বৈষম্য-অল্পনা দলে

©Admin
0
সাহসৰ মুৰ্ত প্ৰতীক
ৰাজনীতিৰ ধ্বজাবাহক
চমক দেখুৱাব পৰা প্ৰজ্ঞা সুন্দৰী
শ্ৰেষ্ঠ স্থান প্ৰাপ্ত হয় প্ৰতিযোগিতাত
উদাৰ হৃদয়বান,মহিয়সী নাৰী
পুৰুষ পৃথিৱীৰ স্বাৰ্থত
প্ৰেমত হত্যা, প্ৰতাৰণা
যৌনতাৰ নামত
উৎসৰ্গা কৰিছে জীৱন
পুৰুষ তান্ত্ৰিক চেতনাৰ
বিকৃত মানসিকতাত
ক্ষণিক উত্তেজনাত
উন্মাদ  প্ৰবৃত্তিৰ
নিৰ্মম চিত্ৰ পট অংকিত হয়
পদে পদে লাঞ্ছিত,নিগৃহীত
যৌন শোষণ,মজুৰি বৈষম্য
যৌতুক ,বিবাহ বিচ্ছেদ 
মুলত:বলি হৈছে
লিংগ বৈষম্য ,পক্ষপাতিত্ব
বিশ্বৰ মানৱ সমাজ
উদ্ধিগ্ন, লজ্জিত বাৰুকৈয়ে ব্যথিত


          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)