কেনি গ'ল আঘোণ! ককাৰ ব্যস্ততাবোৰ ...
লগৰীয়াৰ সৈতে ধাননি পথাৰত
ধানৰ সিহি বিচাৰি পথাৰে- পথাৰে দৌৰি ফুৰা
দীঘল -দীঘল নৰাবোৰ কাটি
ঘৰৰ চালিখন মজবুত কৰা
সেই ল'ৰালি ক'তেনো হেৰাল...
দম হৈ থকা ধানৰ খেৰত
জঁপিয়াই -জঁপিয়াই মৰা নিৰ্মল হাঁহি
যান্ত্রিকতাৰ স্পৰ্শত জঁই পৰি গ'ল ।
বলধহালৰ সৈতে ওখোনিৰো লাগিল থোকা-খুন্দা
পিতাইৰ সোণগুটিৰে ভৰা চোতাল হ'ল উকা -উকা।
✍️সবিতা দাস
মিৰ্জা ,কামৰূপ
**************