মোৰ পৰাই সকলো লৈ
মোকেই কৰা অত্যাচাৰ ।
মই ক্ষমাশীল মানে
এইটো নহয়
মই তাণ্ডব নানাচিম
তেতিয়া কিন্তু
মই মই হৈ নাথাকিম ।
তোমালোক তোমালোকৰ বাবে
কুশলে থাকা ।