প্ৰকৃত সম্পদ কি-কণমনি নাথ

©Admin
0
আমাৰ দৈনন্দিন জীৱন পৰিক্ৰমাত টকা-পইচা, সা-সম্পত্তি হৈছে, জীৱন পৰিচালনা কৰাৰ এক আহিলা। ই ক্ষণস্থায়ী! আজি টকা-পইচা,সা-সম্পত্তি বহুত আছে হয়তো কালি নাথাকিবও পাৰে বা পথৰ ভিক্ষাৰি হ'বলৈ খুব বেছি সময় নালাগে। ভাল কাম কৰিলে ভাল ফল পোৱা যায় আনহাতে বেয়া কাম কৰিলে তাৰ ফল ভাল আশা কৰিব নোৱাৰি। আমি যদি প্ৰকৃত টকা-পইচা,সা-সম্পত্তি এনেকৈ ভাবি ল'ব পাৰোঁ যে নিজৰ সন্তান জনক সৎ ৰূপত প্ৰতিষ্ঠিত কৰিব পৰাটো কিয়নো টকা-পইচা বা সা-সম্পতি মানুহৰ জীৱনত নানা ধৰণেৰে অৰ্জন কৰিব পাৰি কিন্তু প্ৰকৃত মানুহ এজন গঢ়ি তুলিবলৈ হ'লে বহু কষ্ট বা সময়ৰ অপেক্ষা কৰিবলগীয়া হয়। গতিকে আমি টকা-পইচা, সা-সম্পত্তিৰ পিছত অধিক নদৌৰি প্ৰথমে নিজৰ সন্তানজনক প্ৰকৃত মানুহ ৰূপত প্ৰতিষ্ঠিত কৰা দিশত অধিক মনোযোগ প্ৰদান কৰা উচিত। কিয়নো অভিভাৱক সকলে যিমানেই টকা-পইচা বা সা-সম্পত্তি উপাৰ্জন নকৰক কিয় যদি নিজৰ সন্তানজন বিপথে পৰিচালিত হৈ সকলো কামতে অবাধ্য হয় তেতিয়া ভৱিষ্যত তেনে আচৰণৰ সন্তানৰ পৰা বৃদ্ধা মাক-দেউতাকে কিবা আশা কৰিব পাৰিবনে বুলি মনলৈ প্ৰশ্নৰ উদয় হোৱা স্বাভাৱিক!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)