ৰুগ্ন পৃথিৱী-ৰুনু দেৱী শৰ্মা

©Admin
0
ধৰিত্ৰীৰ আজি অসুখ
আইৰ গৰ্ভজাত সন্তানকেইটি 
পক্ষাঘাত ৰোগত ভুগিছে
ডাক্তৰ,কবিৰাজ সকলো অপাৰগ
ৰোগ নহয় নিৰাময়
এজন এজনকৈ সাজু হৈছে স্বর্গৰথত
অথবা স্বৰাজলৈ। 
আকাশ-বতাহ নিনাদিত ত্রিলোক স্ৰষ্টা 
মহাদেৱৰ তাণ্ডৱনৃত্য থৰহৰি কম্পমান 
হিমালয়ৰ পাদদেশত দেৱাসুৰৰ যুদ্ধ 
প্ৰকৃতি প্ৰমাদ, নাই কোনো সুৰক্ষা
কলিৰ শেষত প্রৱর্তাইছে কল্কি
এজন বাটৰুৱা আহিছে ভিক্ষা মাগি 
লগত আছে তাৰ একমাত্ৰ সন্তান 
বিচাৰি অকণ ছায়া প্রকৃতিৰ,
সূর্য্যৰ প্রখৰ উত্তাপ শাওনৰ ৰ'দে
পোৰা দিনৰ অকনমান পানী 
আশ্ৰয় বিচাৰি ,আইৰ অসুখ আজি
ক'ৰোণা,চুনামী মহাসাগৰ,গোলকীয়
উষ্ণতা এইবোৰৰ চাৰিওফালে প্রলয়
ত্রাসত একেজনী আই মোৰ ৰুগ্ন সন্তানৰ 
 ধৰিত্ৰী আই, প্ৰকৃতি ৰুষ্ট আজি 
গছ-বন  আহতগছ, বৰগছ কৰি তহিলং 
কৰি পৃথিৱী আজি ৰুগ্ন 
ৰুগ্ন হ'ল পৃথিৱী
এজন এজনকৈ সাজু হৈছে
মৃত্যুৰ দুৱাৰদলিত গৰ্ভজাত সন্তানবোৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)