নতুন দিগন্ত
নতুনত্বৰ আশাৰ ৰেঙণি
সংগোপনে কৰিছোঁ আৰাধনা
জীৱন যাপন কৰিবলৈ,
প্ৰস্তুত নৱবৰ্ষৰ প্ৰাগক্ষণত
আন্তৰিক মৰম আকুলতাৰ
সুখ-দুখৰ লগৰী;
ভালপোৱাৰ সমভাগী
বাহ্যিক জীৱনৰ গতিবিধি।
নৱ বৰ্ষক সুঁৱৰী
সেই দিন, সেই সময়
প্ৰভাতী সূৰুজে ৰিঙিয়াই মাতিছে,
মাথোঁন বছৰ বাগৰিল
প্ৰকৃতিৰ অফুৰন্ত ছায়াত
মুগ্ধ আমি জীৱশ্ৰেষ্ঠ প্ৰাণী।
আধুনিকতাৰ পৰশত জাহ যোৱা
সময়ত নিজক জলাঞ্জলি দিয়া ছিদ্ৰ ধূলিকণাটি,
ক্ৰমশঃ
নৱ বৰ্ষৰ প্ৰাগমুহুৰ্তত সকলো'লৈ জনালোঁ আন্তৰিক সহানুভূতি।