জটিলতাৰ জগতত সৰলতাৰ মৃত্যু ঘটিলে ,
মৃত্যুৰ ক'লা ছাঁয়াই বাট ভেটিলে
ভোক হৈ পৰে নিলাজ ।
মৃত্যুৰ দুৱাৰদলিৰ দুৰ্লভ অভিজ্ঞতা
আৰু কিছু অসংলগ্ন চিন্তা ,
পেট , শৰীৰ আৰু মনৰ তাড়নাত
ভোক হৈ পৰে নিলাজ দানৱ ।
মৃত্যুৰ কিৰীলিবোৰে খেদি আহে...
মৰণকাতৰ আৰ্তনাদো নিঃশব্দ হৈ পৰে ।
আৰু ভোক...
ভোক হৈ পৰে নিয়ন্ত্রণ বিহীন নিলাজ দানৱ ।