বৰ্তমান সমাজ ব্যৱস্থাত এজন সাংবাদিকৰ দায়বদ্ধতা

©Admin
0
বৰ্তমান সমাজ ব্যৱস্থাত এজন সাংবাদিকৰ দায়িত্ব অপৰিসীম।এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ হʼলে সমাজত সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য যথেষ্ট আছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপে খ্যাত সংবাদ মাধ্যমৰ মূল কামটোৱেই হৈছে জণগণ আৰু সমাজ ব্যৱস্থাৰ মাজত সংযোগ স্থাপন কৰি ৰাইজৰ বিভিন্ন সমস্যা সমাধান কৰা। চৰকাৰ বা শাসন ব্যৱস্থাৰ লগত সাধাৰণ ৰাইজৰ কোনো প্ৰত্যক্ষ যোগাযোগ নাথাকে।তেনে অৱস্থাত এজন সাংবাদিকে চৰকাৰ বা শাসন তন্ত্ৰৰ ব্যৱস্থাৱলীৰ বা যিকোনো কামৰ প্ৰকৃত ছবি সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ আগত দাঙি ধৰি জনসাধাৰণৰ ৰাজনৈতিক চেতনা বৃদ্ধিৰ লগতে জনসাধাৰণক সঠিক ৰাজনৈতিক সিদ্ধান্ত লোৱাত সহায় কৰাত এক নিৰপেক্ষ আৰু কল্যাণকামী ভূমিকা পালন কৰিব পাৰে।
               এজন সাংবাদিকৰ কেৱল সংবাদ প্ৰেৰণাতে দায়িত্ব শেষ নহয়।এখন দেশৰ জনসাধাৰণৰ যদি সঠিক ৰাজনৈতিক সিদ্ধান্ত লোৱাত ব্যৰ্থ হৈছে তেতিয়া সেই দেশৰ সংবাদ দাতাই নিজৰ দায়িত্ব সঠিক ভাৱে পালন কৰা নাই বুলিব লাগিব।
            বৰ্তমান ৰাজনৈতিক ব্যৱস্থাৰ লগত কোনো সাংবাদিকৰ দৃষ্টিকটু মিতিৰালি সুস্থ স‍ংবাদ মাধ্যমৰ লক্ষণ নহয়। সুস্থ গণতন্ত্ৰ বা সুস্থ সমাজৰ বাবে তথ্যভিত্তিক সংবাদেৰে ৰাজনৈতিক ব্যৱস্থাতকৈ সমাজৰ সৈতে হে সাংবাদিকে সুহৃদ সম্পৰ্ক ৰক্ষা কৰি গণতন্ত্ৰ মজবুত কৰাত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰে।
              এখন সমাজ উন্নয়নৰ বাবে এজন সাংবাদিকে শাসিক পক্ষৰ শত্ৰুতা কৰাটোৱেই একমাত্ৰ কাম নহয়। এগৰাকী সাংবাদিকে ভুল তথ্য বা পক্ষপাতমূলক বাতৰি সম্প্ৰচাৰ কৰি ৰাইজক বিপথে পৰিচালিত কৰাৰ বিপৰীতে চৰকাৰী কাম কাজৰ শুদ্ধ তথ্য ভিত্তিক বাতৰি পৰিৱেশন কৰি সমাজত সুস্থ বাতাবৰণৰ  পৰিৱেশহে গঢ়ি তুলিব লাগে। তাৰ জৰিয়তে সাংবাদিক গৰাকীয়ে সংবাদ মাধ্যমৰ বিশ্বাস যোগ্যতাক ঘূৰাই অনাৰ লগতে ই জনগণৰ ৰাজনৈতিক চেতনাও বঢ়াই তোলে।
               এখন সমাজত জনমত গঠন কৰাত এজন সাংবাদিকৰ দায়িত্ব অপৰিসীম। সাংবাদিক এজনে সংবাদ মাধ্যমৰ জৰিয়তে সমাজত পৰম্পৰাগত ভাৱে প্ৰচলিত কু- সংস্কাৰ, অন্ধবিশ্বাস সমূহ দূৰ কৰিবৰ বাবে বিজ্ঞান ভিত্তিক তথ্যৰে ধাৰাবাহিক ভাৱে প্ৰৱন্ধ বা বাতৰি পৰিৱেশন কৰি এইবোৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে সাংবাদিক এগৰাকীক সদা জাগ্ৰত বা নিৰ্ভীক প‌্ৰহৰী বুলি অভিহিত কৰিব পাৰি। এজন সাংবাদিকে সংবাদ মাধ্যমৰ জৰিয়তে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালনেৰে জনসাধাৰণক ৰাজনৈতিক চেতনাৰে উদ্বুদ্ধ কৰি সামাজিক অৰ্থনৈতিক আদি সমস্যাবোৰ সমাধান কৰি সমাজ বা দেশৰ উন্নয়নত সহযোগ কৰিব পাৰে।
           সেয়ে বৰ্তমানৰ আধুনিক সমাজ ব্যৱস্থাত বিশ্বায়নৰ প্ৰভাৱ পৰা শক্তিশালী সংবাদ মাধ্যমৰ জৰিয়তে দায়িত্ব আৰু কৰ্তব্য পালনেৰে এগৰাকী সাংবাদিকে সমাজৰ উন্নয়নত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)