বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু সামাজিক বিপৰ্যয় (১ম খণ্ড)

✍🏻হাফিজ বায়েজীদ বোস্তামী
      
আমাৰ দেশত এতিয়াও বৃদ্ধাশ্রমৰ প্রয়োজন যথেষ্ট বৃদ্ধি পোৱা নাই যদিও অচিৰেই যে ন'হব  তাৰো কোনো গেৰাণ্টি নাই। কথা হ'ল, বৃদ্ধাশ্ৰম কি আৰু কিয় ? কাৰবাবে এই বৃদ্ধাশ্রম ? বলাবাহুল্য, ই এটি বৃদ্ধা-বৃদ্ধৰ কাৰণে। বাৰানসী-বৃন্দাৱন প্রভৃতি তীর্থস্থান সমূহত বৃদ্ধা সকল বিশেষকৈ বিধৱা সকলৰ যি দুঃসহ জীৱন-যন্ত্রণা সহ্য কৰিবলগীয়া হয়। আমাৰ মাতৃভূমি অসমখনত তেনে কোনো বৃদ্ধাশ্ৰমৰ প্ৰভাৱ নাই বুলিবই পাৰি। থাকিলেও কিন্তু চকুৰ অন্তৰালত প্রকাশ্য বাবে আমাৰ  দৃষ্টিগোচৰ নহয়। আমি যদি সূক্ষ্মভাৱে চিন্তা কৰো তেতিয়া নিশ্চয় দেখিবলৈ পাম , আমি যিসকলে বৃদ্ধৰ পর্যায়ভুক্ত হৈছো অথবা হ'বলৈ ধৰিছো, তেওঁলোকে কিন্তু আংশিক ভাৱে এই অৱস্থাৰ একমাত্ৰ দায়ী লগতে স্বল্পসংখ্যক দায়ী বৰ্তমানৰ সমাজ ব্যৱস্থা ও অৱশিষ্ট পৰিৱেশ তথা পৰিস্থিতিজনিত কাৰণ। আমাৰ পৰা যৌথ সমাজ ব্যৱস্থা ভাঙি পৰাটো কেইবা দশক পাৰ  হ'ল। আমাৰ পৰা কেতিয়াবাই বিদায় ল'লে মূল্যবোধ বোলা বস্তুটোৱে। মানৱিক সূক্ষ্ম অনুভূতিবোৰ অনেক পূৰ্বেই হেৰাই গ'ল আমাৰ  দৈনন্দিন জীৱনৰ পৰা। বিশ্বায়নৰ সোঁত বহুৱাই আমি বিশ্ব বিজয়ৰ অলীক স্বপ্ন দেখাত সকলোৱে মগ্ন। এইফালে আকৌ,আমাৰ নিজা ঘৰত যিবোৰ মধুৰসোঁত ভাহি ফুৰিছে ই ক্ৰমাম্বয়ে নিৰাশ্রয় হ'ব ধৰিছে। আমাৰ প্ৰত্যকৰে এই বিষয়ত দৃষ্টি দিয়াৰ প্ৰয়োজন নাই যেন অনুভৱ হয় । 
     যৌথ সমাজ ব্যৱস্থাৰ বহুতো ইতিবাচক দিশ  আছে। গোটেই পৰিয়ালটো যদি বয়োজ্যেষ্ঠ ব্যক্তিৰ তত্ত্বাৱধানত থাকে, ভাল-বেয়া আটাইসমূহৰ দায়-দায়িত্ব একমাত্ৰ পৰিয়ালৰ কর্তাৰ হাতত অৰ্পন কৰে, বাকী সদস্যসমূহ তাৰ নির্দেশানুযায়ী চলে, পৰিয়ালৰ প্রত্যেকটি সদস্যই নির্দিষ্ট নিয়ম-নীতি বা শৃঙ্খলা ভাৱ বজায় ৰাখে ,থাকিব তেতিয়া আচাৰ-আচৰণ, ব্যৱহাৰৰ বিধি, মান্য-মান্যতাৰ দিশত এক নির্দিষ্ট সীমাৰেখা।পৰিয়ালৰ প্ৰতিজন সদস্য সকলৰ মাজত সকলোৰে আয় ব্যয়ৰ পৰিমাণ সমপৰ্যায় নাথাকিলেও বিচক্ষণ বয়োজ্যেষ্ঠ কর্তাৰ সংসাৰত তেনে কোনো সমস্যাৰ সৃষ্টি নহয়। সাংসাৰিক সুখ-শান্তিৰো বিশেষ কোনো বিঘ্নিত নঘটে। কিন্তু পৰিৱেশ-পৰিস্থিতি অনুযায়ী এইবোৰৰ পৰিৱৰ্তন হয় । মানুহৰ মানসিকতাও তাৰ ব্যতিক্রম নহয়। সাধাৰণতে এটি পৰিয়ালে যেতিয়া শান্তি বজায় ৰখাত উন্মুক্ত হয় তেতিয়া পৰিয়ালৰ আটাইবোৰ সদস্যৰ মানসিকতা একেই থাকে। যেতিয়া শান্তি-শৃঙ্খলা বিঘ্নিত হয় তেতিয়াই এটা পৰিয়ালে আন এটি পৰিয়ালৰ সদস্যৰ সৈতে যোগ দিয়ে । দুয়োটা ভিন্ন পৰিয়ালৰ মানসিকতা এক নহ'বও পাৰে। নোহোৱাটো অস্বাভাৱিক নহয়। বৃহত্তৰ স্বার্থৰ খাতিৰত ক্ষুদ্রতৰ স্বার্থক কেতিয়াবা বলি দিবলগীয়া হয়। কিবা অৰ্জন কৰিবলৈ হ'লে কিবা হেৰোৱাব লাগিব। আনক কিবা এটা দান দিয়াৰ মাজত অত্যন্ত অনাবিল তৃপ্তি থাকে আৰু লগতে থাকে এটা স্বর্গীয় অনুভূতি। যিজনে কোনো দিন কাকো কোনো বস্তু উৎচৰ্গা কৰি পোৱা নাই, সেইজন ব্যক্তিয়ে স্বর্গীয় সুখৰ যি মর্যাদা তাক বুজিব কেনেকৈ? বুজিবলৈ গ'লে যিবোৰ অনুভূতিৰ প্রয়োজন সেই সূক্ষ্মানুভূতিসমূহ আকৌ ক'ত হেৰাল ?

      (আগলৈ)

Post a Comment

Previous Post Next Post