এই সময় সেই সময়-নীল প্ৰজাপতি

©Admin
0
নৱবৰ্ষ আজি এদিনৰ 
সময় সলনি হয়, 
সলনি হয় চকৰি জীৱনৰ
সলনি হয় যাত্ৰা পথৰ, 
এই সময় হয় সেই সময়! 

গোৱাল গালি পাৰি টেটুফালি 
সমদলৰ সেনানী হোৱা জনগণ,
ৰাজপথত আজি শিয়ালৰ আস্ফালন, 
ঘৰিয়ালৰ চকুপানীৰ বন্যাত স্বহীদ স্মৃতি, 
বগাহাতীৰ পিঠিত জনতাৰ চিঞৰ, 
ৰাজনীতিৰ মেৰপেচত মহামাৰীৰ ভীতি, 
সকলোচোন মচগুল আপোন প্ৰীতিত! 
বজাৰত আজি নগ্নতাৰ জোৱাৰ
ক'লা আখৰৰ প্ৰতিবাদ আজি দেখোন অসাৰ! 

জোনাক বিচৰাজন  আজি 
নিয়ন লাইটৰ  প্ৰেমিক, 
কবিতাটো হালধীয়া ৰং বোলাই
মাৰাথন হয় বটা-বাহনৰ! 

আশাৰ শলিতাগছি জ্বলাই ৰাখিবা
এই তুঁহজুই নোমাব নিদিবা
তেহে জিনিবা  যুঁজ জীৱনৰ, 
যুঁজ এয়া সময়ৰ, 
সময়ে চিন ৰাখি যায় নিজৰ! 
এই সময় হয় সেই সময়।




✍️নীল প্ৰজাপতি 
জাগীৰোড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)