বিদ্যা-জগন্নাথ দেৱ গোস্বামী

Rinku Rajowar
0
✍🏻জগন্নাথ দেৱ গোস্বামী ।
বাসুদেৱ আধ্যাত্মিক সেৱা সমিতি ।


নীতিকাৰ ভৰ্তৃহৰিয়ে উল্লেখ কৰিছে-
_বিদ্যানাম নৰস্য ৰূপমধিকম্ প্ৰসন্ন গুপ্তধনম্ ।_
_বিদ্যাভোগকৰি যশঃ সুখকাৰি বিদ্যা গুৰুনাম্ গুৰু ।।_
_বিদ্যা বন্ধুজনো বিদেশগমনে বিদ্যা পৰা দৈৱতা ।_
_বিদ্যা ৰাজসু পূজিতা ন তু ধনম্ বিদ্যা বিহীন পশুঃ ।।_
      হাজাৰ বছৰৰ আগৰ ভৰ্তৃহৰিয়ে বিদ্যাৰ যি জয়গান কৰিছে সেইয়া সর্বদা সত্য । এই জ্ঞান সাগৰত প্ৰত্যেকেই অৱগাহন কৰাটো নিতান্তই সমীচীন । অন্যহাতে বিদ্যাবিহীন পশু যাৰ অবিহনে মানৱ পশুত্ব প্ৰাপ্ত হয় । বিদ্যাই মানুহৰ ইন্দ্ৰিয়সমূহক সংযম কৰি সদাচাৰী হৈ পৰম পুৰুষত মনোনিৱেশ কৰাত সহায় কৰে । যাৰ যোগেদি মন, হস্ত সংযতৰ যোগেদি তপস্যা, যজ্ঞ নকৰিলেও সকলো সৎকৰ্মৰ ফল প্ৰাপ্ত হয় - কিন্তু সেই বিদ্যা কি ? যি বিদ্যাৰ ক্ষেত্ৰত গীতাৰ চতুৰ্থ অধ্যায়ৰ ৩৮ নং শ্লোকত প্ৰকাশ কৰিছে - 
    _"ন হি জ্ঞানেন সদৃশং পবিত্ৰমিহবিদ্যতে ।।"_
       এই জগতত জ্ঞানৰ দৰে পবিত্ৰ একো নাই । যাৰ সংযোগে মানৱৰ অন্তৰত থকা আসুৰীক গুণ সমূহ দূৰীভূত কৰি দেৱগুণ (দয়া, ক্ষমা, পৰোপকাৰ, নিৰহঙ্কাৰ আদি) উদ্ভাসিত কৰি তোলে । সেই জ্ঞানৰ বিষয়ত শাস্ত্ৰস্তৰত স্পন্দিত হৈছে - 
   _"বাসুদেৱঃ সৰ্ব্বমিত্যেবং সৰ্বাত্মত্ব দৰ্শনং জ্ঞানং তৎ দেৱ জ্ঞান যজ্ঞঃ ।।"_
      বাসুদেৱ অৰ্থাৎ ভগৱদ্ সত্বা সৰ্বত্ততে ব্যাপ্ত হৈ আছে । সেই বিদ্যাক জানি নিজৰ লগতে অন্যৰ হৃদয়তো বাসুদেৱ দৰ্শন কৰাকে মূল জ্ঞানৰূপে অভিহিত কৰিছে । এয়াই হ'ল আধ্যাত্মবিদ্যা বা আত্মজ্ঞান । যাৰ মাধ্যমে দি মানৱে আসুৰিকতা পৰিত্যাগ কৰি মানৱতাৰ জয়গানেৰে সমাজক আলোকিত কৰিব পাৰে । কিন্তু, আজিৰ সমাজ কোনদিশে গমন কৰিছে ভাবিলেই ভয়লগা । যি পৰিৱেশ আজিৰ সমাজত সঘনাই হ'ব ধৰিছে এইয়া অতি পৰিতাপৰ বিষয় । এতিয়াও যদি আমি সজাগ নহওঁ তেন্তে কালে আমাক ক্ষমা নকৰিব । বিষ্ণুপুৰাণে প্ৰকাশ কৰিছে যে চৌৰাশি লক্ষ্য জন্মগ্ৰহণ কৰাৰ পাছত মানৱ জন্ম লাভ কৰে -
       _"ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মানি সাধয়েৎ ।।"_ 
     যি মানৱ জীৱন পাবলৈ স্বৰ্গৰ দেৱতাও আগ্ৰহাম্বিত তেনে মানৱ জন্ম গ্ৰহণ কৰি যদি নিজে আধ্যাত্মিক জ্ঞানক আঁকোৱালি নলওঁ তেন্তে মানৱ জন্মৰ সাৰ্থকতা নহ'ব । গতিকে পঢ়াশালীয়া শিক্ষাৰ লগত নতুন প্ৰজন্মক আধ্যাত্মিক জ্ঞানক সমান্তৰালভাৱে আগবঢ়াই নিয়াত প্ৰতিজন পিতৃ-মাতৃয়ে মনোনিৱেশ কৰক যাৰ প্ৰভাৱত সন্তান সমূহ শিক্ষিতৰ উপৰিও জ্ঞানী হৈ পৰিব । তাৰ ফলত হৃদয় নিবাসত দেৱগুণৰ বিস্তাৰ ঘটি সেৱাৰ মনোভাব গঢ়ি উঠিব, পৰোপকাৰ কৰিবলৈ মন মেলিব, হিংসাক প্ৰশয় নিদিব - _"আত্মৱত্ সৰ্বভূতেষু"_ দৰ্শন ঘটিব । শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত উল্লেখ কৰিছে - 
_"বিষ্ণুময় দেখে যিটো সমস্ত জগত ।_
_জীৱন্তে মুকুট হোৱে অচিৰ কালত ।।"_
        মানৱীয় প্ৰমূল্যবোধ জাগ্ৰত হোৱা এখন সমাজ গঠনৰ স্বাৰ্থত প্ৰত্যেকেই আগবাঢ়ি আহক অন্যথা সৰ্পই আমাৰ শিৰত দংশন কৰিব য'ত বান্ধ দিয়াৰো উপায় নাথাকে ।বৰ্তমান প্ৰজন্মৰ সিংহভাগেই পশ্চিমীয়া সংস্কৃতিক অনুকৰণ কৰিবলৈ গৈ নিজৰ পিতৃ-পুৰুষ সকলে দেখাই যোৱা পথক পাহৰি গৈছে । যান্ত্ৰিক যুগত যন্ত্ৰ মানৱলৈ ৰূপান্তৰ হৈ পৰিলে মানৱতা, শিষ্টাচাৰ, নৈতিকতা ইত্যাদি ক্ৰমাগতভাৱে অৱক্ষয় হৈ পৰিছে । অত্যন্ত দুখজনক পৰিৱেশত আমি জীৱন নিৰ্বাহ কৰিব লগা হৈছে । যিখন ভাৰতবৰ্ষত ভগৱন্তৰ চতুৰ্বিংশতি অৱতাৰ সম্ভৱ হৈছে, গঙ্গা-যমুনা প্ৰবাহিত হৈ আছে, বৃন্দাবন-মথুৰা-শ্ৰীক্ষেত্ৰ আদি তীৰ্থস্থান প্ৰতিষ্ঠিত, তেনে ভাৰতবৰ্ষত সনাতন হিন্দুধৰ্ম গুঞ্জৰিত হৈ আছে, যি দেশৰ শাস্ত্ৰই অন্য দেশৰ বিশ্ববিদ্যালয়ত স্থান পাইছে অন্যহাতে আমাৰ দেশৰ বহুসংখ্যকেই শাস্ত্ৰীয় নীতি-নিৰ্দেশনাক আওকাণ কৰাৰ ফলতেই সংঘবদ্ধ সমাজ প্ৰণালীত ব্যাঘাত জন্মিছে । বৰ্তমান সময়ত আমি প্ৰত্যেকেই পুনৰ সনাতন ধৰ্ম পৰম্পৰাত দৃষ্টি দিয়াৰ সময় সমাগত । আমি প্ৰত্যেকেই তপস্যা কৰাৰ (ঋষি, মুনি সকলে) কথা শুনিছোঁ । সেই তপস্যা গছৰ তলত, অৰণ্যৰ মাজত পানীত নামি কৰিছিল । কিন্তু গীতা শাস্ত্ৰই অতি সহজ তিনি তপস্যাৰ কথা মানৱ সমাজলৈ আগবঢ়াই থৈ গৈছে - 
_"देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।_
_ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥"_
```(Bhagavad Gita 17.14)```
         অৰ্থাৎ, দেৱতা, ব্ৰাহ্মণ, গুৰু, মাতা, পিতা, আচাৰ্য, বৃদ্ধ আৰু জ্ঞানী জনক পূজন তথা পবিত্ৰতা, সৰলতা, ব্ৰহ্মচৰ্য‍্য আৰু অহিংসা এই বিলাকক শাৰীৰিক তপস্যা বুলি কোৱা হয় । 
_"अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।_
_स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥"_
```(Bhagavad Gita 17.15)```
        উদ্বেগ উৎপন্ন নকৰা, প্রিয় আৰু হিতকাৰক  আৰু যথাৰ্থ ভাষণ তথা শাস্ত্ৰ পঠন  আৰু পৰমেশ্বৰৰ নাম জপ অভ্যাস এই সমূহক বাণী সম্বন্ধি তপস্যা বুলি কোৱা হয় । 
_"मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।_
_भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ।।"_
```(Bhagavad Gita 17.16)```
          মনৰ প্ৰসন্নতা, শান্তভাৱ, ভাগৱৎ চিন্তনৰ স্বভাৱ, আত্মসংযম আৰু অন্তঃকৰণৰ যথাযথ পৱিত্ৰতা এই সমূহক মন সম্বন্ধি তপস্যা বুলি কোৱা হয় ।
             অন্যহাতে দেৱদামোদৰদেৱে ও ঘোষাৰ ছন্দেৰে অত্যন্ত সাৰুৱা মন্তব্য মানৱ সমাজলৈ আগবঢ়াইছে - 

_নেৰিবা শাস্ত্ৰৰ নীতি     হৈবা ক্ষমাশীল অতি_
          _সমস্ত প্ৰাণীক কৰা দয়া ।_
_সত্য শৌচ ধৰ্ম ধৰি      মনত জঁপিবা হৰি_
            _তেবে নাবান্ধিৱা বিষ্ণুমায়া ।।_
_দাম্ভীকৰ দম্ভ শুনি    দুষ্টৰ কঠোৰ বাণী_
         _তাহাক ক্ষমিবা শতবাৰ ।_
_সুখ দুখ সম কৰি     শোক ৰঙ্গ পৰিহৰি_
         _আত্মাৰাম হৈবাহা সতত ।।_
     এনে উচ্চমাৰ্গীয় আধ্যাত্মদৰ্শনৰ সংযোগে পুনৰ সমাজখনক নৱ ৰূপত মহীয়ান কৰি তোলক । আধ্যাত্মবিদ্যাই সবাৰে হৃদয়কুঞ্জ জীপাল কৰাৰ কামনাৰে -
      *হৰি ওঁ তৎসৎ ।*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)