পূৰ্বপুৰুষ ,উত্তৰ পুৰুষ আৰু নৱবৰ্ষৰ সংকল্প--চুমিন্দ্ৰ চৌধুৰী

Aditi Tanti
0
২০২১ বৰ্ষটো আমি সকলোৱেই এটা ৰথৰ চকাৰ গতিৰে পাৰ কৰি অৱশেষত অন্তিম ক্ষনত উপস্থিত হৈছোঁহি। আৰু কেইটামান দিন আৰু ঘন্টাৰ পাছত আমি ২০২২ চনৰ আমাৰ দিনলিপি লিখিবলৈ আৰম্ভ কৰিম । বিগত বছৰ দুটাত ভয়াবহ কৰোণা মহামাৰীৰ বাবে আমি বহুতো চিনাকী অচিনাকী লোকক হেৰুৱালোঁ । বহুতো শিশু অনাথ হৈ পৰিল । বহুতো বৃদ্ধ পিতৃ মাতৃ নিজৰ সন্তানৰ মৃত্যুত নিঠৰুৱা হৈ পৰিল। কৰোণাৰ তাণ্ডবতাই দেশ তথা ৰাজ্যখনৰো বহু প্ৰথিতযশা চিকিৎসক, স্বাস্থ্যকৰ্মী, লেখক, সাংবাদিক, সমাজ সেৱক, ৰাজনৈতিকবিদ, অভিনয় তাৰকাৰ লগতে , সুৰক্ষাকৰ্মীক অকালতে কাঢ়ি লৈ গ'ল ।
বিগত দুই বছৰ ধৰি কেউদিশে মাথো অনিশ্চয়তা, হতাশা আৰু আতংকৰে পৰিবেষ্টিত এক নেতিবাচক পৰিবেশ । কিন্ত এই হতাশাগ্ৰস্ত পৰিবেশৰ মাজতো ক্রীড়া, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, কৃষি, সাহিত্য, কলা আৰু সংস্কৃতিৰ দিশত দেশখনৰ লগতে ৰাজ্যখনলৈ সফলতা কঢ়িয়াই অনা কিছুমান শেহতীয়া খবৰে জনগনক বাৰুকৈয়েই আনন্দিত আৰু উৎসাহিত কৰি তুলিছে। এই জটিল সময়চোৱাত শংকা আৰু সমস্যাৰে জৰ্জ্জৰিত হৈ পৰা জনসাধাৰণৰ মাজত ঠন ধৰি উঠা নেতিবাচক চিন্তাবোৰ নিৰ্মূল কৰিবলৈ বিভিন্ন জন চিকিৎসক, লেখক, সাংবাদিক, গায়ক আৰু সমাজকৰ্মীয়ে একক প্ৰচেষ্টাৰে আগবাঢ়ি অহাও পৰিলক্ষিত হৈছে । এইটো সচাঁই সমাজ তথা ৰাষ্ট্ৰৰ বাবে এটা শুভ ইংগিত। তথাপিও আমাৰ সমাজখনৰ বৌদ্ধিক আৰু শিক্ষা দীক্ষাই আগবঢ়া লোক সকলৰ বহুতো কৰণীয় কাম আছে । আমাৰ দেশখন এমুঠিমান সুবিধাবাদী আৰু স্বাৰ্থান্বেষী ৰাজনৈতিক নেতাৰ দেশ নহয়। এইখন দেশ বিভিন্ন জাতি,বৰ্ণ ভাষা নিৰ্বিশেষে বসবাস কৰা সকলো গোষ্ঠী আৰু জনগোষ্ঠীৰ পূৰ্বপুৰুষ, বৰ্তমান আৰু উত্তৰ পুৰুষৰ দেশ । পূৰ্বপুৰুষৰ দূৰদৰ্শিতা আৰু বৰ্তমান পুৰুষ ( আজিৰ প্ৰবীণ সকল)ৰ বৌদ্ধিক চিন্তাধাৰাই উত্তৰ পুৰুষ( নৱ প্ৰজন্ম) ৰ ভবিষ্যত নিৰ্ধাৰণ কৰে । সেই বাবে
পূৰ্বপুৰুষৰ গৌৰৱময় ইতিহাস আৰু সুকীৰ্তিৰে বৰ্তমানৰ প্ৰবীণ সমাজে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰি উচিত পথেৰে বিকাশ আৰু উন্নতিৰ দিশত আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰা উচিত।  
     এবাৰ তথাগত বুদ্ধ এখন ভিতৰুৱা গাঁৱত গৈ উপস্থিত হোৱাত গাঁওখনৰ মানুহে তেওঁক বেঢ়ি ধৰি ঈশ্বৰ দেখিবলৈ কেনেকুৱা বুলি প্ৰশ্ন কৰিছিল। তেতিয়া প্ৰভূ তথাগতে তেওঁৰ শিষ্যসকলক চাৰিজন অন্ধ মানুহ আৰু এটা হাতী বিচাৰি আনিবলৈ ক'লে । 
অৱশেষত চাৰিজন অন্ধ আৰু এটা হাতী শিষ্য সকলে আনি মহাপ্ৰভু শাক্যমুনিৰ সন্মুখত হাজিৰ কৰাইছিল। প্ৰভূ তথাগতে চাৰিওজন অন্ধক হাতীটো চুই চাবলৈ ক'লে । প্ৰভূৰ আদেশ শুনি এজন অন্ধই হাতীটোৰ এখন ভৰিত দ্বিতীয়জনে কানত, তৃতীয়জন পেটত আৰু চতুৰ্থজনে নেজডালত সাৱটি ধৰিছিল। তাৰপাছত হাতী দেখিবলৈ কেনেকুৱা বুলি মহাপ্ৰভু তথাগতে প্ৰশ্ন কৰাত প্ৰথম জনে হাতী দেখিবলৈ এটা গম্বুজ, দ্বিতীয়জনে এখন দেৱাল, তৃতীয়জনে এখন ডাঠ কাপোৰ আৰু চতুৰ্থজনে এডাল শকত জৰিৰ লেখীয়া বুলি দৃঢ়তাৰে উত্তৰ দিছিল । তেতিয়া মহাপ্ৰভুই গাঁওবাসীক কৈছিল আমি সকলোৱেই একো একোজন অন্ধ মানুহ । আমি নিজৰ চকুৰে দেখা , কানেৰ শুনা আৰু স্পৰ্শৰে বুজা সকলো কথাই শুদ্ধ নহ'বও পাৰে । আমাৰ পূৰ্বপুৰুষে এৰিথৈ যোৱা ধন,জ্ঞান, বিদ্যা বুদ্ধিৰ উপযুক্ত অনুধাৱন আৰু ব্যৱহাৰ হোৱাৰ অতি প্ৰয়োজন । অন্যথাই তেওঁলোকৰ ত্যাগ অথলে যোৱাটো খাটাঙ । এই ক্ষেত্ৰত বৰ্তমান পুৰুষ সকলৰ অত্যাধিক দায়িত্ব আছে। তেওঁলোকে পূৰ্বপুৰুষৰ জ্ঞান, বিদ্যা-বুদ্ধি খুটিনাটি মাৰি বুজি উত্তৰ পুৰুষলৈ কঢ়িয়াই নিয়াৰ অতি প্ৰয়োজন। আস্থা আৰু ভাৰসাৰ প্ৰভাৱত প্ৰত্যেকজন মানুহে নিজৰ নিজৰ অন্তৰত একো একোজন ভগৱানৰ অবয়ব তৈয়াৰ কৰি লয়। শ্ৰদ্ধা আৰু আস্থাৰ বলত ভগৱানে সেই ৰূপতে ভক্তক দৰ্শন দিয়ে ।
  আমাৰ সমাজৰ প্ৰবীণ সকল নবীন সকলৰ বাবে এক আদৰ্শ তথা প্ৰেৰণা, সাহস ,আস্থা আৰু ভাৰসাৰ কেন্দ্ৰবিন্দু হৈ পৰিব লাগে । এটা সুন্দৰ ভবিষ্যত জীৱন আৰু এখন সুস্থিৰ আৰু প্ৰগতিশীল সমাজৰ বাবে এজন উত্তৰ পুৰুষৰো সমানে দায়িত্ব আছে। বৌদ্ধ ধৰ্মৰ জেন সাধুকথাৰ প্ৰচাৰক হাকুইন একাকুৱে এটা সৰু গল্পৰ জৰিয়তে খুব সুন্দৰভাৱে উত্তৰ পুৰুষৰ দায়বদ্ধতা প্ৰকাশ কৰিছিল ।
    নিপ্পন দেশৰ কুৱাটোৰ এজন খেতিয়ক বুঢ়া হৈ পৰিব ধৰাত মৃত্যুৰ আগতে তেওঁ নিজৰ ডেকা লৰাজনক খেতি খোলাৰ কথা শিকাই বুজাই পাকৈত কৰি তোলাৰ কথা ভাবিছিল। ভবামতেই বুঢ়া খেতিয়কজনে বিচক্ষণতাৰে কম সময়ৰ ভিতৰত নিজৰ লৰাটোক শিকাই বুজাই কৃষিকৰ্মৰ সকলো দায়িত্বভাৰ গটাই দিছিল। তথাপিও নিজৰ উদ্যম দমাই ৰাখিব নোৱাৰি বুঢ়াই পুতেকক খেতি খোলাৰ কামত দৈনিক সহায় কৰি গৈছিল । 
লাহে লাহে খেতিয়কজন আলৰ বুঢ়া হৈ পৰাত খেতিৰ কামত আগভাগ লব নোৱাৰিছিল যদিও নিতৌ পথাৰৰ এচুকত বহি পুতেকৰ কাম বন চাইছিল । বুঢ়াই সদায়েই গৈ পথাৰৰ এচুকত দিনৰ দিনটো এনেয়েই বহি থকা কাৰ্য্যটো দেখি দেখি পুতেক লাহে লাহ বিৰক্ত হৈ পৰিছিল। এদিন বুঢ়াৰ পুতেকে ইয়াৰ কিবা এটা হেস্তনেস্ত কৰিব লাগিব বুলি মনতে ঠিৰাঙ কৰি এটা কফিনত পথাৰলৈ লৈ গৈছিল। লৰাটোৱে কফিনটোৰ ঢাকনিখন খুলি পথাৰৰ একোণত বহি থকা বৃদ্ধ পিতৃক ভিতৰত সোমাবলৈ ইংগিত দিছিল। বুঢ়াই মুখেৰে এটাও শব্দ নকৰি কফিনটোৰ ভিতৰত শুই পৰাত পুতেকে ঢাকনিখন বন্ধ কৰি কফিনটো এটা গাতৰ ওচৰলৈ ৰচীৰে ছোচৰাই লৈ গৈছিল । ঠিক গাতৰ মুখটো পোৱাৰ লগে লগে বুঢ়াৰ পুতেকে কফিনটোৰ ভিতৰৰ পৰা মৰা টোকৰৰ শব্দ শুনি কান উনাই শুনিবলৈ চেষ্টা কৰিছিল। বুঢ়াই ভিতৰৰ পৰা সেহাই সেহাই কৈছিল, বোপাই ঐ মই তোৰ উদ্দেশ্য বুজি পাইছো । ঢাকনিখন খুলি দে মই গাতত নিজেই জপিয়াই দিম । কফিনটোৰ কাঠ খিনি বৰ নিমজ আৰু উপযোগী । এই কাঠ খিনিৰে নাতি ল'ৰাটোৰ বাবে এখন সৰু পালেঙকে বনাই দিব পাৰিবি । 
প্ৰবীণ সকল সমাজৰ বাবে অনুভৱ আৰু অভিজ্ঞতাৰ এখন দাপোন স্বৰূপ। তেওঁলোকৰ অভিজ্ঞতা, বুদ্ধি আৰু জ্ঞানক নবীন সকলে উপেক্ষা কৰা মানেই মূৰ্খালি কৰা হ'ব । জীৱনৰ অন্তিম ক্ষণলৈ যিদৰে এজন মানুহে শিকিব পাৰে ঠিক তেনেদৰে শিকাবও পাৰে। মাথো শিকাব আৰু শিকিবলৈ আগ্ৰহ থাকিব লাগে । এই আগ্ৰহেই হৈছে সমাজৰ হিত তথা কল্যাণ সাধনৰ প্ৰধান সমল । সমাজৰ আজিৰ প্ৰজন্ম ভবিষ্যতৰ পূৰ্বপুৰুষ আৰু আজিৰ নৱ প্ৰজন্ম হ'ব কাইলৈৰ প্ৰবীণ পুৰুষ যাৰ হাতত থাকিব অনাগত উত্তৰ পুৰুষৰ ভবিষ্যত ।     
       গতিকে আহঁকছোন আমি সকলোৱেই নিজৰ দায়িত্ববোধ পালন কৰি আমাৰ উত্তৰপুৰুষ সকলৰ সোণালী ভৱিষ্যত কামনা কৰি নববৰ্ষৰ প্ৰথম দিনটোতে কিছু সংকল্প লওঁ । 

১৷ পৃথিৱীৰ সবাতোতকৈ উত্তম গ্ৰন্থ 'শ্ৰীমদ্ভগৱদগীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছিল, সখা ধন সম্পত্তিতকৈ মানুহৰ ডাঙৰ সম্পদ হ'ল চৰিত্ৰ। চৰিত্ৰৰ অধঃপতনেই হ'ল সকলো সমস্যাৰ কাৰণ । আজি দেশ তথা ৰাজ্যখন চানি ধৰা অপৰাধ অপকৰ্মবোৰৰ গুৰিতেই হ'ল সমাজ আৰু শিক্ষা ব্যৱস্থাত শিষ্টাচাৰ তথা চৰিত্ৰৰ আদিপাঠৰ অভাৱ। ক্ষেত্ৰত সচেতনতাৰে প্ৰবীণ সকলে নবীন সকলক শুধৰাই দিয়াৰ বাবেই স্বকীয় ভূমিকা লোৱাৰ প্ৰয়োজনীয়তা
 আহি পৰিছে । গতিকে আহঁকছোন আমি প্ৰত্যেকেই নিজৰ সন্তানৰ উত্তম শিক্ষা লাভৰ লগতে শিষ্টাচাৰ তথা চৰিত্ৰ গঠনৰ বাবেও প্ৰয়াস কৰো । অন্তঃত মাহত এখন চৰিত্ৰ গঠনৰ বিষয়ে লেখা গ্ৰন্থ নিজৰ লৰা-ছোৱালীক পঢ়িবলৈ উদ্বুদ্ধ কৰো ।

২৷ সনাতন ধৰ্মৰ পবিত্ৰ বেদত উল্লেখ কৰা হৈছে যে পিতা হৈছে সন্তানৰ আদি গুৰু অৰ্থাত সাক্ষাত ভগৱান। পিতৃতুল্য সমাজৰ প্ৰবীণ সকল নবীন সকলৰ বাবে একো একোজন শিক্ষাগুৰু । গতিকে আহঁকছোন আমি আমাৰ প্ৰবীণ সকলক উলাই নকৰি তেওঁলোকৰ দিহা পৰামৰ্শক গুৰুত্ব প্ৰদান কৰোঁ। পিতৃতুল্য প্ৰবীণ সকলেও বিনা দ্বিধাই নবীন সকলৰ ভূল ক্ৰুটিবোৰ আঙুলিয়াই দিবলৈ আগবাঢ়ি আহঁক ।
৩৷ ১৯৩১ চনত শান্তিৰ নোবেল বঁটা বিজয়ী প্ৰথম গৰাকী মহিলা জেন আদামচে কৈছিল, "প্রকৃত শান্তি কেৱল যুদ্ধ নোহোৱাটোকে নুবুজাই, ই আচলতে ন্যায়ৰ অস্তিত্বকহে বুজাই" ।
সাম্প্ৰতিক সময়ত আমাৰ দেশ তথা ৰাজ্যখন বিভিন্ন উচ্ছৃংখলতা আৰু অশান্তিৰে জৰ্জ্জৰিত হৈ পৰিছে। চৌ দিশে মাথোন হত্যা, ধৰ্ষণ, অপহৰণ, লুন্ঠন আৰু দুৰ্নীতিৰ দৌৰাত্ম্য ঘটিছে। এইটো ধুৰূপ যে আইন আৰু আদেশ অবিহনে এখন দেশত ন্যায় কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে । গতিকে আহঁকছোন আমি সকলোৱেই আইন কানুন মানি চলাৰ বাবে দৃঢ় সংকল্প লৈ এখন সুষ্ঠ সবল ৰাষ্ট্ৰ নিৰ্মাণৰ সমভাগী হওঁ।

৪৷ প্ৰকৃতিৰ প্ৰতি সন্মান আৰু সুৰক্ষাৰ বাবে সামাজিক দায়বদ্ধতাৰ কথা পুৰাণ আৰু উপনিষদটো বহু দৃষ্টান্ত পঢ়িবলৈ পোৱা যায় ৷ পুৰাণত উল্লেখ আছে- 
" ছায়ামনস্য কুৰ্ৱন্তি তিষ্ঠন্তি স্ৱমাতপে।
ফলান্য়াপি পৰাৰ্থায় ৱৃক্ষাঃ সৎ্পুৰূষাঃ ইৱ ।।"

অৰ্থাত এডাল গছে নিজে সূৰ্য্যৰ তীব্ৰ ৰ'দ সহ্য কৰি আনক ছাঁ দিয়ে, নিজৰ ফলেৰে ভোকাতুৰৰ পেট ভৰোৱাই ৷ যিদৰে এজন সৎ মানুহেও নিজৰ কষ্টোপাৰ্জিত জ্ঞান, বুদ্ধি আৰু ধন পৰোপকাৰৰ বাবে মঙ্গলৰ কাৰণে উৎসৰ্গা কৰে ৷ গতিকে আহঁকছোন আমি সকলোৱেই আমাৰ ৰাজ্যখনৰ গৌৰৱ অৰণ্যমানৱ যাদৱ পায়েং ডাঙৰীয়াৰ চানেকিৰে উদ্বুদ্ধ হৈ প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে নিজকে দায়বদ্ধ কৰি তোলো আৰু এখন সুন্দৰ পৃথিৱীৰ সূচনা কৰো ৷ অহা বছৰটো অন্তঃত প্ৰত্যেকেই কমেও দহডাল গছ পুলি তুলি তালি ডাঙৰ দীঘল কৰাৰ সংকল্প লওঁ।

৫৷ " যদা যদা হি ধর্মস্য গ্লানিৰ্ভৱতি ভাৰত। অভ্যুত্থানমধর্মস্য তদাত্মানং সৃজাম্যহম্॥ পৰিত্রাণায় সাধুনাং বিনাশয় চ দুষ্কৃতাং। ধর্মসংস্থাপনার্থায় সম্ভৱামি যুগে যুগে॥

মহাভাৰতৰ যুদ্ধখন সনাতন ধৰ্মৰ পূজা পাৰ্বনৰ নিয়ম,উপাসনাৰ পদ্ধতি অথৱা কোনো ধৰ্ম প্ৰচাৰকৰ সুৰক্ষাৰ বাবে কৰা ক্রুচেদ নাছিল । এই যুদ্ধখন সনাতন ধৰ্মক অৱমাননা কৰা এচাম চয়তানৰ বিপক্ষে কৰা যুদ্ধও নাছিল। এইখন আছিল নীতি ( ধাৰ্মিক) আৰু অনীতি ( অধাৰ্মিক) সপক্ষত ঠিয় হোৱা দুটা সনাতন ধৰ্মীয় ফৈদৰ মাজৰ যুদ্ধ । এই যুদ্ধখনত ভগৱান শ্ৰীকৃষ্ণই ধাৰ্মিক সনাতন সকলৰ জৰিয়তেই অধাৰ্মিক সনাতন সকলক বধ কৰি পৃথিৱীক পাপৰ বোজৰ পৰা মুক্ত কৰিছিল । সাম্প্ৰতিক কালত বিভিন্ন ধৰ্মৰ মৌলবাদী সকলে মাত্র ধৰ্মীয় পৰিচয়ৰ আৱৰণ পিন্ধি দেশখনৰ পৰিবেশ বিনষ্ট কৰাৰ বাবে অহৰহ প্ৰয়াস কৰিব ধৰিছে। বাস্তৱতে ধৰ্মীয়কৰণৰ অৰণ্যৰোদন কৰা সেই সকল দৰাচলতে প্ৰকৃত ধাৰ্মিক নে ধৰ্মীয় পৰিচয়ৰ অনুৰাগী, সেইটো অনুধাৱন কৰা সময় আহি পৰিছে । অন্যথাই সহস্ৰ ঋষি মুনিৰ ত্যাগৰ বলত প্ৰষ্ফুটিত হোৱা প্ৰাগৈতিহাসিক সনাতন দৰ্শন, ধৰ্ম্মাৱতাৰ তথাগতৰ সাধনাৰ ফলত সৃষ্টি হোৱা বৌদ্ধ দৰ্শন, ঈশ্বৰৰ সন্তান যীশুৰ চিন্তাৰ আধাৰৰ ফচল খ্ৰীষ্টীয়ান দৰ্শন আৰু খোদাৰ ৰচুল মোহম্মদৰ কষ্টৰ সাধনাৰ ফলত বিকশিত হোৱা ইচলাম দৰ্শনো অথলে যাব। এই সকলোবোৰ দৰ্শনৰেই লক্ষ্য হ'ল বিশ্ব কল্যাণ আৰু শান্তি । সেই বাবে আমি সকলোৱেই প্ৰকৃততেই ধৰ্মীয় পৰিচয়ৰ আৱৰণ ত্যাগ কৰি এই সকলোবোৰ বিশাল দৰ্শনৰ দ্বাৰা উদ্বুদ্ধ হৈ ধাৰ্মিক হৈ পৰাৰ সময় আহি পৰিছে। গতিকে আহঁকছোন অকল ধৰ্মীয় পৰিচয়ৰ মাজতে আৱদ্ধ নাথাকি আমি সকলোৱেই এজন ধাৰ্মিক তথা সৎ নাগৰিক হিচাপে ৰাষ্ট্ৰ হিতৰ বাবে সেৱা কৰি যোৱাৰ সংকল্প লওঁ। 

ধন্যবাদ।  


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)