নিজৰ মা দেউতা বুলি ক'লে আৰু দুনাই কোৱাৰ প্ৰয়োজন নাই।মা সদাই মা হয় , মাৰ সমকক্ষ আন কোনো হ'বই নোৱাৰে। সেয়েহে স্বনামধন্য কবি নৱকান্ত বৰুৱাই কৈছিল মাৰ সমান হ'ব কোন নৈৰ সমান বব কোন? ভাল পাওঁ মাক মোৰ অতি মৰমৰ মোৰ বাবে যাৰ নাই চিন ভাগৰৰ। টোপনিত লাল কাল মুখখনি চাই কোনে মোক মৰমেৰে দিছিলে শুৱাই।তেওঁ মোৰ মৰমৰ পূজনীয় আই। আদি অলেখ অবিধা। আৰু দেউতা , দেউতাই কি চাকৰি কৰে সেইটো ডাঙৰ কথা নহয়। দেউতা সদাই দেউতাই হয় তাৰ দ্বিতীয় উদাহৰণ নাই।দেউতা নিজেই এখন পৃথিৱী,এখন বিশাল আকাশ।দেউতাৰ কষ্টৰ তুলনা নাই।কি নকৰে সন্তানৰ বাবে দেউতাই। পোন প্ৰথমে দেউতাক হোৱাৰ আনন্দত তেওঁ বিভোৰ হয়
সেই মুহূৰ্ত্তটোৰ পৰাই তেওঁৰ যি কষ্ট আৰম্ভ হয় তাৰ আৰু শেষ নাই।সেয়েহে কবিয়ে লিখিছে ভাল পাওঁ দেউতাৰ স্নেহ সনা মুখ মোৰ বাবে তেওঁ সহে কিমান যে দুখ। দুখ সহ্য কৰিব পৰা এগৰাকী ব্যক্তি হৈছে দেউতা। এখন বিশাল হৃদয়ৰ ব্যক্তি হৈছে দেউতা। কাৰ লগত তুলনা কৰিম দেউতাক??
ভূমিষ্ঠ হোৱা দিনটোৰ পৰা আৰম্ভ কৰি তুলি তালি ডাঙৰ-দীঘল কৰাই শিক্ষা-দীক্ষা দিয়াই সমাজত মুৰ তুলি ঠিয় হ'ব পৰাকৈ প্ৰতিষ্ঠা কৰালৈ এইহাল মানুহে কিমান কি নকৰে। তেওঁলোকে সন্তানৰ বাবে কি কৰে বুলি কোৱাতকৈ কি নকৰে সেয়াহে চিন্তাৰ বিষয়।অসুখ- বিসুখ হ'লে টকা পইচা খৰচ কৰি ডাক্টৰৰ ওচৰলৈ দৌৰা দৌৰি কৰা , টোপনি ক্ষতি কৰা খোৱা বোৱা আদি কিমান যে চিন্তা কৰে তাৰ শেষ নাই। তেওঁলোকৰ আবদাৰ শাসনৰ অধীনত তিল তিল কৈ ডাঙৰ দীঘল হৈ পিছত সেই হাল মাক দেউতাক আমি কি কৰিছোঁ বা কি কৰো?এনে উদাহৰণো আছে এক সন্তানে সমাজৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠানৰ মুৰব্বীৰ আসনত অধিষ্ঠিত হৈ নিজৰ জন্মদাতা অশিক্ষিত দেউতাকক তেওঁৰ সমকক্ষ লোকৰ সন্মুখত Servent বুলি কোৱাৰ দুঃসাহস কৰিব পাৰে।Servent ইংৰাজী শব্দৰ অৰ্থ বুজি নোপোৱা সেই জন হৃদয়বান দেউতাকে আনৰ পৰা Servent শব্দৰ অৰ্থ বুজি পাই আত্মহননৰ দৰে পন্থা ল'ব লগা হোৱাটো কিমান হৃদয় বিদাৰক হ'ব পাৰে সেয়া বুজা সকলে বুজি পাব নিশ্চয়। তাৰোপৰি আজিৰ সমাজত গঢ়লৈ উঠা বৃদ্ধাশ্ৰমৰ দৰে ঠাইত থৈ আহিবলৈ সাহস কৰিব পৰা সন্তান কিমান নিম্ন মানসিকতাৰ হ'ব পাৰে ভাবিলে উত্তৰ নোলাই
নিজে কিয় ভাবি নাচাই যে তেওঁলোকো কোনোবা সন্তানৰ মাক-দেউতাক।সেই সন্তানৰ মাক- দেউতাকে সিহঁতৰ সন্মুখত সেই কাম কৰিলে প্ৰকাশ্যে সিহঁতক কি শিক্ষা দিছে।
সমাজত এতিয়াও ভাল মানুহৰ অভাৱ হোৱা নাই বা অথবা নোহোৱা হৈ যোৱা নাই। এনে সন্তানো আছে মাক দেউতাকৰ কাৰণে নিজৰ শৰীৰৰ অংগ পৰ্য্যন্ত দান দিয়ে। বোকোছাত উঠাই খন্তেক ফুৰাই। গা ধুৱাই দিয়ে, খাদ্য খুৱাই দিয়ে। সেইবোৰেহে বুজি পাই মা-দেউতা কি ? তেওঁলোকেহে বুজিব মা দেউতা হেৰাই গ'লে কি হেৰাই যায়।
যেন মূৰৰ ওপৰৰ আকাশ ভৰিৰ তলৰ পৃথিৱী। সকলো ফালে কেৱল শূন্যতা। তেতিয়া এনে অনুভৱ হয় যেন গালি শুনি থাকিবলৈও মাক-দেউতাক লাগে
নোহোৱা হোৱাৰ পিছতহে তেওঁলোকৰ অনুপস্থিতি কিমান বিষাদময় সেইটো উপলদ্ধি হয়। ময়ো আজিৰ পৰা তেৰটা বছৰৰ আগেয়ে মাক হেৰুৱাইছিলো মোক নিঠৰুৱা কৰি থৈ আৰু কোনো দিনে ওভতি নবাবৰ বাটেৰে গ'লগৈ।চাকৰি সূত্ৰে ঘৰৰপৰা বাহিৰত থাকিব লগা হোৱাত উৎসৱ পাৰ্বণত মালৈ মনত পৰে।বুকুখনত কিবা বিষ এটাই যেন খুন্দা মাৰি ধৰে তেনে অনুভৱ হয়। উশাহ-নিশাহ লওঁতে কষ্ট হয়। বিহুত মাৰ হাতৰ খোৱা বস্তুবোৰলৈ মনত পৰে , বৰকৈ মনত পৰে। সেয়েহে ঘৰলৈ যাবলৈ মন নাযায়। দেউতা থকা কাৰণে যাব লগা হয় যাওঁ। দেউতাও আমাৰ বাবে কম নহয়। তেওঁ অকলেই এখন পৃথিৱী
অকলেই এখন চীনৰ বৃহৎ প্ৰাচীৰ
এটা গভীৰ সাহস।
সেই দেৱান সদৃশ ব্যক্তি জনকো যোৱা পাঁচটা বছৰৰ আগেয়ে হেৰুৱালো।তেখেতো এতিয়া অতীত হ'ল। মই একেবাৰে ঘাটমাউৰা হ'লো।চাৰিওফালৰ পৰা সাহসবোৰ নোহোৱা হ'ল । মনত পৰিলে সকলো শোক বেদনাই হেঁচা মাৰি ধৰে। তেওঁবিলাকে ভালপোৱা খাদ্যবোৰ উৎসৱৰ সময়তে দেখিলে কিমান বেয়া লাগে সেয়া বুজাই ক'ব নোৱাৰি। যি হেৰুৱাইছে তেওঁহে বুজিব। মাক দেউতাক সন্তানৰ বাবে কি সেয়া এক অবুজ সাঁথৰ । জীয়াই থাকোঁতে কেতিয়াবা কিবা কাৰণত খং উঠিছিল,এতিয়া একেবাৰে নোহোৱা হোৱাৰ পিছত খং কৰিবলৈকো নোহোৱা হ'ল , কাক খং কৰিম এতিয়া। এতিয়া ভাৱ হৈছে গালি শুনি থাকিবলৈ হ'লেও মাক দেউতাক সন্তানৰ বাবে জীয়াই থাকিব লাগে। বহুত দিনলৈ।বহুত বছৰলৈ।।
✍🏻হেমেন হাজৰিকা
ৰাণী কাহিকুছি
কামৰূপ অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ