আশা-গীতাঞ্জলি কলিতা

©Admin
0
জীৱন যুঁজিছো আমি আশাৰে ,
বিশাল পৃথিৱীত 
সাধাৰণ পথিক আমি ।
ধৰিত্ৰীৰ চৌপাশে 
আশাবোৰৰ মাজত হেৰাই পাওঁ 
জীৱনৰ গীত ।
কোনোবাই কৈ যায়...
মোনাত ভৰি থকা
সাঁচি থোৱা
অকৃত্ৰিম মৰম ভালপোৱাবোৰ
বিলাই দিয়া ।
আহাচোন সকলোৱে 
হিংসা , কুটিলতা এৰি 
মৰম ভালপোৱা বোৰ বিলাই দিওঁ ।
তেতিয়া আশাবোৰে
চৌপাশে গজালি মেলিব ।
সুন্দৰ ধৰণী গঢ়ি উঠিব ।

        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)